1. এগ্ৰিপেডিয়া

Wheat farming: অক্টোবৰ নৱেম্বৰেই ঘেঁহু খেতিৰ উপযুক্ত সময়

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Wheat Farming Time & Best Variety of Wheat
Wheat Farming Time & Best Variety of Wheat

আহি আছে ঘেঁহু খেতিৰ বতৰ। যিসকল কৃষকে ঘেঁহু খেতি কৰিম বুলি ভাৱিছে তেওঁলোকে তাৰবাবে প্ৰস্তুতি চলোৱাৰ সময় আহি পৰিছে। কৃষকসকলে খেতি কৰাৰ পূৰ্বে শস্যৰ বীজৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা উচিত। কাৰণ শস্যৰ জাতৰ ওপৰত কৃষকজনৰ সফলতা বহুখিনি নিৰ্ভৰ কৰে। গতিকে এই আলোচনাত অসমৰ জলবায়ুৰ বাবে অনুমোদিত কেইটামান উন্নতজাতৰ ঘেঁহুৰ বিষয়ে আলোচনা কৰিম।

HD 2967: অসমৰ জলবায়ু উপযোগী এটা উচ্চ উৎপাদনক্ষম আৰু বহুলভাৱে কৃষকসকলে কৰা ঘেঁহুৰ জাত। অসমকে ধৰি ভাৰতৰ বিভিন্ন অঞ্চলৰ বাবে উপযোগী। ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু শস্যৰ উচ্চ মানদণ্ডৰ বাবে ই কৃষকৰ মাজত জনাজাত।

লগতে পঢ়ক- 

Best Variety of Papaya: অমিতাৰ উন্নত জাতটো নিৰ্বাচন কৰিবলৈ পঢ়ক এই প্ৰবন্ধ

সুজাতাঃ ভাৰতৰ আন এক জনপ্ৰিয় ঘেঁহুৰ জাত সুজাতা, আৰু ই অসমৰ জলবায়ুৰ বাবেও উপযোগী। ইয়াৰ উৎপাদন ক্ষমতা ভাল আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে জনাজাত।

কাঞ্চনঃ বিভিন্ন জলবায়ুৰ লগত খাপ খোৱাৰ বাবে জনাজাত আৰু ভাৰতৰ বিভিন্ন ঠাইত সফলতাৰে খেতি কৰা হৈছে কাঞ্চনৰ। কৃষকসকলে, এই উ্ন্নতজাতৰ ঘেহঁৰ সঁচবোৰ এমাজন, ফিলিপকাৰ্ট আদি অনলাইন মাধ্যমসমূহৰ পৰা ক্ৰয় কৰিব পাৰিব।

লগতে পঢ়ক- 

ব্যবসায়িকভাৱে মটৰ মাহৰ খেতি কিদৰে কৰিব পাৰি!

English Summary: Wheat Farming Time & Best Variety of Wheat

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.