ধেমচি এবিধ ৰবিশস্য। সাম্প্ৰতিক সময়ত অসমৰ চিৰাং, কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাওঁ, বৰপেটা আদি অঞ্চলত এইবিধ শস্যৰ খেতিয়ে যথেষ্ট সমাদৰ লাভ কৰিছে। অসমত প্ৰধানতঃ ধেমচিৰ দুটা প্ৰজাতিৰ খেতি কৰা হয়— Fagopyrum esculentum আৰু F. tatarricum। যদিও ধেমচি কুমলীয়া অৱস্থাতে শাক হিচাপে ব্যৱহাৰ কৰিবলৈ ধেমচিৰ বীজ শাক-পাচলিৰ বাগিচাত সিঁচা হয়। আনহাতে, শস্যবিধৰ গুটি চপাবৰ বাবে বহল ভিত্তিত এই খেতি কৰিব লাগে। ইয়াৰ উপৰি আৱৰণী শস্য (cover crop) হিচাপে ই বন-বাত নিয়ন্ত্ৰণৰ লগতে মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে। ধেমচি খেতিৰ পৰা হ’ব পৰা লাভালাভ আৰু ইয়াৰ বহুমুখী ব্যৱহাৰৰ বিষয়ে কৃষকসকল সচেতন হৈ পৰিছে। ইয়াৰ লগে লগে অসমত অঞ্চল বিশেষে বৃদ্ধি ধেমচি খেতিৰ জনপ্ৰিয়তা।
ধেমচি খেতিৰ মাটি নিৰ্বাচন
ধেমচি খেতিৰ বাবে বালিচঁহীয়া তথা পলসুৱা মাটি উপযোগী বুলি ধৰা হয়। ৪-৫ চাহমান হাল বাই, মৈ দি মাটিখিনি ভালদৰে মিহি কৰি ল’ব লাগে। উপযুক্ত ভূমিত আহিন-কাতি মাহৰ ভিতৰতে শস্যৰ বীজ সিঁচিব লাগে। পানী জমা নোহোৱা বা পানী সোনকালে ওলাই যাব পৰা ব্যৱস্থা কৰিব লাগে কৃষকসকলে। বীজ সিঁচাৰ পৰা চপোৱালৈ প্ৰায় ৯০-১১০ দিনৰ সময় লয়।
বীজৰ পৰিমাণ
প্ৰতি বিঘাত ২.৭ কিলোগ্ৰাম। বীজ সিচোঁতে শাৰীৰ মাজত ৩০-৪৫ ছে:মি: আৰু গছৰ মাজত ১০-১৫ ছে:মি: ব্যৱধান ৰাখি বীজ ৰোপন কৰা উচিত।
বীজ সিঁচাৰ পদ্ধতি
৩০ ছে:মি: ব্যৱধানত ৩-৫ ছে:মি: দকৈ গাঁত কৰি বীজ সিঁচিব লাগে৷ বীজ সিঁচাৰ পিছত মৈ দি বীজবোৰ মাটিৰে ঢাকি দিয়া হয়। সাধাৰণতে বীজ সিঁচাৰ ৪-৫ দিনৰ পিছত অংকুৰিত হ’বলৈ ধৰে।
পানীৰ ব্যৱস্থাপনা
ফুল ফুলাৰ আগৰ সময়খিনি আৰু ফল ধৰাৰ সময়খিনিত ধেমচি খেতিয়ে উপযুক্ত পৰিমাণত পানী যোগান পাব লাগে, নহ’লে উৎপাদনত প্ৰভাৱ পৰা পৰিলক্ষিত হয়।
গতে পঢ়ক-
MIS আঁচনিৰ অধিনত আপোনাৰ সন্তানক উচ্চ শিক্ষাৰ বাবে দিয়াব পাৰিব পেঞ্চন
অপতৃণ নিয়ন্ত্ৰণ
অপতৃণবোৰ ৪-৫ পতীয়া হোৱাৰ আগতেই হাতেৰে বা খন্তি ব্যৱহাৰ কৰি উঠাব লাগে। ধেমচি শস্যবিধত অপতৃণৰ উপদ্ৰৱ সাধাৰণতে কম, তথাপি প্ৰয়োজন সাপেক্ষে বন-বাত নাশিবলৈ নিৰণি যন্ত্ৰ ব্যৱহাৰ কৰিব পাৰি।
খেতি চপোৱা
শস্যৰ ছেঁইবোৰ শুকাই আহিব ধৰাৰ লগে লগে আৰু গুটিবোৰ ক’লা পৰিব ধৰা সময়তে শস্য চপাব লাগে। খেতি চপোৱাৰ পিছত গছবোৰ পথাৰত ২-৩ দিন ৰ’দত শুকুৱাই ল’ব লাগে৷ গৰুৰে গৰকাই নাইবা মাৰিৰে কোবাই গুটিবোৰ পৃথক কৰিব পাৰি। ভালদৰে প্ৰতিপালন কৰা ধেমচি খেতিৰ এবিঘা মাটিৰ পৰা ২ কুইণ্টল নাইবা এক হেক্টৰত ১২-১৫ কুইণ্টল পৰ্যন্ত উৎপাদন পাব পাৰি।
ধেমচিৰ ব্যৱহাৰ
মৰণা মৰাৰ পাছত ঢেঁকীৰ সহায়ত বা যান্ত্ৰিক উপায়ত খুন্দি গুটিবোৰৰ বাকলি গুচাই গুড়ি কৰি আটা প্ৰস্তুত কৰিব পাৰি। এনেদৰে প্ৰস্তুত কৰা আটা, ঘেঁহু বা বাৰ্লিৰ আটাৰ লগত মিহলি কৰি বিভিন্ন প্ৰকাৰৰ সুস্বাদু খাদ্যৰ লগতে bread, pancakes, noodles আদি প্ৰস্তুত কৰা হয়।
শস্যৰ সেউজীয়া কোমল গা-গছক গৰু, ম’হৰ খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও শুকান গা-গছক খৰি হিচাপেও ব্যৱহাৰ কৰিব পৰা যায়।
আহঁজাতীয় উপাদানেৰে সমৃদ্ধ হোৱা বাবে ই স্বাস্থ্যৰ পক্ষে উপকাৰী। মধুমেহ, ৰক্তচাপ, হাৰ্টৰ সমস্যা আদিৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো ইয়াক লাভদায়ক বুলি পোৱা গণ্য কৰা হৈছে। প্ৰ’টিনত চহকী হোৱা বাবে নিৰামিষভোজীসকলৰ আহাৰৰ তালিকাত ই বিশেষ স্থান অধিকাৰ কৰিছে।
বিঃদ্ৰঃ লেখাটো প্ৰস্তুত আৰু তথ্যৰ বাবে মানসী বৰুৱাৰ ‘মুক্ত চিন্তা’ত প্ৰকাশিত ‘অসমত ধেমচি খেতি : কৃষিপদ্ধতি আৰু বৰ্দ্ধিত সম্ভাৱনাৰ প্ৰসংগত’ শীৰ্ষক লেখাটোৰ সহায় লোৱা হৈছে।
লগতে পঢ়ক-