তিতা কেৰেলা এবিধ মুখৰোচক আৰু গুণ বিশিষ্ট পাচলি। বহুমূত্ৰ ৰোগৰ ৰোগীসকলৰ পৰম বন্ধু এইবিধ পাচলিৰ খেতি সাধাৰণতে আগতীয়াকৈ অক্টোবৰ-নৱেম্বৰ মাহত, মধ্যমীয়াকৈ ফেব্ৰুৱাৰী-মাৰ্চত আৰু শেহতীয়াভাৱে জুন-জুলাই মাহত কৰা হয়। এই লেখাত শেহতীয়াভাৱে কৰা তিতা কেৰেলাৰ কৃষি পদ্ধতিৰ বিষয়ে কিছু তথ্য দিয়া হ’ল-
মাটি:
পানী ওলাই যোৱাৰ সুব্যৱস্থা থকা, বালিঅঁহীয়া, পলসুৱা, অধিক জৈৱিক গুণ থকা, মাটিত ৬.০-৭.০ পৰিমাণৰ অম্লতা থকা মাটি এই খেতিৰ বাবে উপযোগী।
মাটি প্ৰস্তুত:
২-৩ বাৰ হাল বাই মৈয়াই মাটিডৰা সমান কৰি মিহিকৈ চাহ কৰি ল’ব লাগে।
সাৰ প্ৰয়োগ:
প্ৰতি বিঘাত ১০ কুইন্টল পচন সাৰ বা শুকান গোবৰ, ইউৰিয়া ১০ কিলোগ্ৰাম, ছুপাৰ ফছফেট ২৫ কিলোগ্ৰাম আৰু মিউৰিট অব পটাছ সাৰ ৭ কিলোগ্ৰামৰ প্ৰয়োজন। ইয়াৰে ইউৰিয়া সাৰৰ আধাভাগ আৰু সমুদায় সাৰখিনি মাটি চাহ কৰা সময়ত প্ৰয়োগ কৰিব লাগে। আধাভাগ ইউৰিয়া ফুল আৰু ফল ধৰাৰ সময়ত টপদ্ৰেচ হিচাপে প্ৰয়োগ কৰিব লাগে।
জাত:
মনছুৰ মনৰ্ক, লং গ্ৰীণ মনছুন।
বীজৰ পৰিমাণ:
বিঘাই প্ৰতি ৮০০-৯০০ গ্ৰাম।
বীজ সিঁচাৰ সময়:
জুন-জুলাই মাহৰ ভিতৰত।
ব্যৱধান:
শাৰীৰ মাজৰ ব্যৱধান ১.৫-২.৫ মিটাৰ আৰু গছৰ ব্যৱধান ৬০ ছেন্টিমিটাৰ ১.২ মিটাৰ হ’ব লাগে।
জলসিঞ্চন:
খৰাং বতৰত ৮-১০ দিনৰ অন্তৰে অন্তৰে জলসিঞ্চন কৰিব লাগে।
খেতি চপোৱা:
ফলবোৰ কোমল আৰু সেউজীয়া হৈ থাকোঁতে খেতি চপাবৰ উপযুক্ত হয়।
উৎপাদন:
বিঘাই প্ৰতি ১৫-১৮ কুইন্টল।
লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা(বিকাশপেডিয়া)