বচ এবিধ শাক-বন জাতীয় থলুৱা ঔষধীয় উদ্ভিদ। ই একবীজপত্ৰী, বহুবৰ্ষজীৱী, চিৰসেউজ আৰু সেমেকা মাটিত হোৱা উদ্ভিদ। ইয়াৰ ইংৰাজী নাম ছুইট ফ্লেগ, কেলেমাছ, ৰেট ৰূট, ছুইট কেন, ছুইট গ্ৰাছ আদি। হিন্দীত ইয়াক গোৰা বচ, বাজাই, সংস্কৃতত ভূতনাসিনী বুলি কোৱা হয়। বৈজ্ঞানিক নাম এক’ৰাছ কেলেমাছ। ই এক’ৰেচি গোত্ৰ বা পৰিয়ালৰ উদ্ভিদ। ই ইউৰোপ, ভাৰত, হিমালয় অঞ্চল আৰু দক্ষিণ এছিয়াৰ স্থানীয় উদ্ভিদ।
বচৰ কাণ্ড মৃদ্গত, ঘন গাঁঠিযুক্ত, বেতৰ দৰে শকত আৰু ভূমি সমান্তৰাল ভাৱে আগলৈ বাঢ়ি যায়। কাণ্ড বেছি টান বা বেছি কোমল নহয়। শুকালে কাণ্ডবোৰ টান হয়। কাণ্ডৰ শীৰ্ষৰ পাত ওলোৱা অংশ থিয় হৈ থাকে যদিও পিছৰ অংশ মাটিলৈ হালি যায় আৰু শিপা ওলাই মাটিত খামুচি ধৰে। পূৰঠ কাণ্ডৰ গাঁঠিবোৰৰ পৰা পোখা উলাই পুনৰ পুলি হয় আৰু এনেদৰে গছ বাঢ়ি জুম এটাৰ সৃষ্টি কৰে। পাতবোৰ থিয়, দীঘলীয়া, খীণ, আগলৈ ক্ৰমে জোঙা, মিহি, ৰেখাকাৰ, কাষবোৰ সমান আৰু সেউজীয়া। পূৰঠ গছত কেতিয়াবা কচুৰ ডিলাৰ দৰে চাৰিৰ পৰা দহ ছেণ্টিমিটাৰ দীঘল, খীণ ফুল ফুলে। ডিলাটো পাতৰ লগত সংলগ্ন হৈ থাকে। পুষ্পধৰ পত্ৰ এটা আৰু ই ডিলাটোতকৈ কেইবাগুণো দীঘল। ডিলাবোৰত গুটি নধৰে। গাঁঠিৰ সৈতে কাণ্ড কাটি ৰূলে পুলি হয়। ইয়াৰ জাতি এক’ৰাছৰ এক’ৰাছ এমেৰিকানাছ, এক’ৰাছ গ্ৰেমিনিয়াছ, এক’ৰাছ লেটিফলিয়াছ, এক’ৰাছ কেলেমাছ আদি ছটামান প্ৰজাতি আছে। প্ৰজাতিবোৰ এছিয়া উত্তৰ আমেৰিকা আৰু ইউৰোপৰ উষ্ণ অঞ্চলবোৰত পোৱা যায়। বচৰ ভেৰিগেটাছ আদি ফুলনিত ৰুব পৰা কৃত্ৰিম উদ্ভাৱন কৰা হৈছে।
বচৰ পাত, কাণ্ড আদি সুগন্ধি আৰু বেক্টেৰিয়া নাশক, কীটানুনাশক, প্ৰতিজাৰক গুণযুক্ত। ইয়াক ঔষধ ৰূপে ব্যৱহাৰ কৰা হয়। গছৰ পৰা তেল নিষ্কাসন কৰি বিভিন্ন ৰোগত ঔষধ ৰূপে আৰু কীটাণুনাশক ৰূপে ব্যৱহাৰ কৰা হয়। ১৯৬৮ চনত ‘ইউনাইটেড ষ্টেট্ছ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেছন’এ বচ গছৰ কোনো অংশ, ৰস বা তেল খাদ্য সামগ্ৰীত ব্যৱহাৰ কৰি বা দৰৱত ব্যৱহাৰ কৰি খোৱাত বাধা আৰোপ কৰে। পেটলৈ গ’লে শৰীৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। ইয়াৰ কাণ্ড, পাত, ৰস বা তেল আদি বাহ্যিক ভাবেহে প্ৰয়োগ কৰা হয়।