মছলাৰ ভিতৰত সকলোৰে অন্যতম প্ৰিয় ইলাচীৰ বিশ্বজুৰি এখন বৃহৎ বজাৰ আছে। সুগন্ধিৰে ভৰপূৰ ইলাচী মানুহে চাহ, পায়স, বিৰিয়ানীকে আদি কৰি সহস্ৰ ব্যঞ্জনত বিভিন্ন ধৰণে ব্যৱহাৰ কৰে। ভাৰতৰ বিভিন্ন স্থানত মছলাজাতীয় গছৰ খেতি কৰা হয়। এই খেতিসমূহৰ ভিতৰত ইলাচীৰ খেতি কৃষকসকলৰ অতিকৈ পচন্দৰ। দেশৰ কৃষকসকলে ইলাচী খেতি কৰি যথেষ্ট লাভ অৰ্জন কৰিব পাৰে।
এই খেতি কেৱল সেই ৰাজ্যসমূহৰ বাবে উপযুক্ত, য'ত এবছৰত ১৫০০-৪০০০ মিমি বৰষুণ হয়। কেৰালা, তামিলনাডু আৰু কৰ্ণাটকত ষথেষ্ট পৰিমাণে ইলাচীৰ খেতি কৰা হয়। অসমত বছৰি ২৬০০-৩২০০ মিমি বৰষুণ হোৱালৈ চাই ইলাচীৰ খেতি অসমৰ মাটিত কৰা কিছু কঠিন।
ইলাচীৰ খেতি ১০-৩৫ ডিগ্ৰী চেলচিয়াছত ভালদৰে বৃদ্ধি হয়। ইয়াৰ বাবে, ক'লা, লোম মাটি সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। লেটাৰেইট মাটিৰ উপৰি ইলাচীৰ খেতি পাৰ্বত্য মাটি, লোম মাটি আৰু ভাল নিষ্কাশনৰ সৈতে ক'লা মাটিতো কৰিব পাৰি। অৱশ্যে, বালিময় মাটিত ইলাচীৰ খেতি কৰিলে লোকচান হোৱাৰ সম্ভাৱনা থাকে।
উল্লেখ্য যে, পথাৰত ৰোপণ কৰাৰ আগতে নাৰ্চাৰীত ইলাচী গছ প্ৰস্তুত কৰা হয়। এক হেক্টৰত নাৰ্চাৰী প্ৰস্তুত কৰিবলৈ এক কিলোগ্ৰাম ইলাচীৰ বীজ ব্যৱহাৰ কৰা হয়। দুবছৰ ৰখাৰ পাছত, ই ফল প্ৰদান কৰা আৰম্ভ কৰে। ফল ৰোপণ কৰাৰ পাছত, প্ৰতি ১৫-২৫ দিনৰ ব্যৱধানত প্লাকিং কৰা হয়।
খাদ্য, মিঠাই, পানীয় আদি বিভিন্ন খাদ্য প্ৰস্তুত কৰাৰ সময়ত ইলাচী ব্যৱহাৰ কৰা হয়। সেয়ে বজাৰলৈ অনাৰ প্ৰায় লগে লগেই ইলাচী বিক্ৰী হৈ যায়।
ইলাচীৰ তিনিটা প্ৰাকৃতিক প্ৰকাৰ পোৱা যায়। সেই কেইটা হ'ল:
মালাবাৰ: মালাবাৰ কেৰালাৰ স্থানীয় প্ৰকাৰ। ইয়াৰ পুষ্পবিন্যাস আৰু ফলসমূহ মাটিৰ লগত আনুভূমিক অৱস্থাত থাকে।
মহীশূৰ: মহীশূৰ কৰ্ণাটকৰ স্থানীয় প্ৰকাৰ। ইয়াৰ পুষ্পবিন্যাস আৰু ফলসমূহ মাটিৰ লগত উলম্ব অৱস্থাত থাকে। বৰ্তমান এই প্ৰকাৰৰ ইলাচীৰ উচ্চ উৎপাদনক্ষম প্ৰজাতি 'গ্ৰীণ গোল্ড' কেৰালাত আটাইতকৈ বেছি খেতি কৰা জাত।
ভাঝুকা: ভাঝুকা, মালাবাৰ আৰু মহীশূৰ প্ৰকাৰৰ প্ৰাকৃতিক সংকৰ জাত। ইয়াৰ পুষ্পবিন্যাস আৰু ফলসমূহ মাটিৰ লগত উলম্ব অৱস্থাত বা আনুভূমিক অৱস্থাত নাথাকে। বৰঞ্চ দুয়োটাৰ মাজৰ অৱস্থাত থাকে।
বৰ্তমান কৃষক আৰু বিজ্ঞানী সকলে কিছুমান উচ্চ উৎপাদনক্ষম ইলাচীৰ জাত বিচাৰি উলিয়াইছে। তেনে এবিধ উচ্চ উৎপাদনক্ষম জাত হৈছে 'ঞ্জাল্লানী' (Njallani)।
লগতে পঢ়কঃ লাংৰা আম নামৰ আঁৰৰ প্ৰকৃত কাহিনীটো জানেনে আপুনি?