1. এগ্ৰিপেডিয়া

Best Variety of Papaya: অমিতাৰ উন্নত জাতটো নিৰ্বাচন কৰিবলৈ পঢ়ক এই প্ৰবন্ধ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
How Can you selected profitable variety of Papaya!
How Can you selected profitable variety of Papaya!

অমিতাৰ কোনটো জাতৰ খেতি কৰিব! সঁচ নিৰ্বাচন কৰিবলৈ পঢ়ক এই প্ৰবন্ধ

অমিতাৰ কোনবিধ জাত বেচি ভাল হ'ব ক'বলৈ কঠিন, কাৰণ প্ৰতিবিধৰে সুবিধা অসুবিধা আছে।

বর্তমান অসমৰ কৃষকৰ মাজত জনপ্ৰিয় জাতকেইটা ক্ৰমে-

  • টাইৱান ৰে'ড লেডী 786 (Red Lady 786)
  • অষ্ট্ৰেলিয়ান গ্রীন বেৰী (Green Berry)
  • স্বপ্না F1
  • সিন্টা F1

ওপৰৰ গোটেই কেইটা hybrid জাত। জানিব পৰা মতে Sinta F1 আৰু ice berry জাত দুটাৰ বেমাৰৰ বিপক্ষে প্ৰতিৰোধৰ ক্ষমতা আটাইতকৈ বেচি, Sapna জাতটোৰ তাতকৈ অলপ কম, red lady জাতটোৰ আৰু কম। Green berry জাতটো নতুনকৈ উলিয়াইছে ice berry জাত উলিওৱা একেটা অষ্ট্ৰেলিয়াৰ কোম্পানীয়ে। ইয়াৰো প্ৰতিৰোধৰ ক্ষমতা বেছি। ইয়াৰ লগতে ভাল চাই লোকেল অমিতাৰ সচো বাচি ল'ব পাৰে। পিছে লোকেল জাতৰ অমিতা লাগিবলৈ ডেৰ/দুই বছৰমান লাগে। Hybrid জাতৰ অমিতাৰ গুটি সিচাৰ ৩০ / ৪০ দিনৰ পিছত পুলিবোৰ লগাব পৰা হৈ যায়। তিনি / চাৰি মাহ মানৰ পৰা অমিতা লাগে, আৰু আঠ / দহ মাহ মানৰ পৰা বিক্ৰী আৰম্ভ কৰিব পাৰি। Hybrid জাতৰ অমিতা গছত চাপৰতে অর্থাৎ কম ওখতে, অমিতা লাগে। এবিঘা মাটিত ৫০০ ৰ পৰা ৭০০ জোপামান লগাব পাৰি।

লগতে পঢ়ক- 

Amazing Jharu Cultivation: ডিলাইত ২৩ বছৰীয়া যুৱকৰ ফুল ঝাড়ুৰ খেতি

ৰে'ড লেডী বিধৰ লগত মাকৈ খেতিও কৰিব লাগে। মানে আমিতা গছৰ মাজে মাজে মাকৈৰ গছ লগাব লাগে। তেতিয়া ৰেড লেডী অমিতাত হোৱা ringspot নামৰ বেমাৰটো সহজতে নহয়। ৰে'ড লেডী গছৰ পৰা বছৰি দুবাৰ অমিতা পোৱা যায় । প্ৰতিবাৰত এজোপাত ২০/৩০ টা অমিতা লাগে। এটা এটা ডেৰ কেজিৰ পৰা দুই কেজি মানৰ হয়। গ্রীন বেৰী বিধতো এজোপাত ২০|৩০ টা অমিতা লাগে ডেৰ কেজিৰ পৰা দুই কেজি মানৰ। আঠ / দহ মাহৰ পিছৰ পৰা অমিতা প্ৰথমবাৰ বিক্ৰীৰ বাবে উপযোগী হৈ উঠাৰ পিছত আঢ়ৈ বছৰমান অমিতা দিয়েই থাকে। এই বিধত বেমাৰ কামকৈ হয় বুলি কয়। পিছে কিমান সচা গম নাপাওঁ । অসমত দুই তিনিজনে ৰে'ড লেডী আৰু Sapna F1 বিধৰ খেতি কৰি লাভবান হোৱা বুলি গম পাইছো। গ্রীন বেৰী বিধৰ বিষয়ে কৰ্ণাটকৰ এজনৰ পৰা গম পাইছো।

দুয়োবিধৰ গুটি amazon বা আনত অনলাইন পোৱা যায় । ওচৰৰ দোকানত পোৱা যায় নেকি সেইটোও খবৰ কৰি ল'ব। মনত ৰাখিবলগীয়া কথা এটা হৈছে যে প্ৰতিটো গুটিৰ পৰা গজালি নোলায় । আৰু অনলাইনত বেছি discountত বিক্ৰী কৰাবোৰৰ পৰাও বেছি গজালি নোলায়। গতিকে আপোনি যদি এবিঘা মাটিত ৫০০ গছ লগাম বুলি ভাবে তেনেহ'লে কমেও এহেজাৰ মান গুটি সিচিব লাগিব বোধহয়। আৰু এটা কথা থোৰতে কৈ থওঁ। আপুনি যদি এবিঘামান মাটিত অমিতাৰ খেতি কৰিম বুলি ভাবিছে তেনেহ'লে আপোনাক লগা ৫০০/৭০০ পুলিৰ উপৰিও আৰু ২০০|৩০০ টামান পুলি বেচিকৈ কৰিবলৈ চেষ্টা কৰিব। গুটি ক্ৰয় কৰোতে কৃষকজনে গুটিৰ লগতে Tricoderma নামৰ দৰবটোও অনাব। এবিঘাত এক কেজিমান লাগে। Amazon আৰু Flipkart দুয়োঠাইতে পোৱা যায়। তাৰোপৰি, ৰে'ড লেডী যদি অনায়, তেনেহ'লে মাকৈৰ গুটিও আনিব লাগিব!

বি:দ্ৰ : লেখাটো অনুপল ভৰালীৰ লাৰ্ণ ইজিলি নামৰ ব্লগটোৰ পৰা সংগৃহীত

লগতে পঢ়ক- 

চাকৰিৰ প্ৰস্তুতিৰ মাজতে গাহৰি ফাৰ্মেৰে দুজনক সংস্থাপন দিছে অংকুৰ গগৈয়ে

English Summary: How Can you selected profitable variety of Papaya

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.