অসম ঔষধী উদ্ভিদেৰে পৰিপূৰ্ণ ঠাই। গ্ৰামাঞ্চলত হাত মেলিলেই পোৱা এনে বহু উদ্ভিদৰ ব্যৱসায়িক ভিত্তিটো অসমীয়া কৃষকসকলে প্ৰায়ে আওকাণ কৰি আহিছে। কম কষ্টতে সহজতে হোৱা তেনে এবিধ উদ্ভিদ হ’ল মচন্দৰী। মচন্দৰী পাত অজীৰ্ণ ৰোগৰ বাবে অতিকৈ উপকাৰী। সোৱাদৰ ফালৰপৰাও ই এবিধ অতুলনীয় শাক। মচন্দৰী শাক ভাপত দি পিটিকা কৰি, টেঙা জোল কৰি বা মাছৰ জোল কৰি বা দাইলত দি খাব পাৰি।
ই ৰুচিহীনতা দূৰ কৰে আৰু ভোক লগাত সহায় কৰে। সাধাৰণতে জেকা ঠাইত নিজে নিজে এই শাক হয়। অধিক পৰিমাণত, ব্যৱসায়িক ভিত্তিতো মচন্দৰীৰ খেতি কৰিব পাৰি। মাছৰ দৰে গোন্ধ থকাৰ বাবে মচন্দৰীক ইংৰাজীত fish mint বুলি কোৱা হয়।
মচন্দৰীৰ খেতি কেনেকৈ কৰিব?
মচন্দৰী খেতিৰ বাবে বালিঅহীয়া মাটিৰ পৰা বোকা মাটি আৰু PH ৰ মান ৪.৫-৬.০ উপযোগী। সেমেকা কিন্তু পানী ওলাই যাব পৰা আৰু আংশিকভাৱে ছাঁ পৰা মাটিত মচন্দৰী খেতি ভাল হয়। মচন্দৰী এবিধ উপক্ৰান্তীয় উদ্ভিদ আৰু মধ্যমীয়াভাৱে আৰ্দ্ৰ আৰু গৰম জলবায়ু ইয়াৰ খেতিৰ বাবে অনুকূল। মাটিডৰা মিহিকৈ চহাব লাগে। বীজতলীবোৰ সুবিধাজনকভাৱে দীঘল আৰু বহল কৰি লোৱাৰ লগতে ১৫ ছেন্টিমিটাৰ উচ্চতাৰ কৰি লোৱা উচিত।
ৰোৱাৰ বাবে প্ৰকন্দ বা মূলকাণ্ডৰ টুকুৰা অথবা শিপাযুক্ত কাণ্ড ব্যৱহাৰ কৰা হয়। বতৰ অনুকূল হ’লে কাণ্ডৰ এনে শিপাযুক্ত টুকুৰাবোৰ পোনে পোনে মূল তলী বা পথাৰত ৰুব পৰা যায়। ইয়াৰ পৰিৱৰ্তে নাৰ্চাৰীতো এনে পুলিবোৰ সবল কৰি তুলি ৪-৬ সপ্তাহৰ পাছত পুলিবোৰ উঠাই মূল তলীত ৰুব পৰা যায়।
সমগ্ৰ গ্ৰীষ্মকাল বা বৰষুণৰ কালছোৱাত পুলিবোৰ ৰুব পাৰি। মাৰ্চ মাহ পৰা এপ্ৰিল মাহ পুলি ৰোৱাৰ বাবে উপযুক্ত সময়। এই সময়ত পুলি ৰুলে পৰৱৰ্তী সময়ত অধিক উৎপাদন পোৱা যায়। যিহেতু গছজোপাই আংশিক ছাঁ ভাল পায়, সেয়েহে মচন্দৰীৰ খেতি কৰা পথাৰত ধইনচা, ৰহৰ, মাহ আদিৰ দৰে শস্য মধ্যৱৰ্তী শস্য হিচাপে কৰিলে মচন্দৰী গছজোপাই আংশিক ছাঁ পোৱাৰ লগে লগে মাটিডৰাৰ পৰা পাৰ্শ্বৱৰ্তী উপাৰ্জনো বৃদ্ধি পায়। ৰোৱাৰ লগে লগে প্ৰথমতে এবাৰ পাতলীয়াভাৱে জলসিঞ্চন কৰিব লাগে। ইয়াৰ পাছত মাটি আৰু গছৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে।
শেষৰবাৰ মাটি প্ৰস্তুত কৰাৰ সময়ত মাটিডৰাত যথেষ্ট পৰিমাণে শুকান গোবৰ বা পচনসাৰ বা কেঁচুসাৰ প্ৰয়োগ কৰিব লাগে। প্ৰতি ৩-৪ মাহৰ অন্তৰে-অন্তৰে খেতিডৰাত এবাৰকৈ সাৰ প্ৰয়োগ কৰা উচিত। প্ৰতি হেক্টৰ কৃষিভূমিত নাইট্ৰ’জেন, ফছফৰাছ আৰু পটাছ ১০০:৬০:৬০ কিলোগ্ৰাম অনুপাতত প্ৰয়োগ কৰিলে ভাল উৎপাদন পোৱা যায়। এই অনুমোদিত নাইট্ৰ’জেন সাৰৰ তিনিভাগৰ এভাগ আৰু সমুদায় ফছফৰাছ আৰু পটাছ সাৰখিনি শেষৰবাৰ মাটি চহোৱাৰ সময়ত আৰু বাকী থকা নাইট্ৰ’জেনভাগ দুভাগত ভগাই এমাহৰ মূৰে মূৰে মাটিত প্ৰয়োগ কৰিব লাগে।
মচন্দৰীৰ পাত আৰু কোমল আগবোৰ চিঙা হয়। আৰম্ভণিতে প্ৰতি ১৫ দিনৰ অন্তৰে অন্তৰে মচন্দৰীৰ এনে আগ-পাত চপাব পাৰি। ৰোৱাৰ পৰা ৫-৬ মাহ পাছত অৰ্থাৎ জুলাই মাহৰ পৰা অক্টোৱৰ মাহৰ ভিতৰত গছজোপা পাত আৰু আগ চপোৱাৰ বাবে সম্পূৰ্ণভাৱে উপযোগী হৈ উঠে। প্ৰথম পৰ্য্যায় শেষ হোৱাৰ পাছত মূল পথাৰত মচন্দৰীৰ কিছুমান প্ৰকণ্ড বা কায়াংকুৰ ৰাখি থ’ব লাগে যাতে পৰৱৰ্তী সময়ত ইয়াৰ পৰাই দ্বিতীয় পৰ্য্যায়ৰ মচন্দৰী গছ পাব পৰা যায়।
প্ৰতি হেক্টৰ মাটিৰ পৰা প্ৰতিবছৰে ৬০-৮০ কুইন্টল মচন্দৰীৰ পাত আৰু কোমল আগ চপাব পাৰি। মচন্দৰীত অতি বেছি পৰিমাণে ভিটামিন এ কেৰোটিন আৰু কেলছিয়াম পোৱা যায়। প্ৰতি ১০০ গ্ৰাম মচন্দৰীত ২৮২৬.৬ মাইক্ৰ’গ্ৰাম ভিটামিন এ কেৰোটিন আৰু ২০১০.০ মিলিগ্ৰাম কেলছিয়াম থকাৰ উপৰিও প্ৰ’টিন ২.১ গ্ৰাম, চৰ্বি ০.২ গ্ৰাম, খনিজ পদাৰ্থ ০.৬ গ্ৰাম, আঁহ ১.১ গ্ৰাম, কাৰ্বোহাইড্ৰেট ৬.৩ গ্ৰাম, আইৰণ ৬.৫ মিলিগ্ৰাম আৰু ৮৯.৭ গ্ৰাম জলীয় ভাপ পোৱা যায়। ১০০ গ্ৰাম মচন্দৰীয়ে আমাক যোগোৱা শক্তিৰ পৰিমাণ হ’ল ৩৫.৪ কিলো কেল’ৰি।
তথ্য উৎসঃ বিকাশপিডিয়া
লগতে পঢ়কঃ কেইবিধমান চিনাকি বনৌষধি (Herb)