Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 30 May, 2021 9:36 AM IST
Blast of Rice

   ধাননি পথাৰ এখনলৈ যেতিয়া আমি যাওঁ, সঘনাই চকুত পৰে ঘুৰনীয়াৰ পৰা অলপ দীঘল আৰু কম বহলৰ পাতত বা গাঁঠি বা শীহডালৰ তলত কিছুমান দাগ বা দাগবোৰ লগলাগি থকা পৰিলক্ষিত হয় |

যিহেতু লেবোৰেটৰীত পৰীক্ষা কৰিব পৰা আমাৰ সা সুবিধা নাই, সেয়ে কিতাপ অধ্যয়ন কৰি আৰু পথাৰ পৰ্যাবেক্ষণ কৰি পাত, গাঁঠি আৰু শীহডালৰ তলত দেখা দাগবোৰ ব্লাষ্ট ৰোগৰ বুলি বুজো আৰু নিৰাময়ৰ দিহা পৰামৰ্শ আগবঢ়াওঁ আৰু এই মূহুৰ্তত ব্লাষ্ট ৰোগ সম্পৰ্কীয় প্ৰশ্নোত্তৰ সমুহ আগবঢ়াইছোঁ কৃষক ৰাইজৰ হিতাৰ্থে :

প্ৰশ্ন 1 : ধানৰ ব্লাষ্ট ৰোগ কেনেকুৱা ধৰনৰ?

উত্তৰ : ধান গছৰ পাতত বা গাঁঠিত বা ধানৰ শীহডালৰ তলত ঘুৰণীয়াৰ পৰা দীঘে কেইবা মিলি মিটাৰ আৰু বহলে এক মিলি মিটাৰ আকাৰৰ মূগা বৰণীয়াৰ নীলা ধৰণৰ চাৰিওফালে ক'লা বা মূগা বৰণৰ আৱৰণেৰে আবৃত দাগবোৰকে ধানৰ ব্লাষ্ট ৰোগ বুলি কোৱা হয় |

আৰু পঢ়ক- আপুনি প্রয়োজনতকৈ অধিক শকত নেকি? এসপ্তাহৰ ভিতৰতে আপোনাৰ অলাগতিয়াল চর্বি আৰু ওজন কমাওক; জানক কেনেকৈ


প্ৰশ্ন 2 : ব্লাষ্ট ৰোগৰ কাৰক কি?

উত্তৰ : ব্লাষ্ট ৰোগৰ দুই ধৰণৰ কাৰকৰ পৰা হয় |
যেনে -
Causal organism :
1] Pyricularia grisea (Cooke)
2] Pyricularia oryzae Cavara.
[প্ৰথম বিধ প্ৰথমতে ঘাঁহত হৈছিল, তাৰ পিছত ধানলৈ আহিছিল |]

প্ৰশ্ন 3 : কি কি প্ৰকাৰৰ ব্লাষ্ট ৰোগ হয়?

উত্তৰ : ধানত তিনি প্ৰকাৰৰ ব্লাষ্ট ৰোগ হয় |
যথাক্ৰমে :

1) Leaf blast - পাতৰ ব্লাষ্ট |
2) Node blast - গাঁঠিৰ ব্লাষ্ট |
3) Neck blast - শীহৰ তলত হোৱা ব্লাষ্ট |

প্ৰশ্ন 4 : পাতৰ ব্লাষ্ট ( Leaf blast) কি আৰু ইয়াৰ ফলত কি হয়?

উত্তৰ : কঠীয়া তলিত কঠীয়াৰ পাতত আৰু মূলপথাৰত ধান পোখা মেলা (Tillering stage)ৰ পিচত ব্লাষ্ট ৰোগত আক্ৰান্ত হ'লে পাতত ঘুৰণীয়া আকাৰৰ, অথবা কেইবা মিলি মিটাৰ দীঘল আৰু 1মিলিমিটাৰ বহল আকাৰৰ মূগা বৰণীয়া মাজত পাতল ৰঙৰ দাগ হয় |
ইয়াকেই পাতৰ ব্লাষ্ট বা ইংৰাজীত Leaf blast হয় |

লিফ ব্লাষ্ট হ'লে, আক্ৰান্ত হোৱা দাগ পৰা ঠাই খিনিৰ ক্ল'ৰ'ফিল নোহোৱা হয় ফলত শালোকসংশ্লেষণ বা খাদ্য প্ৰস্তুত নহয় | আৰু গছৰ বৃদ্ধি কম হয়৷

আৰু পঢ়ক- এতিয়া আপুনি আপোনাৰ মোবাইলটোৰে তেজৰ অক্সিজেনৰ মাত্রা জুখিব পাৰিব। কিন্তু কেনেকৈ ?


প্ৰশ্ন 5 : ধানৰ নোড ব্লাষ্ট কি আৰু ইয়াৰ ফলত কি হয়?

উত্তৰ : গা-গছৰ গাঁঠিত দেখা দিয়া ব্লাষ্ট টোকে নোড ব্লাষ্ট (Node blast) বোলে |

ইয়াৰ ফলত গা-গছ দুৰ্বল হয় আৰু পোষক দ্ৰব্য আৰু খাদ্য সৰবৰাহত ব্যাঘাত জন্মে |

প্ৰশ্ন 6 : নেক ব্লাষ্ট (Neck blast) কি আৰু ইয়াৰ ফলত কি হয়?

উত্তৰ : ধানৰ ফুল ফুলাৰ সময়ত অথবা গাখীৰতী অৱস্থাত ( Milki stage) কিম্বা বীজ গঠন হোৱাৰ পিচত ধানৰ শীহডালৰ ঠিক তলতে আৰু ফ্লাগ লিফৰ পৰা ওলোৱা শীহডালৰ অংশত দেখা দিয়া ব্লাষ্ট ৰোগকে নেক ব্লাষ্ট (Neck blast) বোলে |

ফুল ফুলাৰ সময়ত আৰু গাখীৰতী অৱস্থাত নেক ব্লাষ্ট আক্ৰান্ত হ'লে, খাদ্য আৰু পোষক দ্ৰব্যৰ অভাৱত ধান খিনি পতান আৰু শীহডাল নভঙাকৈ সিধা হৈ থাকে |

গাখীৰতী অৱস্থাৰ পিচত বা বীজ গঠন হোৱাৰ পিচত নেক ব্লাষ্টত আক্ৰান্ত হ'লে শীহডাল ভাঙি যায়৷ মুঠৰ ওপৰত নেক ব্লাষ্ট আক্ৰান্ত ধান খেতিত পতান হয় |

আৰু পঢ়ক- আপুনি যদি কম টকাৰে ব্যৱসায় কৰিব বিচাৰে, তেন্তে এইটো কৰক ৷ প্ৰতিদিনে কমেও 4000 টকা উপাৰ্জন পাব

প্ৰশ্ন 7 : ব্লাষ্ট ৰোগৰ আক্ৰমণৰ প্ৰতিৰোধ বা নিৰাময়ৰ কি কি ব্যৱস্থা আছে ?

উত্তৰ : ব্লাষ্ট ৰোগ নহ'বলৈ অথবা ব্লাষ্ট আক্ৰান্ত ধান খেতিত তিনিধৰণৰ প্ৰতিকাৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি :
যথাক্ৰমে -
1) পৰম্পৰাগত নিয়ন্ত্ৰণ ব্যৱস্থা
2) ৰাসায়নিক নিয়ন্ত্ৰণ ব্যৱস্থা
3) ব্লাষ্ট প্ৰতিৰোধী জাতৰ ধান খেতি |

প্ৰশ্ন 8 : পৰম্পৰাগত নিয়ন্ত্ৰণ ব্যৱস্থা কি ধৰণৰ কৰিলে ব্লাষ্ট ৰোগৰ উপশম কৰা যায়?

উত্তৰ : কৃষি কাৰ্য নিয়ম মতে আৰু সঠিক সময়ত কৰিব লাগে |
জৈৱ আৰু জৈৱিক সাৰ প্ৰয়োগ কৰাটো অত্যন্ত আৱশ্যকীয় |
ৰাসায়নিক সাৰৰ ভিতৰত নাইট্ৰোজেন জাতীয় সাৰ সঠিক মাত্ৰাত প্ৰয়োজন অনুসৰি প্ৰয়োগ কৰিব লাগে | নাইট্ৰোজেন সাৰ প্ৰয়োজনতকৈ অধিক মাত্ৰাত প্ৰয়োগ কৰিলে ব্লাষ্ট ৰোগৰ প্ৰভাৱ বৃদ্ধি পায় |


প্ৰশ্ন 9 : ৰাসায়নিক নিয়ন্ত্ৰণ ব্যৱস্থা কি? আৰু কি কি পদ্ধতি গ্ৰহণ কৰিব লাগে?

উত্তৰ : ৰাসায়নিক নিয়ন্ত্ৰণ ব্যৱস্থা (Chemical method of control measures)ত ৰোগনাশক ( Fungicide(s))ব্যৱহাৰ কৰি ৰোগ নিৰাময় বা নিয়ন্ত্ৰণ কৰা হয় |

ব্লাষ্ট ৰোগৰ নিয়ন্ত্ৰণ কৰিবলৈ সাধাৰণতে ব্যৱহাৰ কৰা ৰোগনাশক দৰৱ ( Fungicide)বোৰ হ'ল :

1. Tricyclazole 75% WP
eg. (a) Sivic (b) Blastin
OR
2. Bavistin 50% WP

প্ৰয়োগ পদ্ধতি :

1. বীজ শোধন :
Tricyclazole 75% @2 - 4 gm / kg of seeds.
Or
Bavistin 50%WP @ 2-3 gm / kg of seeds.

2. Foliar spray :

Tricyclazole 75%
@ 0.5 gm / litre water

Or

Bavistin 50%WP
@ 1 gm / litre water.

তলত উল্লেখ কৰা অনুসৰি ব্লাষ্ট আক্ৰান্ত ধান খেতিত স্প্ৰে কৰিব লাগে :

কঠীয়া তলিত (Seed bed) : 1 বাৰ স্প্ৰে |

পোখা মেলাৰ সময়ত ( Tillering Stage) :
3 বাৰ স্প্ৰে কৰিব লাগে 10 দিনৰ মূৰে মূৰে |

ফুল ফুলাৰ সময়ত আৰু তাৰ পিছত ( before flowering and milky stage) :

2 বাৰ স্প্ৰে কৰিব লাগে 5 দিনৰ মূৰে মূৰে |

প্ৰশ্ন 10 : ব্লাষ্ট ৰোগ কি কি ধৰণে বিস্তাৰ লাভ কৰে?

উত্তৰ : তিনি ধৰণৰে ব্লাষ্ট ৰোগ প্ৰভাৱ বিস্তাৰ কৰে :
1. বীজ বাহীত ( Seed borne)
2.মাটি বাহীত Soil borne
3. কিছুপৰিমানে বায়ু বাহীত Airborne .

লিখক- নিৰ্ম্মল চন্দ্ৰ ঘোষ
SDAO, ধুবুৰী

আৰু পঢ়ক- শৰীৰৰ অক্সিজেনৰ স্তৰ বৃদ্ধি কৰিবলৈ এই দহ বিধ খাদ্য গ্রহণ কৰক (Top 10 foods for increasing oxyzen level in human body)
English Summary: Blast of rice and it's pesticides
Published on: 29 May 2021, 10:28 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now