Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 19 January, 2021 4:25 PM IST
Cooperative Fishery

মৰিগাঁও জিলাৰ মিকিৰভেটা ৰাজহ চক্ৰৰ অন্তৰ্গত অতি পাছপৰা এখন জনজাতীয় গাঁও হৈছে চাৰিপুণীয়া। উচ্চ শিক্ষা অবিহনেও যে মানুহে সৎ চিন্তা আৰু বুদ্ধিৰে উন্নয়ন কৰিব পাৰে, তাৰেই বিৰল নিদৰ্শন দাঙি ধৰিছে এই চাৰিপুণীয়া গাঁৱৰে লোকসকলে। গাওঁখনৰ নামেৰেই গাঁওখনৰ গাতে লাগি থকা পৰিত্যক্ত জলাশয় তথা চাৰিপুণীয়া বিলখনৰ জৰিয়তে সৰ্বদিশতে জিলিকিবলৈ সক্ষম হৈছে গাঁওবাসী। ৭.৫ হেক্টৰ পানীকালি বিশিষ্ট বিলখনত গাঁওবাসীয়ে সমূহীয়াভাৱে মাছ পালন কৰি অৰ্থনৈতিক ভেটি সবল কৰি তুলিছে। এই সন্দৰ্ভত চাৰিপুণীয়া বিল উন্নয়ন সমিতিৰ সভাপতি ধ্ৰুৱ চন্দ্ৰ দেউৰী আৰু সম্পাদক দীপক দেউৰীয়ে জনোৱা মতে, ১৯৮৫-৮৬ চনত মীন বিভাগৰ পৰিত্যক্ত জলাশয় উন্নয়ন নামৰ এখন আঁচনিৰ অধীনত বিলখনৰ চাৰিও কাষে মথাউৰি নিৰ্মাণ কৰা হৈছিল। সেইদৰে পঞ্চায়ত আঁচনিৰ অধীনত ১৯৯২ চনত বিলখনত থকা মেটেকা-পানী কলমৌ আদি পৰিষ্কাৰ কৰি ১৯৯৫ চনৰপৰা গাঁওবাসীয়ে কিন্তু প্ৰচেষ্টা এৰি দিয়া নাছিল। তেনে সময়তে ২০১২-১৩ বিত্তীয় বৰ্ষত গাঁওবাসী তথা বিল উন্নয়ন সমিতিয়ে নাবাৰ্ডৰপৰা জলাশয় উন্নয়ন আৰু মৎস্য পালনৰ বাবে ৬.৭৫ লাখ টকা লাভ কৰে। তেতিয়াৰেপৰা গাঁওবাসীয়ে পিছলৈ ঘূৰি চাব লগা হোৱা নাই। প্ৰতি বছৰে বিল উন্নয়ন সমিতিয়ে ৪০-৪৩ হাজাৰ মাছ পোনা এৰি দি আহিছে বিলখনত। ইফালে, প্ৰতি বছৰৰ মাঘ বিহুৰ উৰুকাৰ দিনাৰেপৰা প্ৰায় ছমাহ ধৰি উন্নয়ন সমিতিয়ে মাছ বিক্ৰী কৰি আহিছে। বিলখনত বৈজ্ঞানিক পদ্ধতিৰে ৰৌ, মিৰিকা, ধেকেৰা, কমনকাৰ্প, ছিলভাৰকাৰ্প, গ্ৰাছকাৰ্প আদি মাছ পালন কৰি অধিক লাভাম্বিত হৈছে। বিল উন্নয়ন সমিতিয়ে জনোৱা মতে, প্ৰতি বছৰে ভোগালীৰ উৰুকাৰ দিনাও তেওঁলোকে প্ৰায় ৩ লাখ টকাৰ মাছ বিক্ৰী কৰে। ২০১২-১৩ বৰ্ষত নাবাৰ্ডৰপৰা পোৱা আৰ্থিক অনুদানৰ জৰিয়তে বিলখনত মৎস্য পালন কৰি ২০১৩-১৪ বৰ্ষত উৎপাদিত মাছ বিক্ৰী কৰি সমিতিয়ে ১০-১২ লাখ টকা লাভ কৰে। একেদৰে ২০১৪-১৫ বৰ্ষত ১৪.৫ লাখ, ২০১৫-১৬ বৰ্ষত প্ৰায় ১৬ লাখ টকা পায়। এনেদৰে বছৰি উৎপাদিত মাছ বিক্ৰী কৰি পাছপৰা গাঁওখনৰ ২৫০টা জনজাতীয় পৰিয়ালৰ আৰ্থিক অৱস্থা সবল হৈ উঠিছে।

উল্লেখ্য যে শিক্ষা, স্বাস্থ্য, ক্ৰীড়া, বৌদ্ধিক বিকাশ আৰু আৰ্থিক উন্নয়ন- এই পাঁচোটা দিশত গুৰুত্ব প্ৰদানেৰে গঠন হোৱা চাৰিপুণীয়া বিল উন্নয়ন সমিতিয়ে একমাত্ৰ বিলখনত সমূহীয়াভাৱে মৎস্য পালন কৰিবলৈ লৈছিল। বৰ্তমন সমূহীয়াভাৱে উপাৰ্জিত ধনেৰে গাঁওবাসীৰ উক্ত পাঁচোটা লক্ষ্যত উপনীত হ’বলৈ সক্ষম হৈছে উন্নয়ন সমিতি। সমিতিয়ে জনোৱা মতে, এসময়ত মেট্ৰিকৰ ডেওনা পাৰ হোৱা লোক নথকা গাঁওখনৰ বিলখনত মৎস্য পালন কৰি উপাৰ্জিত ধনেৰে চাৰিপুণীয়া মাধ্যমিক আৰু মধ্য ইংৰাজী বিদ্যালয় দুখন চলাই অহা হৈছে। তদুপৰি গাওঁখনৰ নামঘৰত এটা পুথিভঁৰাল স্থাপন কৰি ছাত্ৰ-ছাত্ৰীকে ধৰি গাঁওবাসীয়ে পঢ়িব পৰাকৈ দৈনিক বাতৰি কাকত, আলোচনী আদিৰ ব্যৱস্থা কৰি অহা হৈছে। গাঁওবাসীৰ মাজত বিশুদ্ধ খোৱাপানীৰ অভাৱ দূৰ কৰাৰ লক্ষ্যৰে দমকলৰ ব্যৱস্থা কৰাৰ লগতে প্ৰতি বছৰৰ ব’হাগী মেলাত গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ মাজত দুহাজাৰৰপৰা আঢ়ৈ হাজাৰকৈ টকা বিতৰণ কৰি অহা হৈছে। একেদৰে গাঁওখনৰপৰা প্ৰতি বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক এহাজাৰকৈ, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণসকলৰ ১,৫০০ টকাকৈ আৰু স্নাতক ডিগ্ৰী লোৱাসকলক দুহেজাৰকৈ টকা আগবঢ়াই আহিছে উন্নয়ন সমিতিখনে। তদুপৰি গাঁওবাসীৰ আকস্মিক ঘটনা-দুৰ্ঘটনাৰ বাবে এটা জৰুৰীকালীন পুঁজিৰো ব্যৱস্থা কৰা বুলি সদৰি কৰিছে উন্নয়ন সমিতিত সভাপতি-সম্পাদকে। ইফালে, এদিন আৰ্থিক অনাটনৰ বাবে ককবকাই থকা গাঁওবাসীয়ে নিজা প্ৰচেষ্টা আৰু চৰকাৰৰ অৰ্থ-সাহায্যত গাঁওখনক সৰ্বদিশতে আগবঢ়াই নিবলৈ সক্ষম হোৱাত সকলোৰে মুখে মুখে এতিয়া হাঁহি বিৰিঙি উঠিছে।

লেখক:বিষ্ণু ডেকা(দৈনিক অসম)

English Summary: Cooperative Fishery
Published on: 12 March 2019, 09:39 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now