Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 5 December, 2020 11:16 AM IST
Vermicompost

পুষ্টিমৌল যােগানৰ বাবে ব্যৱহাৰ কৰিব পৰা অন্য এবিধ জৈৱিক সাৰ হ'ল- কেঁচুসাৰ বা ভার্মিকমপষ্ট । বছৰ বছৰ ধৰি মাটিৰ গুণাগুণ নষ্ট নােহােৱাকৈ শস্যত পুষ্টিমৌল যােগানৰ এক উৎকৃষ্ট আৰু ফলপ্রসূ ব্যৱস্থা। নিজৰ চৌহদতে নাইবা মাটিৰ পাত্র, পকী বা প্লাষ্টিকৰ টাব আদিতে অনায়াসে এই সাৰ প্ৰস্তুত কৰি লব পাৰি। সকলাে কেঁচুৱেই কেঁচুসাৰৰ বাবে উপযুক্ত নহয়। কেঁচুসাৰ বাবে উপযুক্ত কেইবিধমান কেঁচুৰ বৈজ্ঞানিক নাম হৈছে যেনে আইচেনিয়া ফাটিডা, এমাইনথেচ ডিকিৰিনজেনচ, লেমপিট মৰিচি, ইউড্রিলাচ ইউজেনি আদি।

কেঁচুসাৰ কেনেকৈ উৎপাদন কৰিব।

১) কেঁচুসাৰ উৎপাদন কৰিবলৈ হলে ওখ, পানী জমা নােহােৱা মাটিত ৪০ ফুট দীঘল, ১০ ফুট বহল আৰু ২.৫ ফুট ওখ আকাৰৰ পকী নাইবা বাঁহেৰে এটা টেঙ্কি তৈয়াৰ কৰি লব লাগে। এনে আকাৰৰ টেংকিৰ পৰা প্রায় ১০০-১৫০ কুইন্টল কেঁচুসাৰ পােৱা যায়। প্রয়ােজনমতে টেংকিৰ আকাৰ সৰু, ডাঙৰ কৰি লব পৰি।

২) টেংকিৰ তলিভাগত ৮-১০ ইঞ্চিৰ সৰু সৰু শিলগুটি বা ভগা ইটাগুটিৰে এটা তৰপ দি লব ৷

৩) ইয়াৰে ওপৰত আপুনি  ১-১.৫ ইঞ্চিৰ এটা মােটা বালিৰ তৰপ দি লব আৰু তাৰ ওপৰত ৮-১০ ইঞ্চি সেমেকা পলসুৱা মাটিৰ সাৰ পাতলকৈ ছটিয়াই লব ৷

৪) এতিয়া প্রায় ১৫-২০ কিলােগ্রাম কেঁচু এৰি দিব লাগে। তাৰ ওপৰত গােৱৰৰ ৩.৪ ইঞ্চিৰ এটা তৰপ দিব লাগে। তাৰ ওপৰত ২.৩ ইঞ্চিৰ শুকান ঘাঁহ-বনৰ এটা তৰপ দিব লাগে।

৫) এতিয়া এই তৰপবােৰক সিক্ত কৰি ৰাখিবৰ বাবে পানী চটিয়াই থাকিব লাগে।

৬) ৩০ দিনৰ পিছত পুনৰ আগৰ দৰেই গােবৰ আৰু শুকান ঘাঁহ-বনৰ তৰপ সপ্তাহত দুদিনকৈ জাপিব লাগে। প্রায় ২-৩ মাহৰ ভিতৰত কেঁচুসাৰ তৈয়াৰ হয়।

৭) মাজে-সময়ে তপবােৰ লুটিয়াই বগৰাই দিব লাগে। কেঁচুসাৰ সংগ্ৰহ কৰাৰ ২-৩ দিনৰ আগেয়ে পানী দিয়াটো বন্ধ কৰিব লাগে।

৮) সংগ্রহ কৰা কেঁচুসাৰখিনি ছাঁত শুকুৱাই লৈ চালনীৰ সহায়ত তাঁত থকা কেঁচু, কেঁচুৰ কণী বা অন্য মােটা জৈৱিক পদার্থ আদি আঁতৰাই পেলাব লাগে।

English Summary: How to make shrimp at low cost
Published on: 05 December 2020, 11:16 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now