সম্প্ৰতি অসমত ঠাই বিশেষে জনপ্ৰিয় হৈ উঠা এবিধ ধান খেতি হ’ল বড়োধানৰ খেতি। এই ধানৰ খেতি পানী জমা হোৱা দ-ঠাইত কৰা হয়। এই খেতি শীতকালত কৰা হয়। পুহমাহৰ শেষত বা মাঘমাহৰ আৰম্ভণিতে বীজ সিঁচি মাঘমাহৰ শেষত বা ফাগুণ মাহত ধান ৰুই বহাগ মাহৰ শেষত বা জেঠ মাহত ধান কটা হয়। পিতনি, খাল, বিল আদিৰ কাষৰীয়া দ ঠাই চহাই বড়োধানৰ খেতি কৰা হয়। বৰ্তমান অসমত বড়োধানৰ খেতিৰে বহু কৃষকে সফলতা লাভ কৰিছে। লগতে ঠাইবিশেষে চৰকাৰে যোগান ধৰা বড়ো ধানৰ বীজৰ খেতি কৰি ধানৰ সলনি পতান লাভ কৰাও নজিৰ আছে।
অসম, পশ্চিম বংগৰ কিছু অঞ্চল আৰু চুবুৰীয়া দেশ বাংলাদেশত পুৰণি কালৰে পৰা, নদী কাষৰীয়া অঞ্চলত বড়োধানৰ খেতি কৃষক সকলে কৰি আহিছে। বিশেষকৈ নৈ, বিল আদি দাঁতি কাষৰীয়া অঞ্চল সমূহত পানী জমা হৈ থকা আৰু বোকা কৰাৰ সুবিধালৈ লক্ষ্য ৰাখি মানুহে শীত কালতো ধান খেতি কৰাৰ চেষ্টাৰ ফলশ্ৰুতিতে বড়োধান উৎপত্তি হোৱা বুলি ধাৰণা কৰা হয়। বান পিড়িত কৃষক সকল সাধাৰনতে দ চানেকিয়া ঠাইৰ লোক, তেনে অঞ্চলত শালি খেতি বানৰ কবলত পৰি নষ্ট হয় আৰু লগতে আহু খেতিও আগতীয়া বানে ক্ষতি কৰে। এনে অঞ্চল বোৰত পানীৰ সুবিধা থাকিলে কৃষক সকলে সীমিত পৰিমাণত অতিজৰে পৰা বড়োধানৰ খেতি কৰি আহিছিল। লাহে লাহে যেতিয়া জলসিঞ্চনৰ সুবিধা উপলব্ধ হ’বলৈ ধৰিলে তেতিয়া ন ন অঞ্চলত বড়োধানৰ খেতিৰ সম্প্ৰসাৰণ হ’ল। উন্নত জাতৰ ব্যৱহাৰ, পানী আৰু সাৰৰ নিয়ন্ত্ৰিত প্ৰয়োগৰ ফলত বড়ো ধানৰ খেতি শালি ধানতকৈ অধিক লাভজনক হিচাপে পৰিগণিত হৈছে। বড়ো ধানৰ অনুমোদিত জাত:
বড়ো ধানৰ বাবে কোনো নিৰ্দিষ্ট শ্ৰেণীৰ জাত নাই যদিও সাধাৰণতে পোহৰ অসংবেদনশীল অৰ্ধ চাপৰ অধিক উৎপাদনক্ষম তথা যি বোৰ জাতৰ কঠীয়াৰ সময়ত শীত সহ্য কৰিব পৰা গুণ থাকে সেইবোৰ জাতকে বড়ো হিচাপে কৰা হয়। আজিকালি বহুতো উৎপাদনক্ষম আৰু একেবিধ জাতকে আহু, শালি আৰু বড়ো হিচাপে কৰিব পাৰি। যিহেতু বড়ো ধান বাৰিষা অহাৰ সময়ত পুৰঠ হয়, যিমান দূৰ সম্ভৱ এই জাত বৰষুণ অহাৰ আগতেই চপাব পৰা হব লাগে।
বড়ো ধানৰ জাতৰ সাধাৰণ বৈশিষ্ট সমূহ হ’ল :
- অৰ্দ্ধচাপৰ আৰু গাঢ় সেউজীয়া থিয় পাত যুক্ত।
- ১৬৫-১৭০ দিনত চপাব পৰা।
- শীত সহ্য কৰিব পৰা গুণ।
- পাতজ্বলা বেমাৰ প্ৰতিৰোধী।
- মজ্জাখোৱা আৰু গান্ধীপোক প্ৰতিহত কৰিব পৰা।
- ধান কটাৰ আগত আৰু পিছত দমাই থওঁতে গজালি নেমেলা গুণযুক্ত।
- অধিক উৎপাদনক্ষম (কমেও হেক্টৰত ৬০ কুইণ্টল)
বুলি বুজিলেও, আজিকালি মাটি দ’ নহ’লেও জলসিঞ্চনৰ ব্যৱস্থা থাকিলে বৰো খেতি সকলো অঞ্চলতে কৰিব পাৰি।
মাটি প্ৰস্ত্ত্তি;
বৰো ধানৰ খেতি নানা তৰহৰ মাটিত কৰিব পাৰি। বিল, পিতনি বা দলনিৰ দল, মেটেকা গুচাই তাৰে আলি বান্ধি হাল নোৱোবাকৈয়ে ৰুব পাৰি। ১০ মিটাৰ দৈঘ্য আৰু ৯.২৫ মিটাৰ বহল এখন কঠিয়াতলিত ৭৫০ গ্ৰামৰ পৰা ১ কিলোগ্ৰাম গজালি ওলোৱা বীজ সিঁচিব লাগে। ৫ কিলোগ্ৰাম বীজৰ পৰা হোৱা কঠীয়াৰে এবিঘা মাটি ৰুব পাৰি।
জলসিঞ্চিত বাম মাটি হ’লে ৪/৬ বাৰ হাল বাই মৈয়াই মাটি উলিয়াই ল’ব লাগে আৰু তাত পানী দি বোকা কৰি ৰুব ব্যৱস্থা কৰিব লাগে। বৰো ধান সেৰেঙাকৈ ৰুলে উৎপাদন কম হয়। সেয়ে ২.৫ ছে.মি.*১০-২০ ছে.মি. ব্যৱধানত গোটে প্ৰতি ২ ডাল কঠীয়া দি ৰুলে প্ৰকৃত পোখাৰ সংখ্যা পোৱা যায়।
বৰোধানৰ কঠীয়া তলিত প্লাষ্টিকৰ ছৈৰ ব্যৱহাৰ:
বৰো ধানৰ কঠীয়া সিঁচাৰ সময়ত (আঘোণ/পুহ) অতিপাত শীতৰ কাৰণে কঠীয়া নাবাঢ়ে। সেয়েহে কঠীয়া ওখ হোৱালৈকে বহুত সময়ৰ প্ৰয়োজন হয়। এই অসুবিধা আঁতৰাবলৈ বৰোধানৰ কঠীয়া তলিত প্লাষ্টিকৰ ছৈৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰুপ কৰা হয়।
প্লাষ্টিকৰ ছৈ তৈয়াৰ কৰিবলৈ হলে ১.২৫ মি: বহল আৰু ১০ মি: বহল কঠীয়া তলিৰ বাবে তলত উল্লেখ কৰা সামগ্ৰী সমূহৰ প্ৰয়োজন হয়।
ডাঠ পলিঠিন এখন (১.৫ মি: * ২মি:)
জাতি বাঁহ ২ ডাল
তাঁৰ/ৰছী ১০০ গ্ৰাম
পৰিশ্ৰামিক ৫/৬ ঘন্টা
প্ৰথমে, বাঁহৰ কিছুমান সৰু কামি তৈয়াৰ কৰি ছৈৰ আকাৰত এটা জকা সাজি তাঁৰ বা ৰচীৰে মজবুোতকৈ বান্ধি ল’ব লাগে। বাঁহৰ জকাটোৰ মাজ অংশৰ উচ্চতা ৭৫ ছে:মি: আৰু দৈৰ্ঘ্য ৫মি: হোৱা উচিত। কঠীয়া তলিতো ঢাক খোৱাকৈ ছৈখন দিৱ লাগে। নিৰ্দ্দিষ্ট জোখৰ পলিথিন খন বাঁহৰ জকাটোৰ দুই মূৰে মাটি স্পৰ্শ কৰাকৈ বাঢ়ি থকা অংশবোৰ মাটিৰে ভালদৰে লেপি দিব লাগে যাতে বাহিৰৰ বতাহ সোমাৱ নোৱাৰে। ৰাতিৰ ভাগত ছৈৰ দুয়োতা মুৰৰ ওলমি থকা পলিথিন বন্ধ কৰি দিব লাগে। গৱেষনাৰ পৰা দেখা গৈছে যে ছৈ ভিতৰত তাপমাত্ৰা ৪-৫° ছেলছিয়াছ বেছি হোৱাৰ বাবে কঠীয়া সোনকালে বাঢ়ে।
সাৰৰ পৰিমাণ আৰু প্ৰয়োগ:
সাৰৰ প্ৰয়োগে খেতিৰ শ্ৰীবৃদ্ধি কৰে আৰু উৎপাদন বঢ়ায়। বৰো ধানত তলত উল্লেখ কৰা ধৰণে সাৰ প্ৰয়োগ কৰিব লাগে।
জলসিঞ্চিত মাটিৰ ক্ষেত্ৰত ইউৰীয়া সাৰ খিনি তিনিভাগৰ এক অংশ, সম্পূৰ্ণ অংশৰ ফচ্ফেট আৰু পটাচৰ লগত মিহলাই একেলগে হাল বোৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে। বাকী থকা ইউৰীয়া সাৰখিনিৰ আধা অংশ পোখা উলোৱাৰ সময়ত আৰু শেষাংশ ধানৰ থোক উলোৱাৰ সময়ত চটিয়াই দিব লাগে।
পানী ব্যৱস্থাপনা:
জলাহ বা পিতনি অঞ্চলত কৰা বৰো খেতিত পানী যোগানৰ প্ৰয়োজন সাধাৰনতে নহয়। কিন্ত্ত জলসিঞ্চিত মাটিত নিয়মিত পানী যোগানৰ ব্যৱস্থা কৰিব লাগে। চাব লাগে যাতে ৰোৱা ২-৩ দিনৰ পিছৰ পৰা শস্য চপোৱাৰ ৭-১০ আগলৈ ৩-৭ ছে.মি. পানী পথাৰত থাকে।
সাম্ভাব্য বেমাৰ আজাৰ আৰু পোক পৰুৱাৰ পৰা পৰিত্ৰানৰ ব্যৱস্থা:
পাতজ্বলা আৰু ব্লাষ্ট বেমাৰৰ বাবে কাৰ্বেনডেজিম ১ গ্ৰাম/লিটাৰ পানীত,প্ৰয়োগ কৰিব লাগে।
ৰোৱাৰ ৫ দিনৰ পিছত বৰ্গমিটাৰত ৩ গ্ৰাম কাৰ্বফুৰাণ প্ৰয়োক কৰি শিপাত হোৱা শস্য কৃমি নিয়ন্ত্ৰণ কৰিব পাৰি। ঠিক তেনেকৈ প্ৰতিবৰ্গমিটাৰত ১ গ্ৰাম ডাইয়াজিনন প্ৰয়োগ কৰি গা-গছ অনিষ্টকাৰী ষ্টেম ব’ৰাৰ প্ৰতিৰোধ কৰিব পাৰি।
ধান চপোৱাৰ সময়:
বড়ো ধানে প্ৰায় ১৭০ দিন মান সময় লয়। এই সময়ত যিহেতু বৰষুণৰ সম্ভাৱনা থাকে সেয়েহে বৰো ধান আৰ্দ্ৰ পৰিবেশত থোক অৱস্থাতে গজালি নেমেলা গুণ যুক্ত হোৱাতো বাঞ্ছনীয়। আনহাতে বৰষুণত থোক বোৰ তিতাৰ পৰা হাত সাৰিবলৈ ধান কটাৰ পিছত ততালিকে ছালিযুক্ত ঠাইত দমাই থৈ চালিৰ তলত মৰণা মৰা ব্যৱস্থা কৰিব লাগে। মৰণা মৰা পিছত ধানবোৰ ভালদৰে শুকুৱাই মজুত কৰিব লাগে। আজিকালি বিদ্যুৎচালিত বীজ শুকুবা যন্ত্ৰৰ সহায়তো বাৰিষা কালত মৰণা মৰা ধান শুকুৱাৰ ব্যৱস্থা কৰিব পাৰি।
আজিকালি চৰকাৰী বা বে-চৰকাৰী ভাৱে জলসিঞ্চিন ব্যৱস্থা সহজে উপলব্ধ হৈ পৰিছে যাৰ ফলত বৰো খেতিৰ ক্ষেত্ৰখনৰো প্ৰসাৰ হৈছে। বৰ্ত্তমান এইটো প্ৰতিয়মান হৈছে যে (আহু,শালি) কৰা ধান খেতিতকৈ বৰো খেতিৰ উৎপাদন বেছি। বিশেষকৈ বানপানী হোৱা অঞ্চল সমুহত বৰো খেতিৰ জৰিয়তে কৃষক সকল যথেষ্ট পৰিমানে উপকৃত হ’ব পাৰে। ভাৰত চৰকাৰে বৰো খেতিৰ সম্প্ৰসাৰণত যথেষ্ট গুৰুত্ব দিছে। উৰিষ্যা, উত্তৰ প্ৰদেশ আদি ৰাজ্যলেও এই খেতিৰ ইতিমধ্যে সম্প্ৰসাৰণ হৈছে।
লগতে পঢ়কঃ শীতকালৰ শেষত কেনেকৈ আৰম্ভ কৰিব গ্ৰীষ্মৰ ফচল তিয়ঁহৰ খেতি?