Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 31 March, 2021 10:43 PM IST

   পি.পি.আৰ.(পেষ্টিদিচ পেটিচ ৰুমিনেন্ট)নামৰ ৰোগ বিধ সম্প্ৰতি অসমৰ সকলো জিলাত দেখা দিয়া এবিধ নতুন আৰু মাৰাত্মক সংক্ৰামক বীজানু (ভাইৰাচ)জনিত ছাগলীৰ বেমাৰ।সকলো বয়সৰ ছাগলী এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়।

লক্ষণ সমূহ:-

এই ৰোগ হলে ছাগলীৰ মুখত ঘাঁ লাগে,জ্বৰ হয়,পাতল পায়খানা হয়,নাকেৰে পানী,শেঙুণ ওলায়,চকুত বিজলুৱা পদাৰ্থ দেখা যায় আৰু উশাহ-নিশাহত অতিপাত কষ্ট পায়।এই ৰোগ হলে ¾ দিনৰ ভিতৰতে ছাগলীৰ মৃত্যু হব পাৰে।বিশেষকৈ পোৱালীৰ মৃত্যু সৰ্বাধিক হয়।

চিটাৰ পৰিমাণ:-

2 মাহ বয়সৰ ওপৰত সকলো ছাগলীকে পি.পি.আৰ.(পেষ্টিদিচ পেটিচ ৰুমিনেন্ট)চিটা ছালৰ তলত 1 মি.লি.কৈ দিব লাগে।আনকি গাভিনী ছাগলীকো (3 মাহ) দিব পৰা যায়।

চিটা দিয়াৰ নিয়ম:-

সাধাৰণতে সৰু পি.পি.আৰ.(পেষ্টিদিচ পেটিচ ৰুমিনেন্ট)চিটাৰ বটলত ঔষধ খিনি 100 মি.লি. বটলৰ দ্ৰাৱকৰ লগত ভালকৈ মিহলাই 1 মি.লি. কৈ 100 টা ছাগলীক ছালৰ তলত চিটা হিচাপে দিয়া হয়।

পি.পি.আৰ.চিটাৰ যোগান:-

সাধাৰণতে এই পি.পি.আৰ. চিটাসমূহ খানাপাৰাত থকা জৈৱিক উৎপাদন প্ৰতিষ্ঠানে সকলো জিলা পশু-পালন ও পশু-চিকিৎসা বিষয়াৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে আৰু জিলা পশু-পালন ও পশু-চিকিৎসা বিষয়াৰ কৰ্যালয়ে সকলো উপকেন্দ্ৰ, পশু-চিকিৎসালয়লৈ বিনামূলীয়াকৈ যোগান ধৰে আৰু পশু-চিকিৎসালয়/উপকেন্দ্ৰ সমূহে বিনামূলীয়াকৈ সকলো ছাগলীকে এই ৰোগৰ প্ৰতিশেধক চিটা দিয়ে।

প্ৰতিক্ৰিয়া:-

চিটা দিয়া ঠাইখিনি 2-3 দিনলৈ অলপ ফুলি থাকে।তাৰ বাহিৰে কোনো ধৰণৰ অনিষ্টকাৰী প্ৰতিক্ৰিয়া নহয়।

ৰোগ প্ৰতিৰোধ ক্ষমতা:-চিটা দিয়াৰ 7 দিনৰ ভিতৰত ছাগলীবোৰে ৰোগ প্ৰতিৰোধৰ ক্ষমতা আয়ত্ব কৰে আৰু 6 মাহলৈকে এই প্ৰতিৰোধ ক্ষমতা অটুট থাকে।

উৎস: বিকাশপেডিয়া

English Summary: Different types of Goat disease and it's treatment like PPR
Published on: 31 March 2021, 10:43 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now