1. এগ্ৰিপেডিয়া

Mustard with Bee farming : সৰিয়হ খেতিৰ লগত কেনেকৈ কৰিব মৌ-পালন

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Mustard Farming with Bee farming
Mustard Farming with Bee farming

আগন্তুক সৰিয়হ খেতিৰ বতৰ। আমাৰ কৃষকসকলে ইতিমধ্যে সৰিয়হ খেতিৰ বাবে প্ৰস্তুতি চলাইছে। কৃষকবন্ধুসকল, এইবাৰ আপোনালোকে সৰিয়হ খেতি অকণমান নতুনধৰণে কৰিব বিচাৰে নেকি! যদি বিচাৰে লেখাটো পঢ়ক।

শেহতীয়াকৈ দেশৰ লগতে ৰাজ্যৰ বহু প্ৰগতিশীল কৃষকে সৰিয়হ খেতিৰ সৈতে মৌ-পালন কৰিবলৈ আৰম্ভ কৰিছে। কৃষকসকলে তলৰ ছবিত দেখাৰ দৰেই সৰিয়হৰ লগত এনেদৰে মৌ পালন কৰিব পাৰে। এনেদৰে খেতি কৰিলে মৌ পালনো ভাল হয় আনহাতে সৰিয়হ খেতিয়ো ভাল হয়। কাৰণ মৌ-মাখিয়ে সৰিয়হৰ পৰা ৰস সংগ্ৰহ কৰি মৌ ৰস সৃষ্টি কৰিবলৈ সুবিধা হয় আৰু দ্বিতীয়তে মৌ-মাখিয়ে ইজোপা-গছৰ পৰা সিজোপা সৰিয়হ গছত পৰি পৰাগৰেণু সৃষ্টি কৰাত সহায় কৰি শস্যজোপাত ফল লগাত সহায় কৰে। এনেদৰে খেতি কৰিলে সৰিয়হৰ পৰা পইচা উপাৰ্জন কৰাৰ লগতে মৌ-মাখিৰ পৰা ওলোৱা মৌ-জোল বিক্ৰি কৰিও কৃষকজন আৰ্থিকভাৱে লাভৱান হ’ব।

লগতে পঢ়ক- 

সৰিয়হৰ এই ৩ টা উন্নত জাতৰ খেতিৰে ১ হেক্টৰত ২৯ কুইন্টল পৰ্যন্ত উৎপাদন কৰক

তদুপৰি, আমাৰ গ্ৰামাঞ্চলসমূহত শীতকালত গৰুসমূহ মুকলি কৰি দিয়ে। ফলত সৰিয়হ খেতিত গৰুৱে বহুসময়ত আমনি কৰে। যদি ছবিত দেখাৰ কৃষকসকলে মৌ-পালন কৰে তেতিয়া গৰুৱে সৰিয়হ অনিষ্ট কৰিবও নোৱাৰে। বহু সময়ত সৰিয়হ খেতি হাতীয়ে আক্ৰমণ কৰাও দেখা যায়। যদি পথাৰত মৌ-পালন কৰে তেতিয়া হাতীয়েও পথাৰত প্ৰৱেশ কৰিবলৈ ভয় কৰে। পথাৰ দৰাত নিৰাপত্তাৰক্ষী দৰে কাম কৰিব মৌ-মাখিয়ে।

ইফালে, আমাৰ কৃষকসকলে সৰিহয়ৰ লগত মৌ-মাখিয়েই নহয় ৰঙালাও খেতিও কৰিব পাৰে। সৰিয়হ সিঁচোতেই মাজে মাজে অলপ খালি ঠাই এৰি যাব লাগে ৰঙালাও পুলি ৰুৱৰ বাবে। সৰিয়হবোৰ ডাঙৰ হৈ ফুলিবলৈ ধৰাৰ আগতে ৰঙালাওৰ পুলিসমূহ ৰোপন কৰিব লাগে। সৰিয়হ পকি চোপাৱাৰ পাছত খালি হৈ পৰা পথাত ৰঙালাওবোৰ বগাই যাব।

লগতে পঢ়ক- 

ধান কটাৰ পাছতে খালী হৈ পৰা পথাৰবোৰত কি কি খেতি কৰিব পাৰিব কৃষকসকলে

English Summary: Mustard Farming with Bee farming

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.