সাধাৰণতে খেতিকৰা শাক-পাচলিৰ ভিতৰত বিলাহী অতি জনপ্ৰিয়৷ আনকি ব্যৱসায়িক ভিত্তিত ইয়াৰ প্ৰাধান্যও অনেক ৷ কিন্তু ৰোগ বা কীট-পতংগজনিত সমস্যাসমূহে বিলাহী খেতিত এক অভাৱনীয় ক্ষতি কৰা দেখা যায় ৷ সকলোবোৰ বিলাহীৰ ৰোগৰ ভিতৰত লেৰেলি যোৱা বেমাৰ অতি গুৰুত্বপূৰ্ণ, বিশেষকৈ অসমৰ খেতিয়কৰ বাবে এক প্ৰধান সমস্যা ৷ এই বেমাৰ ৰালচটোনিয়া চলানেচিয়াৰাম (Ralstonia solanacearum) নামৰ এক বেক্টেৰীয়াৰ আক্ৰমণৰ বাবে হয়৷ উষ্ণ আৰু নাতিশীতোষ্ণ অঞ্চলত এই বেমাৰ অতি ধংসাত্মক আৰু বিস্তৃত ৰূপত হোৱা দেখা যায় ৷ যদিও ই অন্য শস্যত বেমাৰৰ সৃষ্টি কৰে, তথাপিও ইয়াক আলুজাতীয় শস্যতেই প্ৰধান সমস্যা বুলি গণ্য কৰা হয়৷ এই বেক্টেৰীয়াটোৱে আক্ৰমণ কৰিব পৰা প্ৰধান শস্যসমূহ হ’ল আলু, বিলাহী, বেঙেনা আৰু জলকীয়া আদি৷ বৰ্ত্তমান অসমতো আদা আৰু কলগছত এই বেক্টেৰীয়াৰ আক্ৰমণ দেখা পোৱা গৈছে৷
বেমাৰৰ লক্ষণ
এই বেমাৰৰ প্ৰধান লক্ষণসমূহ হ’ল
১)পাত ক্ৰমে হালধীয়া পৰা ঠিহিৰা লগা আৰু অকালতে লেৰেলি পৰা দেখা যায় ৷
২)বেমাৰত আক্ৰান্ত বিলাহী গছ আৰু ৰসাল আগবোৰ লেহুকা হৈ হালি পৰা দেখা যায় ৷ প্ৰাথমিক অৱস্থাত এই বেমাৰৰ লক্ষণসমূহ উষ্ণ আৰু ৰদোজ্জল দিনতহে পৰিলক্ষিত হয় আৰু সন্ধিয়া সময়ত বেমাৰী গছবোৰ কিছু পৰিমাণে আৰোগ্য হোৱা দেখা যায় ৷ পৰৱৰ্তী অৱস্থাত লেৰেলি যোৱা লক্ষণ স্থায়ী হয় আৰু পাতবোৰ ক্ৰমান্বয়ে মৰহি যায় ৷
৩)বয়সীয়াল গছবোৰ (ফুলফুলা অৱস্থাত) এই বেমাৰত আক্ৰান্ত হ’লে পাত বিধন হোৱা আৰু ঠাল হালি পৰা দেখা যায় ৷ কেতিয়াবা গছৰ মাত্ৰ এটা ডালহে লেৰেলি যায় ৷
৪)বেমাৰত আক্ৰান্ত হোৱা গছৰ গুৰি অংশত অতিমাত্ৰাত অস্থাস্নিক মূলৰ পোখা (Adventitious root) মেলা পৰিলক্ষিত হয় ৷
৫)বেমাৰী গা-গছ আৰু শিপাৰ (Vascular) শোষণ কোষবোৰ মুগা বৰণৰ হয় আৰু অৱশেষত বেমাৰী গছৰ শিপাবোৰ পচি যায় আৰু গছবোৰ স্থায়ীভাৱে লেৰেলি যায় ৷
৬)এই বেমাৰত আক্ৰান্ত গছৰ ফলবোৰ অকালতে হালধীয়া পৰি ঠায়ে ঠায়ে ফাটি যায় আৰু অৱশেষত ক’লা বৰণৰ হৈ সৰি পৰে ৷
নি:শ্চিতভাৱে বেমাৰৰ চিনাক্তকৰণ
লেৰেলি যোৱা গছৰ ডাল এটা কাটি এগিলাচ পৰিস্কাৰ পানীত কটা অংশ ডুবাই ৰাখিলে সেই অংশৰ পৰা বগা বৰণৰ বেক্টেৰীয়াৰ সোঁত ফিতা সদৃশ বৈ অহা দেখা যায় ৷
বেমাৰ সৃষ্টিকাৰী বীজাণুৰ উৎস:
সম্ভাৱ্য উৎসসমূহ হ’ল –
১)বীজাণুৰ দ্বাৰা দূষিত মাটি
২)আক্ৰান্ত উদ্ভিদৰ ধংশাৱেষ
৩)আক্ৰান্ত বীজ আলু
৪)আক্ৰান্ত অপতৃণ
বেমাৰ বিয়পা কাৰক
লেৰেলি যোৱা বেমাৰ আক্ৰান্ত বিলাহী, বেঙেনা বা আলুতলীত নতুনকৈ বিলাহীৰ খেতি কৰিলে এই ৰোগ হোৱাটো নিশ্চিত, কাৰণ এইবিধ বেক্টেৰীয়া মাটিত থাকে ৷ গতিকে এনেধৰণৰ মাটিত বিলাহীজাতীয় খেতি কৰিব নালাগে ৷
বৰষুণৰ ৰৈ যোৱা পানী বা জলসিঞ্চনৰ পানীৰ দ্বাৰা এই ৰোগ ইজোপা গছৰ পৰা সিজোপা গছলৈ বিয়পে ৷
ব্যাধিচক্ৰ:
আলুজাতীয় উদ্ভিদ বা আক্ৰমণ কৰিব পৰা উদ্ভিদৰ অনুপস্থিতিত এই বীজাণু মাটিত দুবছৰলৈকে জীয়াই থাকিব পাৰে ৷ ই কৃষিকৰ্ষণৰ (Cultural practice)সময়ত শিপাৰ আঘাত প্ৰাপ্ত অংশৰে গা-গছৰ ভিতৰলৈ প্ৰৱেশ কৰে ৷ কেতিয়াবা কীট-পতঙ্গ, শস্য কৃমিয়ে সৃষ্টি কৰা ক্ষতৰ মাজেদিও ই প্ৰৱেশ কৰিব পাৰে ৷ বেমাৰত আক্ৰান্ত অথবা বীজাণুৰ দ্বাৰা দূষিত আলুৱে বেমাৰৰ প্ৰাথমিক সশ্চৰণত সহায় কৰে ৷ আক্ৰান্ত আলুৰোপণ কৰিলে বীজ আলুৰ পৰা ওলোৱা গজালিৰ বেমাৰৰ দ্বাৰা আক্ৰান্ত হয় ৷
উদ্ভিদত প্ৰৱেশ কৰাৰ পিচত এই বীজাণু প্ৰথমতে নলীকালৈ প্ৰব্ৰজন কৰে আৰু অৱশেষত আক্ৰমণ কৰিব পাৰে ৷ বেক্টেৰীয়াটোৱে শৰ্কৰা জাতীয় পদাৰ্থ(Polycaccharide) নিৰ্গত কৰি সোঁতৰ বীজলুৱা গুণ বৃদ্ধি কৰাৰ ফলত গছৰ পানী শোষণত বাধ্য প্ৰদান হয় আৰু লেৰেলি পৰা লক্ষণৰ সৃষ্টি হয়৷
বেমাৰত আক্ৰান্ত হোৱা উদ্ভিদৰ শিপাই মাটিত বেক্টেৰীয়া নিৰ্গত কৰি ইয়াৰ বিস্তাৰত সহায় কৰে আৰু এই দূষিত মাটিত জলসিঞ্চনে বীজাণু দ্ৰুত বিস্তাৰত সহায় কৰে ৷
লেৰেলি যোৱা বেমাৰ আৰু উৎপাদনশীলতা
অনুকুল পৰিবেশত এই বেমাৰ বিলাহীৰ ৯০ৰ পৰা ১০০ শতাংশ লৈকে উৎপাদন ক্ষমতা হ্ৰাস কৰিব পাৰে ৷ এই বেমাৰে আলুৰ উৎপাদন ক্ষমতা ৯৫ শতাংশ হ্ৰাস কৰিব পাৰে ৷
বেমাৰ বৃদ্ধিৰ অনুকূল পৰিবেশ:
সচৰাচৰ অধিক উষ্ণতা (২৮-৩০0চে) বৰষুণ (২০০-৬০০ মি.মি. প্ৰতিমাহ) আৰু মাটিৰ আদ্ৰতা (৬০-১০০ শতাংশ, পানীৰ ধাৰণ ক্ষমতা) ই বেমাৰৰ দ্ৰুত বৃদ্ধিত সহায় কৰে ৷ উষ্ণতা ২১0 চে.ৰ কম হ’লে লেৰেলি যোৱা লক্ষণ দেখা নাযায় যদিও উদ্ভিদত ৰোগ সংক্ৰমন হ’ব পাৰে ৷ ভাৰতত পোৱা প্ৰায় সকলো ধৰণৰ মাটিতেই এই বেমাৰ হোৱা দেখা যায় যদিও ই বালিচহীয়া আৰু নিৰপেক্ষ বা খাৰুৱা (alkaline) মাটিত কৈ বোকোচা আৰু আম্লিক (acidic) মাটিত অধিক হোৱা দেখা যায় ৷
লেৰেলি যোৱা ৰোগৰ নিয়ন্ত্ৰণৰ উপায়/কৌশল
ৰোগ নিয়ন্ত্ৰণৰ কাৰণে এক সামূহিক আৰু সংকল্পবদ্ধ প্ৰচেষ্টা অৱলম্বন কৰাটো অতি আৱশ্যকীয় ৷ ইয়াৰ কাৰণে দুই ধৰণে ব্যৱস্থা ল’ব পাৰি যেনে প্ৰথমতে সাৱধানতা আৱলম্বন কৰিব পাৰি আৰু দ্বিতীয়তে প্ৰত্যক্ষ প্ৰতিৰোধ ব্যৱস্থা ল’ব পাৰি ৷
সাৱধানতা আৱলম্বনৰ কৌশলসমূহ হ’ল:
১)ৰোগ মুক্ত বীজৰোপন কৰিব লাগে ৷
২)বেমাৰ প্ৰতিৰোধ ক্ষমতা সম্পন্ন বিলাহী জাত যেনে ভি.চি ৪৮-১, বি, টি-১, আৰ্কা আভা, আৰ্কা আলোক আৰু হাইব্ৰীড জাত আৰ্কা শৃষ্টা, আৰ্কা অভিজিত ৷ হাইব্ৰীড ৰুপালী আৰু অবিনাশত এই ৰোগ অতি বেচিকৈ হোৱা দেখা যায় ৷
৩)অন্যান্য বিলাহী জাতীয় উদ্ভিদ আৰু অপতৃণ গুচাই পেলাব লাগে ৷
৪)ধান আৰু গোমধান জাতীয় শস্যৰ সৈতে শস্যাবৰ্ত্তন কৰিব লাগে ৷
প্ৰত্যক্ষ প্ৰতিৰোধৰ ব্যৱস্থাসমূহ হ’ল
১)বেমাৰত আক্ৰান্ত গছবোৰ পুৰি পেলাব লাগে ৷
২)মাটিত জৈৱিক পদাৰ্থ যেনে – পচন সাৰ, খলিহৈ, মাছৰ গুড়ি, হাড়ৰ গুড়ি ইত্যাদিৰ পৰিমাণ বৃদ্ধি কৰিলে বীজাণুৰ সংখ্যা মাটিত হ্ৰাস হোৱা দেখা যায় ৷
৩)সেউজ সাৰ বিশেষকৈ ধনচ্যা (Sesbania sp.) খেতি কৰি মাটিত মিহলাই দিলে ই বীজাণুৰ সংখ্যা আৰু বংশ বৃদ্ধি ৰোধ কৰে৷ ইয়াৰ কাৰণে বিলাহী খেতি কৰাৰ তিনিমাহ মান আগতে ধনচ্যা গুটি ১০-১২ কেজি প্ৰতি বিঘা হিচাপত বিলাহী খেতি কৰা মাটিডৰাত সিঁচি দিব লাগে৷ ইয়াৰ পিচত ধনচ্যা গছবোৰ যেতিয়া দুমাহ মানৰ হ’ব, তেতিয়া মাটিডৰাত কাটি মিহলাই দিব লাগে বা হাল বাই দিব লাগে ৷ ধনচ্যা গছবোৰ মাটিৰ লগত পঁচি মিহলি হৈ যোৱাৰ পিচত, যেনে এমাহ মানৰ পিচত বিলাহী পুলি সেই মাটিডৰাত ৰোপন কৰিব লাগে৷
৪)বেমাৰ আৰম্ভ হোৱাৰ প্ৰথম অৱস্থাত ষ্ট্টেপ্তমাইক্লিন (Streptocyclin) ১ গ্ৰাম প্ৰতি লিটাৰ পানীত সুকীয়াকৈ অথবা কোপাৰ ফাংগিচাইড (Copper fungicide) ব্লাইটোক্স ৫০ (Blitox-50) (২.৫ গ্ৰাম প্ৰতি লি:)ৰ সৈতে মিহলাই প্ৰয়োগ কৰিলে সুফল পোৱা যায় ৷
৫)আলুৰ বীজ ১০০০ পি.পি.এম (1000 ppm) ষ্ট্টেপ্তমাইক্লিন দ্ৰৱণত শোধন কৰিলে ভাল ফল পোৱা যায় ৷
৬)ষ্ট্টেপ্তমাইক্লিন এচামুচ ৫০ লিটাৰ পানীত মিহলাই প্ৰতি ১৫ দিনৰ ব্যৱধানত পুলি ৰোৱাৰ পৰা ফুল ফুলাৰ সময়লৈকে গছৰ গুৰি তিতি যোৱাকৈ প্ৰয়োগ কৰিলে ভাল ফল পোৱা যায়৷
৭)১০ লিটাৰ পানীত ১ গ্ৰাম হিং ৫ গ্ৰাম হালধি গুৰিৰ মিশ্ৰণ প্ৰস্তুত কৰি (প্ৰতি জোপা গছত ৩ লিটাৰ হাৰত) গছ ৰোৱাৰ ১০, ২০, ৩০ আৰু ৪০ দিনৰ মূৰে মূৰে প্ৰয়োগ কৰিলে বেমাৰৰ প্ৰকোপ কম হোৱা দেখা যায় ৷ এই মিশ্ৰণ ব্যৱহাৰ কৰোতে সাৱধান হ’ব লাগে কাৰণ হিংৰ পৰিমাণ বেচি হ’লে গছৰ পাতবোৰ হালধীয়া পৰিব পাৰে ৷
৮)শস্যকৃমি আৰু বেক্টেৰিয়াই একেলগে আক্ৰমণ কৰি বেমাৰৰ প্ৰকোপ বৃদ্ধি কৰিলে উন্নত মানদণ্ডৰ শস্যকৃমিনাশক যেনে ফুৰাডন প্ৰয়োগ কৰি লেৰেলি যোৱা ৰোগৰ প্ৰাৱল্য হ্ৰাস কৰিব পাৰি৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।