শস্য প্ৰণালীকৰণ বৈচিত্ৰকৰণ হ’ল এটা অঞ্চলত প্ৰচলিত শস্যক্ৰমৰ পৰিবৰ্তন কৰা। উদাহৰণ স্বৰুপে, অসমৰ প্ৰায় ৫৬ শতাংশ ৰূপিত মাটিত অকল শালি ধান কৰা হয়। জলসিঞ্চনৰ ব্যৱস্হা থকা অঞ্চলত বছৰত দুটাকৈ ধানখেতি কৰা হয়। বৈচিত্ৰকৰণৰ জৰিয়তে এই প্ৰণালীৰ পৰিৱৰ্তে এটা খেতি কৰা অঞ্চলত একেডৰা মাটিতে ভিন ভিন ধৰণৰ একাধিক শস্যৰ খেতি কৰা। অনুৰপ ধৰণে য’ত একে শস্যৰ খেতিকেই একেডৰা মাটিতে দুবাৰকৈ খেতি কৰা হয়, তাত একে ধৰণৰ এটা শস্যৰ ঠাইত অইন এটা বেলেগ ধৰণৰ শস্যৰ খেতিলৈ পৰিবৰ্তন ঘটোৱা। ইয়াৰ মূল তাৎপৰ্য্য হ’ল সংকুচিত ৰূপিত মাটি, প্ৰাকৃতিক দুৰ্যোগ বা জলবায়ু পৰিবৰ্তন, উৎপাদিত সামগ্ৰীৰ বজাৰ আদিৰ পৰিপেক্ষিতত শস্যক্ৰমত একাধিক বিচিত্ৰ শস্যৰ খেতি কৰা।
বৈচিত্ৰকৰণৰ উপকাৰিতাঃ
-
ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ ইয়াৰ দ্বাৰা আয় বৃদ্ধি হয়। অসমত শতকৰা ৮৬ ভাগ কৃষকেই ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ যাৰ মাটিৰ পৰিমান ১৫ বিঘাতকৈ ক’ম। শালি খেতিৰ পিছত বজাৰত চাহিদা আৰু উচিত মূল্য পাব পৰা শস্য যেনে দাইলজাতীয়, তৈলবীজ, মাকৈ, পাচলি আদিৰ খেতি কৰিলে কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰাটো সম্ভৱ।
-
শস্য প্ৰণালীৰ বৈচিত্ৰকৰণৰ ফলত কৃষকৰ আয় নিশ্চিত হয়। বতৰৰ বিজুতি বা বজাৰৰ দৰৰ এটা উৎপাদনত কমিলেও অইনবিধ খেতিৰ পৰা নিশ্চিত আয় লাভেৰে কৃষকৰ আয়ৰ ভাৰসাম্য কিছু পৰিমাণে ৰক্ষা হয়।
-
শস্য প্ৰণালীৰ বৈচিত্ৰকৰণৰ দ্বাৰা জলবায়ু পৰিবৰ্তন, বতৰৰ বিজুতি বা প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা এটা খেতিত হোৱা ক্ষতি আনটো বা আনকেইটা খেতিৰ দ্বাৰা বহু পৰিমাণে পূৰণ কৰিব পৰা যায়।
-
এনেধৰণৰ বৈচিত্ৰতাৰ দ্বাৰা পৰিয়ালৰ সুষম আহাৰ উপলব্ধ কৰিব পৰা যায়। শস্য প্ৰণালীত দাইলজাতীয়, তৈলবীজ, পাচলি সন্নিবিষ্ট কৰাৰ ফলত পৰিয়ালৰ পুষ্টিসাধন কৰা সম্ভৱ।
-
শস্য প্ৰণালীৰ বৈচিত্ৰকৰণৰ ফলত প্ৰাকৃতিক সম্পদৰ সুষম ব্যৱহাৰ আৰু লগতে সংৰক্ষণও কৰা হয়। উদাহৰণস্বৰুপে ধানৰ পিছত মাহজাতীয় শস্যৰ খেতি কৰিলে বায়ুৰ পৰা নাইট্ৰ’জেন আহৰণ কৰি শিপাত জমা কৰি, মাহজাতীয় শস্যই মাটিৰ পৰা আহৰণ কৰা সাৰ পুনৰ সংস্হাপন কৰে। বৈচিত্ৰকৰণৰ দ্বাৰা বিভিন্ন শিপাৰ গঠনৰ শয্যৰ অন্তৰ্ভূক্তিৰ বাবে মাটিৰ বিভিন্ন স্তৰৰ পৰাহে সাৰ-পানী যোগান হয়।
-
শস্য প্ৰণালীৰ বৈচিত্ৰকৰণৰ ফলত গোটেই বছৰ জুৰি যদি খেতি কৰা হয়, তেতিয়াহলে গোটেই বছৰজুৰিয়েই কৃষক বা পৰিয়ালৰ লোকে আত্মনিযুক্তি লাভ কৰিব পাৰে। ইয়াৰ দ্বাৰা উপান্ত কৃষকৰ দিন হাজিৰা কৰিবলৈ চহৰলৈ প্ৰব্ৰজন ৰোধ কৰাও সম্ভৱ।
-
একাধিক খেতিৰ ফলত কেৱল যে ফচলেই লাভ কৰিব তেনে নহয়, প্ৰত্যেক খেতিৰ পৰা খেৰ-আৱৰ্জনাও দুগুণ লাভ কৰিব পাৰিব। ধানখেৰ গৰু-মঁহৰ খাদ্যৰ বাবে ব্যৱহাৰ হোৱাৰ বিপৰীতে অইন খেতিৰ আৱৰ্জনাখিনি হাল বাই মাটিত মিহলাই পেলালে ইয়ে মাটিত জৈৱিক সাৰৰ যোগান ধৰিব। অলপ কষ্ট কৰিলে এইবোৰৰ দ্বাৰা পচন সাৰ বা কেঁচুসাৰ প্ৰস্তুত কৰি ৰাসায়নিক সাৰৰ বাবে হোৱা খৰচ ৰাহি কৰিব পাৰি।
বৈচিত্ৰকৰণৰ প্ৰত্যাহ্বান
শস্য প্ৰণালীৰ বৈচিত্ৰকৰণ অৱশ্যেই ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ বাবে সহজসাধ্য বুলি একেসাৰে ক’ব নোৱাৰি। এইসকল কৃষক দুখীয়া হোৱা হেতুকে খেতিত মূলধন নিবেশ কৰাৰ শক্তি বা সামৰ্থ্য নাই। সেই কাৰণে খাদ্যৰ জোৰা মাৰিব পৰাকৈ বেছিভাগ কৃষকেই সাৰ পানী যোগান নধৰাকৈ থলুৱা জাতৰ খেতিতেই সীমাবদ্ধ থাকে।
বৈচিত্ৰকৰণৰ মূল সমস্যাসমূহ এনেধৰণৰঃ
-
মূলধনৰ অভাৱৰ বাবে কৃষিত নিবেশ কৰিব নোৱাৰে।
-
সময়মতে উপযুক্ত জাতৰ গুণগত মানদণ্ডৰ বীজৰ অভাৱ
-
শতকৰা ৭০ ভাগ মাটিতেই জলসিঞ্চনৰ অভাৱ হোৱা বাবে একাধিক খেতি কৰি লোকচান হোৱাৰ শংকা।
-
ক্ষুদ্ৰ আৰু খণ্ড বিখণ্ড মাটি আৰু বেছিভাগৰে মাটি একে লাটতে নাথাকে, ফলস্বৰুপে একাধিক খেতিৰ বাবে যান্ত্ৰিকতাৰ অসুবিধা
-
কৃষি সম্প্ৰসাৰণৰ দুৰ্বলতা, কৃষি বিষয়াৰ এলেকা জনসংখ্যা বৃদ্ধিৰ লগত সংগতি ৰাখি সংকুচিত নোহোৱা
-
অসমৰ জলবায়ু গৰম আৰু সেমেকা বাবে বেমাৰ, অপতৃণ আৰু অনিষ্টকাৰী কীট পতংগৰ প্ৰাদুৰ্ভাৱ
-
ভূমি আৰু জলসম্পদৰ সু ব্যৱহাৰৰ বাবে সচেতনতাৰ অভাৱ
-
উৎসৱ পাৰ্বন, সকাম-নিকাম, বিয়া-সবাহ আদিত অধিক সময় ব্যয়
-
শস্য প্ৰণালীৰ বৈচিত্ৰকৰণৰ বাবে সু ষ্পষ্ট নীতিৰ অভাৱ
-
উৎপাদিত সামগ্ৰীৰ বজাৰৰ বাবে কৃষকৰ মধ্যোভোগী নিৰ্ভৰশীল
শস্য প্ৰণালীৰ বৈচিত্ৰকৰণৰ সম্ভাৱনা অসমত প্ৰচুৰ। শস্য প্ৰণালীৰ বৈচিত্ৰকৰণৰ দ্বাৰা কৃষকৰ উৎপাদন দুগুণতকৈও অধিক কৰা সম্ভৱ আৰু ইয়াৰ দ্বাৰা ৰাজ্যৰখনৰো ঘৰুৱা আয় বৃদ্ধি হ’ব। তাৰোপৰি ইয়াৰ দ্বাৰা ৰাজ্যৰ খাদ্য আৰু পৰিপুষ্টিৰ নিৰাপত্তা সুনিশ্চিত হ’ব। বৰষুণ নিৰ্ভৰ অঞ্চলত, বাৰিষা হোৱা অপৰ্যাপ্ত বৰষুণৰ পানী থলীতে বা পুখুৰীত সংৰক্ষণৰ দ্বাৰা বৈচিত্ৰকৰণ সম্ভৱ কৰি তুলিব পাৰি। পশুপালন, হাঁহ-কুকুৰা পালন, মৎসপালন, এৰী পলু পালন আদিৰ দ্বাৰা কৃষিৰ বৈচিত্ৰকৰণে অসমৰ কৃষকৰ তথা ৰাজ্যখনৰ আয় বৃদ্ধিৰ ক্ষেত্ৰত আমূল পৰিবৰ্তন সাধিব পৰা যায়। ইয়াৰ বাবে লাগিব সকলোৰে সংঘবদ্ধ আৰু প্ৰণালীবদ্ধ সংহত প্ৰচেষ্টা।
লেখক- ড০ হেমেন্দ্ৰ চন্দ্ৰ ভট্টাচাৰ্য