1. News

Amazing Jharu Cultivation: ডিলাইত ২৩ বছৰীয়া যুৱকৰ ফুল ঝাড়ুৰ খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Amazing Jharu Cultivation in Assam
Amazing Jharu Cultivation in Assam

আমি সকলোৱে ঝাড়ু চিনি ব্যৱহাৰ কৰো। বিশেষকৈ যিসকলৰ পকীঘৰ আছে তেওঁলোকে ঘৰ চাফা কৰিবৰ বাবে ঝাড়ুৰ ব্যৱহাৰ কৰ। সাধাৰণতে এই ঝাড়ুবোৰ পাহাৰ বিভিন্ন প্ৰান্তত নিজে নিজে গজে। সেইবোৰৰ পৰা বেপৰীয়ে সংগ্ৰহ কৰি আনি দোকান বজাৰত বিক্ৰি কৰে। বৰ্তমান বজাৰত এটা ঝাড়ুৰ দাম ৬০ টকাৰ পৰা ৮০ টকাৰ ভিতৰত।

এই ফুলঝাড়ুবোৰ পূৰ্বতে পাহাৰত উপলব্ধ হোৱাৰ দৰে বৰ্তমান পোৱা নাযায়। গতিকে ঝাড়ুৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ খেতি আৰম্ভ কৰিছে কৃষকসকলে। ঝাড়ুৰ খেতি কৰা কৃষকসকলৰ ভিতৰত ডিলাইৰ লংকামূৰ টিমু এজন অন্যতম। যুৱকজনে দেউতাকৰ সৈতে ৩ বিঘা মাটিত কৰিছে ঝাড়ুৰ গছ। কৃষকসকলে বেপাৰীক ৫০-৬০ টকা দৰত ১ কেজি ঝাড়ু বিক্ৰি কৰে। ১ কেজি ঝাড়ুত ৪-৫ টা ফুলঝাড়ু ওলায়।

লগতে পঢ়ক- 

Mustard with Bee farming : সৰিয়হ খেতিৰ লগত কেনেকৈ কৰিব মৌ-পালন

কৃষক লংকামূৰ টিমুৰে জানিবলৈ দিয়া মতে, বৰষুণৰ বতৰত ফুল ঝাড়ুৰ গছবোৰ ৰোপন কৰা হয়। জানুৱাৰী-ফ্ৰেবুৱাৰীত ফুল ঝাড়ুৰ গছবোৰত ফুল লাগিবলৈ ধৰে। ফুলবোৰৰ পৰাই ঝাড়ুৰ বনোৱা হয়।

কৃষকজনে কয়- এবাৰ ৰুলেই এই গছবোৰ বহুবছৰলৈ হৈ যায়। মাজে মাজে চাফা কৰিব লাগিব। পাহাৰত কৰা হয়, ভৈয়ামত বা সমতলত এই খেতি হ’ব নে নহয় এই বিষয়ে নাজানে কৃষক লংকামূৰ টিমুৰে।

লগতে পঢ়ক- 

চাকৰিৰ প্ৰস্তুতিৰ মাজতে গাহৰি ফাৰ্মেৰে দুজনক সংস্থাপন দিছে অংকুৰ গগৈয়ে

English Summary: Amazing Jharu Cultivation in Assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.