 
            দেশত কৃষিৰ ক্ষেত্ৰলৈ নতুন শস্যৰ খেতিয়ে সম্ভাৱনাৰ কঢ়িয়াই অনা পৰিলক্ষিত হৈছে। কম পৰিশ্ৰমেৰে ভাৱিব নোৱৰাকৈ লাভ কৰিবলৈ নতুন জাতৰ ওপৰত অধিক গুৰুত্ব দিছে উদ্যমী কৃষকসকলে। শেহতীয়াকৈ দেশৰ বিজ্ঞানীসকলে উদ্ভাৱন কৰিছে এবিধ নতুন আলু। নাম গোলাপী আলু। গোলাপী আলুৰ খেতিয়ে সাধাৰণ আলু খেতিৰ তুলনাত কৃষকক অধিক লাভান্বিত কৰিব। বিহাৰৰ কৃষকসকলে শেহতীয়াকৈ গোলাপী আলুৰ খেতি কৰি সাধাৰণ আলু খেতিতকৈ দুগুণ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।
গোলাপী আলুৰ প্ৰজাতিটোৰ নাম Yusimap আৰু Bada Aloo 72 ৰখা হৈছে। যিটো বিহাৰৰ লক্ষীচৰাই জিলাৰ হালসী ব্লকত অৱস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত উদ্ভাৱন কৰা হৈছে। বিজ্ঞানীসকলৰ মতে, গোলাপী আলু সাধাৰণ আলুতকৈ অধিক পুষ্টিকৰ। লগতে স্বাভাৱিক আলুতকৈ কাৰ্বহাইড্ৰেট আৰু ষ্টাৰচৰ পৰিমাণ কম, যিটো মানুহৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।
লগতে পঢ়ক-
ক’লা বিলাহী খেতি কৰি লাখ লাখ টকা উপাৰ্জন কৰক
অধিক সংৰক্ষণ ক্ষমতা-
সাধাৰণ আলুৰ তুলনাত গোলাপী আলুৰ শেল্ফ লাইফ বেছি। যাৰ বাবে গোলাপী আলু সহজে কেইবামাহো ৰাখিব পাৰি। সাধাৰণতে আলু পচি যোৱাৰ সমস্যা গ্ৰীষ্মকালত বেছিকৈ আহে যদিও এই প্ৰজাতিৰ আলুত এই সমস্যা নহয়। গতিকে ইয়াক কেইবামাহো সহজে সংৰক্ষণ কৰিব পাৰি।
গোলাপী আলুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি
গোলাপী আলুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি। সেইবাবেই ইয়াত আগতীয়া ব্লাইট, লেট ব্লাইট, আলু পাতৰ ৰোল ডিজিজ আদি ৰোগ নাথাকে। ভাইৰাছমুক্ত হোৱাৰ বাবে ভাইৰাছৰ দ্বাৰা সৃষ্টি হোৱা ৰোগো দেখা নাযায়। বিজ্ঞানীসকলে কয় যে ইয়াৰ ৰং গোলাপী যিটো দেখাত অতি উজ্জ্বল। অতি পুষ্টিকৰ হোৱাৰ উপৰিও ইয়াক আকৰ্ষণীয় দেখা যায়। যাৰ বাবে ই গ্ৰাহকৰ সহজে দৃষ্টি আকৰ্ষণ কৰে। সেইবাবেই বজাৰত সাধাৰণ আলুতকৈ গোলাপী আলুৰ চাহিদা বেছি, যাৰ বাবে কৃষকসকলেও ভাল লাভ পাব।
লগতে পঢ়ক-
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments