সম্প্ৰতি ৰাজ্যৰ বহু অঞ্চলত কৃষকৰ বাবে সন্ত্ৰাস হৈ থিয় দিছে বান্দৰৰ সমস্যাই। বান্দৰৰ উপদ্ৰৱ থকা বহু অঞ্চলত কৃষকসকলে ব্যৱসায়ভিত্তিত বাদেই ঘৰতে খাবলৈ জলকীয়া বা ডাংবডি এজোপা ৰুৱও নোৱাৰে কৃষকসকলে। কৃষকসকলৰ এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি আমি এই প্ৰবন্ধত আলোচনা কৰিম বান্দৰে নষ্ট নকৰা আৰু বান্দৰে অনিষ্ট কৰিব নোৱৰা কেতবোৰ শস্যৰ বিষয়ে। ইয়াৰে কিছুমান বান্দৰে নাখায় আৰু আন কিছুমান হৈছে কাঁইটৰ বাবে এই গছসমূহত উঠিব নোৱাৰে বা উঠিবলৈ সাহস নকৰে। যেনে- ড্ৰেগন ফল, অনাৰস, নেমুটেঙা আদি। আনহাতে গোন্ধ থকাৰ বাবে বান্দৰে নোখোৱা কেইবিধমান শস্য ; যেনে- পাচাউলি, পদিনা, আদি। এই শস্যসমূহৰ খেতি কৃষকসকলে বান্দৰৰ উপদ্ৰৱ থকা অঞ্চলসমূহত কৰিব পাৰে। এই খেতিসমূহ যথেষ্ট লাভজনক।
বান্দৰৰ উপদ্ৰৱ থকা অঞ্চলসমূহত কৰিব পৰা কেইবিধমান খেতিৰ সংক্ষিপ্ত বিৱৰণ-
ড্ৰেগন খেতি-
সম্প্ৰতি অসমত জনপ্ৰিয় হৈ উঠা এবিধ নতুন আৰু লাভদায়ক খেতি হ’ল ড্ৰেগন খেতি। ড্ৰেগন হৈছে এবিধ ফল। ড্ৰেগন গছজোপাত কাঁইট থাকে। এক কথাত গোটেই গছজোপাই কাঁইটেৰে ভৰা। গতিকে এই গছসমূহৰ কাষলৈ সাধাৰণতে বান্দৰ নাহেই। ই মূলতঃ আমেৰিকান ফল। যদিও সম্প্ৰতি ভাৰততো এই ফলৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। অসমৰো বিভিন্নপ্ৰান্তত এই খেতি কৰিবলৈ আৰম্ভ কৰিছে আমাৰ কৃষকসকলে। বৰ্তমান এক কেজি ড্ৰেগন ফলৰ দাম ৩০০ পৰা ৪০০ টকাৰ ভিতৰত। ড্ৰেগন ফল ৰোপন কৰা ১২-মাহৰ ১৮ মাহৰ ভিতৰত ফল লাগিবলৈ ধৰে।আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে এবাৰ ৰোৱাৰ পাছত ৪০ বছৰলৈকে ড্ৰেগন জোপাই ফল দি থাকে। অৱশ্যে মাজে সাৰ-পানী যোগাই আহিব লাগিব। এই খেতি কৰি অসমৰ বহুকেইজন কৃষকে ভাল ফল লাভ কৰিবলৈ সক্ষম হৈছে।
লগতে পঢ়ক-
জানুৱাৰী-ফ্ৰেব্ৰুৱাৰীতে কৃষকসকলে আৰম্ভ কৰক নেডাৰলেণ্ডৰ ক’লা জিকাৰ খেতি
কাজিনেমু-
কাজি নেমু অসমৰ সকলো মানুহেই চিনি পায়। কাজিনেমু গছত কাঁইট থাকে আৰু টেঙা। বান্দৰে নাখায় আৰু অনিষ্টও কৰিব নোৱাৰে। বৰ্তমান কাজিনেমু চাহিদাও বেছি। কাজি নেমুৰ চাহিদা এতিয়া কেৱল অসমত নহয় দিল্লীৰ, কৰ্নাটকৰ লগতে আমেৰিকা, ইংলেণ্ড, আৰৱ আদি বিদেশতো বাঢ়িছে। গতিকে অসমৰ বান্দৰৰ উপদ্ৰৱ থকা অঞ্চলৰ কৃষকসকলে এই খেতি কৰি যথেষ্ট লাভান্বিত হব পাৰে।
অনাৰস খেতি-
ড্ৰেগন, কাজিনেমুৰ দৰে অনাৰসৰ গছতো কাঁইট থাকে। গতিকে বান্দৰ থকা অঞ্চলসমূহত কৃষকসকলে অনাৰস খেতি কৰিব পাৰে। সম্প্ৰতি অনাৰসৰ চাহিদা কিমান সকলোৱে জানে। এটা অনাৰসৰ দাম ৩০ পৰা চল্লিছ টকা। আৰু এবাৰ ৰুলে ৭-৮ বছৰলৈ গছজোপাই ফল দি থাকে।
পাচাউলি-
পাচাউলি গছৰ পাতৰ পৰা এবিধ সুগন্ধি তেল নিষ্কাষণ কৰিব পৰা যায়; যিবোৰৰ চাহিদা বর্তমান দেশৰ তথা বিদেশৰ বজাৰত যথেষ্ট বেছি। এইবিধ গছৰ খেতি অতি সহজে পানী জমা নোহোৱা ওখ মাটিত কৰি ঘৰতে ক্ষুদ্র উদ্যোগ ভিত্তিত তেল নিষ্কাষণ কৰিব পাৰি। পাচাউলি গছৰ পাতবোৰ সুগন্ধযুক্ত বাবে গৰু-ছাগলি, বান্দৰ আদিয়ে আক্রমণ নকৰে। তদুপৰি তুলনামূলকভাবে এইবিধ খেতিৰ বেমাৰ-আজাৰ তথা অনিষ্টকাৰী পোক-পৰুৱাৰ যথেষ্ট কম।
পদিনা খেতি-
পাচাউলি গছৰ পাতৰ দৰে পদিনাও সুগন্ধিযুক্ত। গতিকে বান্দৰে এই সুগন্ধৰ বাবে পদিনা গছত আক্ৰমণ নকৰে। বজাৰত তিনি-চাৰিডাল পদিনাৰ দাম পাঁচ টকা। ব্যৱসায়ভিত্তিক কৃষকসকলে পদিনা খেতি কৰি লাভান্বিত হ’ব পাৰে। পদিনা খেতি কৰি মাহেলি ৩০ হাজাৰ টকাকৈ উপাৰ্জন কৰাৰ উদাহৰণ আছে।
উল্লেখ্য যে বান্দৰৰ উপদ্ৰৱ থকা অঞ্চলসমূহ কৃষকসকলে গাহৰি, মাছপালন, এৰীপলু পালনো কৰিব পাৰে। সম্প্ৰতি কৃষিতকৈ এই মাছ, গাহৰি, ছাগলী পালনত অধিক লাভ পাব পাৰে। তদুপৰি বৰ্তমান সময়ত কৃষকসকলে বায়ফ্লক পদ্ধতিৰে কুঁচিয়া, মাছ আদি কম ঠাইতে আৰু কম খৰচতে উপাৰ্জন কৰিব পাৰে। মন কৰিলেই চন। কিন্তু বহু কৃষকে বান্দৰৰ পৰা একো কৰিব নোৱাৰি বুলি ঘৰতে বহি বা মাটি ছন পেলাই ৰাখে। মন কৰিলে এনেদৰে বান্দৰৰ বিকল্প হিচাপে এনে কামবোৰ কৰি আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰো।
লগতে পঢ়ক-