অসমৰ কৃষকসকলৰ এটা প্ৰধান সমস্যা হ’ল তেওঁলোকে উৎপাদন কৰা সামগ্ৰীসমূহ দীৰ্ঘদিনৰ বাবে সংৰক্ষণৰ অসুবিধা। উদাহৰণস্বৰূপে এজন কৃষকে তেওঁ উৎপাদন কৰা কৃষিজাত সামগ্ৰীসমূহ পথাৰৰ পৰা চপোৱাৰ পাছতে বজাৰত বিক্ৰি কৰিব লগা হয়। বা বজাৰত বিক্ৰি কৰিব নোৱাৰিলে গৰু-ছাগলীক খোৱাব লগীয়া হয় বা কম দামত বিক্ৰি কৰিব লগীয়া হয়। যদি কৃষকসকলৰ অঞ্চলত কৃষিজাত সামগ্ৰীসমূহ সংৰক্ষণ কৰি ৰাখিব পৰাকৈ শীতল ঘৰ থাকিলহেঁতেন তেতিয়া কৃষকসকলে কৃষিজাত সামগ্ৰীসমূহ কম দামত বিক্ৰি কৰিব লগা নহ’লহেঁতেন, নাইবা বিক্ৰি কৰিব নোৱাৰি গৰু-ছাগলীক খোৱাবলগীয়া নহ’লেহেঁতেন। যদি কৃষকসকলৰ অঞ্চলত শীতলঘৰবোৰ থাকিলহেঁতেন তেতিয়া কৃষকসকলে কৃষিজাত সামগ্ৰীসমূহ বজাৰত চাহিদা থকাৰ সময়ছোৱাত বিক্ৰি কৰিব পাৰিলহেঁতেন। আৰু তেওঁলোকৰ শ্ৰম অথলে নগলহেঁতেন।
অসমত বৰ্তমান সময়ত ৪০ (চল্লিছ) টা শীতল ঘৰ আছে। কিন্তু কিমান কাৰ্যক্ষম জনা নায়ায়। ইয়াৰ বেছিভাগেই চৰকাৰে বহিঃৰাগত ব্যৱসায়ীক লীজত দি ৰাখিছে। গতিকে এই শীতল ঘৰসমূহৰ পৰা কৃষকসকলৰ বৰ বেছি উপকাৰ হোৱা নাই। কৃষকসকলে তেনে শীতল ঘৰবোৰত কৃষিজাত সামগ্ৰীসমূহ সংৰক্ষণ কৰিব নোৱাৰে। আনহাতে অসমৰ দাঁতিকাষৰীয়া ৰাজ্য পশ্চিমবংগত ৬০২ টা শীতল ঘৰ আছে। ইয়াৰ দ্বাৰাই প্ৰমাণ হয় আমাৰ ৰাজ্য চৰকাৰখনে কৃষকসকলৰ মংগলৰ বাবে কি কৰি আছে! শীতল ঘৰবোৰ নথকাৰ বাবে বাবে আমাৰ কৃষকসকলে উৎপাদন কৰা সামগ্ৰীসমূহ বেপাৰীয়ে নিৰ্দ্ধাৰণ কৰি দামত বিক্ৰি কৰিব লগা হৈছে সথিক দাম পোৱাৰ পৰা কৃষকসকল বঞ্চিত হৈ আহিছে। কিন্তু দেশৰ অন্য ৰাজ্যসমূহত বৰ বেছি এনেকুৱা সমস্যা নাই। যাৰবাবে পঞ্জাব বা মহাৰাষ্ট্ৰই ১২ মাহেই আলু ৰপ্তানি কৰিব পাৰে অসমৰ দৰে ৰাজ্যসমূহলৈ। আমাৰ অসমত আকৌ আজি আলু খান্দিলে বা আজি বিলাহী চিঙিলে আজিয়েই শেষ কৰিবই লাগিব। নহ’লে পেলনি যাব।
লগতে পঢ়ক-