Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 16 December, 2020 10:50 AM IST
Bio Fertilizer

    ‘‘জীৱাণুসাৰ’’ হ’ল মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা কিছুমান অণুজীৱ আৰু এইবোৰ বহন কৰা বাহক পদাৰ্থৰ এক মিশ্ৰণ। ইতিমধ্যে বিজ্ঞানীসকলে সাৰ যোগান ধৰিব পৰা কিছুমান অণুজীৱ চিনাক্ত কৰিছে আৰু বাহক পদাৰ্থৰ সংমিশ্ৰণৰে জীৱাণুসাৰ প্ৰস্তুত কৰিছে। অৱশ্যে শস্যভেদে জীৱাণুসাৰ বেলেগ বেলেগ । মাটিৰ টুটি অহা উৰ্বৰতা শক্তি বৃদ্ধিৰ বাবে প্ৰয়োজন হোৱা সাৰৰ চাহিদা পূৰাবলৈ এক বিকল্প উৎসৰ আৱশ্যক হৈ পৰিছে। তদুপৰি বৰ্তমান ৰাসায়নিক সাৰৰ মূল্য বৃদ্ধি হোৱাৰ বাবেও জীৱাণুসাৰৰ ব্যৱহাৰ ক্ৰমে বাঢ়িলৈ ধৰিছে। আনহাতে জৈৱিক কৃষিত মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধিৰ বাবে পচন সাৰ, সেউজ সাৰ, কেঁচুসাৰ আদিৰ লগতে জীৱাণুসাৰৰ প্ৰয়োগৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়।

জীৱাণুসাৰ কি? (What is Biofertilizer)

    বতাহত প্ৰায় ৭৭ শতাংশ নাইট্ৰ’জেন আছে । কিন্তু উদ্ভিদে পৰিপুষ্টিৰ বাবে এই ভাগ নাইট্ৰ’জেন পোনপটীয়াকৈ বতাহৰ পৰা আহৰণ কৰিব নোৱাৰে। মাটিত থকা কিছুমান অণুজীৱই বায়ুমণ্ডলৰ পৰা নাইইট্ৰ’জেন আহৰণ কৰি উদ্ভিদক যোগান ধৰে। সেইদৰে আন কিছুমান অণুজীৱই মাটিত অদ্ৰৱীভূত ৰূপত থকা ফছফৰাছক দ্ৰৱীভূত ৰূপলৈ পৰিৱৰ্তন কৰি গছে আহৰণ কৰিব পৰা অৱস্থালৈ আনে। এনেবোৰ অণুজীৱক বাহক পদাৰ্থৰ লগত মিহলাই জীৱাণুসাৰ প্ৰস্তুত কৰা হয়। বাহক পদাৰ্থ হিচপে কয়লা গুৰি, ছাঁই, কাঠৰ গুৰি, শুকান মাটি,বালি আদি ব্যৱহাৰ কৰা হয়।

জীৱাণুসাৰ প্রয়োজনীয়তা -(Importance of Biofertilizer)

1.ৰাসায়নিক সাৰৰ নাটনি পূৰাবলৈ

2.ৰাসায়নিক সাৰৰ অত্যাধিক প্ৰয়োগৰ বাবে মাটিৰ গুণাগুণ নষ্ট হোৱা ৰোধ কৰিবলৈ

3.নাইট্ৰ’জেনযুক্ত সাৰৰ অত্যাধিক প্ৰয়োগৰ বাবে দূষিত হৈ পৰা বায়ু আৰু পানী বিপদমুক্ত কৰিবলৈ

4.ক্ৰমবৰ্ধমান মূল্যৰ বাবে সুষম পৰিমাণত সাৰ প্ৰয়োগ কৰিবলৈ অপাৰগ হোৱা ক্ষুদ্ৰ আৰু মজলীয়া কৃষকক সকাহ দিবলৈ

5.সাৰ কাৰখানাৰ বাবে হোৱা প্ৰদূষণ হ্ৰাস কৰিবলৈ

জীৱাণুসাৰৰ উপকাৰীতা (Benefit of biofertilizer)

1. শস্য বিশেষে উৎপাদন ২০-৩০% বৃদ্ধি পায়
2. প্ৰয়োজন হোৱা নাইট্ৰ’জেন আৰু ফছফৰাছযুক্ত সাৰৰ ২৫% যোগান ধৰিব পাৰে
3. উদ্ভিদৰ শ্ৰীবৃদ্ধিত সহায় কৰে
4. মাটিৰ জৈৱিক প্ৰক্ৰিয়া সক্ৰিয় কৰে
5. মাটিৰ স্বাৱাভিক উৰ্বৰতা অটুত ৰাখে
6. খৰাং পৰিস্থিতি সুৰক্ষা দিয়াৰ লগতে মাটিত থকা কেতবোৰ বীজাণুৰ আক্ৰমণৰ পৰা উদ্ভিদক ৰক্ষষা কৰে ৷

7. পৰিৱেশ তথা জীৱ-জন্তুৰ অনিষ্টসাধন নকৰে

জীৱাণুসাৰৰ প্রকাৰ- (Types of Bio fertilizer)

যোগান ধৰা মৌলৰ ওপৰত ভিত্তি কৰি জীৱাণুসাৰ প্ৰধানকৈ দুটা প্ৰকাৰত ভাগ কৰা হয়-

ক) নাইট্ৰ’জেন সৰবৰাহকাৰীঃ- বিজ্ঞানীসকলে কেতবোৰ অণুজীৱক বাহক পদাৰ্থৰ লগত মিহলাই সাৰ হিচাপে ব্যৱহাৰ কৰি উদ্ভিদক নাইইট্ৰ’জেন মৌল যোগান ধৰিবলৈ সক্ষম হৈছে। এই জীৱাণুকেইবিধ হ’ল- ৰাইজ’বিয়াম, এজ’স্পাইৰিলাম , এচিট’বেক্টাৰ আৰু এজ’ট’বেক্টাৰ। এই কেইবিধক ব্যৱহাৰ কৰি নাইট্ৰ’জেন সৰবৰাহকাৰী জীৱাণুসাৰ প্ৰস্তুত কৰা হয় আৰু অণুজীৱৰ নাম অনুসৰি সাৰকেইবিধক জনা যায়।

খ) ফছফৰাছ দ্ৰৱীভূতকাৰীঃ- ফছফৰাছযুক্ত সাৰ প্ৰয়োগ কৰাৰ পাছত ইয়াৰ অধিকাংশই গছে আহৰণ কৰিব নোৱাৰে। এইভাগ সাৰ অদ্ৰৱীভূত ৰূপত মাটিত আৱদ্ধ হৈ থাকি যায়। কিছুমান অণুজীৱই অদ্ৰৱীভূত ৰূপত থকা এই সাৰভাগক দ্ৰৱীভূত ৰূপলৈ পৰিৱৰ্তন কৰি গছে আহৰণ কৰিব অৱস্থালৈ আনে। এনে অণুজীৱক জৈৱিকসাৰ প্ৰস্তুত কৰিবলৈ ৱ্যৱহাৰ কৰা হয়। অসমত ব্যৱহাৰ হোৱা ফছফৰাছ দ্ৰৱীভূতকাৰী সাৰবিধৰ নাম হ’ল ফছফটিকা।

জীৱাণুসাৰৰ প্ৰয়োগ প্ৰণালী (how to implements)

ক) বীজ শোধনঃ- দুশ গ্ৰাম ৰাইজ’বিয়াম/ এজ’স্পাইৰিলাম / এজ’ট’বেক্টাৰ আৰু ২০০ গ্ৰাম ফছফটিকা ৩০০-৪০০ লিটাৰ পানীত মিহলাই এটা মিশ্ৰণ প্ৰস্তুত কৰি তাৰ লগত ১০ কিলোগ্ৰাম বীজ এনেদৰে মিহলাব লাগে যাতে প্ৰতিটো বীজত এটা ক’লা বৰণৰ প্ৰলেপ পৰে। বীজখিনি ছাঁত শুকুৱাই যিমান পাৰি সোনকালে সিঁচিব লাগে।

খ) কঠীয়া নাইবা পুলি শোধনঃ- শাক-পাচলি যেনে- ফুলকবি, বন্ধাকবি, বিলাহী, জলকীয়া, বেঙেনা আদিৰ পুলি ৰোৱাৰ আগেয়ে শিপাবোৰ জীৱাণুসাৰৰ মিশ্ৰণত ৩০-৪০ মিনিট ডুবাই ল’ব লাগে। তাৰবাবে এক কিলোগ্ৰাম এজ’ট’বেক্টাৰ আৰু এক কিলোগ্ৰাম ফছফটিকা পৰ্যাপ্ত পৰিমাণৰ পানী লগত মিহলাই জীৱাণুসাৰৰ মিশ্ৰণটো প্ৰস্তুত কৰিব লাগে। এইদৰে এক একৰ (৩.৫ বিঘা) মাটিত ৰুবলগীয়া পুলি শোধন কৰিব পৰা যায়।
   ধানৰ কঠীয়া শোধন কৰিবলৈ ডৰাটোৰ এচুকত ত্ৰিভূজৰ আকাৰত এটাত ভেটা দি ল’ব লাগে। ভেটাৰ ভিতৰৰ অতিৰিক্ত পানীভাগ বাহিৰ কৰি ৰৈ যোৱা বোকাখিনিৰ লগত ২ কিলোগ্ৰাম এজ’স্পাইৰিলাম আৰু ২ কিলোগ্ৰাম ফছফটিকা মিহলাই ৰুবলগীয়া কঠীয়াৰ শিপা প্ৰায় দুঘন্টা ডুবাই থব লাগে। এইদৰে এক একৰ (৩.৫ বিঘা ) মাটিত ৰুবলগীয়া কঠীয়া শোধন কৰিব পৰা যায়।

গ) মাটি শোধনঃ- এজ’স্পাইৰিলাম / এজ’ট’বেক্টাৰৰ ৪ কিলোগ্ৰাম আৰু ফছফটিকাৰ ৪ কিলোগ্ৰাম ১০০ কিলোগ্ৰাম পচন সাৰৰ লগত মিহলাই এৰাতি থৈ বীজ সিঁচা নাইবা পুলি ৰোৱাৰ আগেয়ে পথাৰত ছটিয়াই দিব লাগে। আলুৰ ক্ষেত্ৰত ২০-৩০ দিনৰ পাছত গছত মাটি চপোৱাৰ সময়ত জীৱাণুসাৰৰ এই মিশ্ৰণটো প্ৰয়োগ কৰিব লাগে।

English Summary: how to make bio fertilizer in assamese
Published on: 16 December 2020, 10:38 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now