পাঞ্জাবাৰী শিল্পগ্ৰামত এটা বিশেষ প্ৰগ্ৰেফম উপভোগ কৰাৰ বাবে এমাহমানৰ আগতে পৰিয়ালৰ সৈতে গৈছিলোঁ। প্ৰগ্ৰেম শেষ হোৱাত বহু দেৰি হোৱাৰ বাবে আমি পাঞ্জাৱাৰীতে এখন ৰেষ্টুৰেন্টত নৈশ আহাৰ খোৱাৰ সিদ্ধান্ত ল’লো।
গতিকে থলুৱা অসমীয়া খাদ্য যোগান ধৰা এখন ৰেষ্টুৰেন্টলৈ গ’লো। আগতেও দুই-এই তিনিবাৰ সেই ৰেষ্টুৰেন্টলৈ যোৱাৰ অভিজ্ঞতা আছিল, কাৰণ থলুৱা আৰু অসমীয়া খাদ্য উপলব্ধ সেই ৰেষ্টুৰেন্টখনত। কিন্তু সেইদিনা এক বিশেষ আকৰ্ষণ আছিল পাতত দিয়া মছন্দৰী শাক, ভেদাইলতা জোলৰ লগত পুৰাকলৰ কুপতা।
অতি তৃপ্তিৰে নৈশ আহাৰ গ্ৰহণ কৰি মেনেজাৰজনক প্ৰশংসা কৰি আহিলোঁ তেওঁলোকৰ প্ৰচেষ্টা গ্ৰাহকক সন্তুষ্ট কৰিব পৰাত আৰু সুন্দৰ সম্পূৰ্ণ অসমীয়া খাদ্য যোগান ধৰাত। মছন্দৰী শাক, ভেদাইলতাৰ উগ্ৰ গোন্ধৰ বাবে সৰুতে মই আৰু মোৰ বায়ে দূৰত্ব তিনি জাঁপ মাৰিছিলোঁ। সৰুতে ইমান যে বেয়া পাইছিলোঁ এই দুবিধ বনৌষধি উদ্ভিদ হজম কৰায়ে বিশেষ অসুবিধা আছিল। কিন্তু পুৰাকল মই সৰুৰে পৰা ভাল পাইছিলোঁ।
মায়ে যেতিয়া মছন্দৰী শাক সিজাই তেল-নিমখ দি পিটিকা বনাই আৰু ভেদাইলতাৰ জোল বনাই ভাতৰ পাতত দিয়ে, তেতিয়া মোৰ আৰু বাৰ অৱস্থা বেয়া হৈ গৈছিল। সৰুতে মছন্দৰী আৰু ভেদাইলতাৰ গোন্ধ আৰু সোৱাদ ইমান বেয়া পাইছিলো যে মাৰ ভয়ত কিবা কৰি মছন্দৰী পিটিকা আৰু ভেদাইলতা জোল শেষ কৰিছিলোঁ।
মোৰ সৰুতে যিহেতু ইনফেষ্টিভ ডায়েৰীয়া হৈছিল, গতিকে মায়ে পেটৰ বাবে খুব লাভদায়ক যেনে- মছন্দৰী শাক, ভেদাইলতা, পুৰাকল, বেলৰ চৰবত আদি প্ৰায়ে খুৱাবলৈ চেষ্টা কৰিছিল।
কিবা কৰি নাক-মুখ বন্ধ নাক-মুখ বন্ধ কৰি ওপৰত উল্লেখ কৰা বেল ফলৰ চৰবৰ, মছন্দৰী শাকৰ পিটিকা বা জোল আৰু ভেদাইলতাৰ জোল সেৱন কৰিছিলোঁ। কিন্তু সৰুতে বেয়া পোৱা এই আটাইবোৰ ফল, শাক, বনৌষধি মোৰ খুব প্ৰিয় হৈ পৰিল কলেজীয়া দিনৰ পৰা আৰু বৰ্তমানো মোৰ প্ৰিয় ফল, শাক; কাৰণ ডাঙৰ হোৱাৰ পিছত মই এই ফল, শাক বা বিভিন্ন বনৌষধিবোৰৰ বিশেষ গুণসমূহ বিশ্লেষণ কৰিব পাৰিছিলোঁ।
আয়ুৰ্বেদিক মহাবিদ্যালত প্ৰৱেশ কৰাৰ পিছত ইয়াৰ গুণ সম্পৰ্কে জ্ঞান অৰ্জন কৰোঁ আৰু দৈনন্দিন জীৱনত কিমান স্বাস্থ্যৰ বাবে উপযোগী প্ৰচলিত ফুল, ফল, শাক আৰু বনৌষধি, সেই বিষয়ে ৰাইজক অৱগত কৰিব পাৰিছোঁ।
মছন্দৰী, ভেদাইলতা, পুকাকল সহজে উপলব্ধ বনৌষধি উদ্ভিদ আৰু ফল। গাঁৱত প্ৰায় সকলোৰে বাৰীত ওপৰত উল্লেখ কৰা শাক, ফল আদি উপলব্ধ।
মছন্দৰী, ভেদাইলতা, পুৰাকল পেটৰ অসুখত খুব উপযোগী। ডিচেন্ট্ৰী, ডায়েৰীয়া, গেষ্ট্ৰাইটিছ আদিত খুব উপযোগী। ১ বছৰ বয়সৰ পৰা বৃদ্ধ বয়সৰ লোকে সেৱন কৰিব পাৰে মছন্দৰী, ভেদাইলতা আৰু পুৰাকল।
কেৱল যে পেটৰ অসুখত মছন্দৰী, ভেদাইলতা, পুৰাকল ব্যৱহাৰ হয় তেনে নহয়।
*বল ক্ষয়,
*দুৰ্বলতা,
*ধাতু ক্ষয়,
*ৰক্তহীনতা,
*বিষ আদিত ব্যৱহাৰ কৰিব পাৰি।
পুৰাকলত প্ৰচুৰ পৰিমাণে -
*আইৰন,
*মেগনেছিয়াম,
*জিং,
*ফছফৰাছ উপলব্ধ, গতিকে ৰক্তহীনতা, বল ক্ষয়, ধাতু ক্ষয় আৰু যিকোনো ধৰণৰ বিষৰ বাবে খুব উপযোগী।
মছন্দৰীত প্ৰচুৰ পৰিমাণে কেলছিয়াম, ভিটামিন এ পোৱা যায়। গতিকে-
*যিকোনো বিষত,
*পেটৰ অসুখত,
*এলাৰ্জী,
*ধাতু ক্ষয়,
*ছালৰ ৰোগত বিশেষ উপযোগী।
মছন্দৰী এন্টিঅক্সিডেন্ট গুণসম্পন্ন, গতিকে ৰক্তহীনতা, প্ৰসৱৰ পিছত দুৰ্বলতাত খুব উপযোগী।
ভেদাইলতাত প্ৰচুৰ পৰিমাণে আইৰন, ফছফৰাছ, ভিটামিন উপলব্ধ, গতিকে পেটৰ অসুখৰ লগতে-
*যকৃত ৰোগ,
*ছালৰ ৰোগ,
*চুলিৰ ৰোগ,
*বল ক্ষয়,
*দুৰ্বলতা, বিষ,
*যৌনি ৰোগ,
*টনচিলাইটিছ আদিত খুব উপযোগী।
ৰন্ধন প্ৰণালী -
আমাৰ ল’ৰা-ছোৱালীবোৰ মছন্দৰী, ভেদাইলতা পুৰাকল আদি খাই খুব বেয়া পায়, গতিকে আমি ৰন্ধন প্ৰণালীটো বেলেগ কৰি খুৱাবলৈ চেষ্টা কৰিব লাগে। যদিও কেঁচা ৰসত যিমান পৰিমাণৰ ভিটামিন, আইৰন, জিং, মেগনেছিয়াম উপলব্ধ থাকে, হয়তো ইয়াক ৰান্ধি খালে তাৰ কিছু পৰিমাণৰ ভিটামিন হ্ৰাস পায়, গতিকে আমি পাৰিলে ৰস উলিয়াই খুৱাবলৈ চেষ্টা কৰিব লাগে, নহ’লে মাছৰ লগত জোল বনাই খুৱাব পাৰি। পকৰী, চুপ, ষ্টও আদি বনাই খুৱাব পাৰি। পুৰাকল বিভিন্ন ধৰণে খাব পাৰে, যেনে- পিটিকা বনাই, চপ বনাই, কুকতা বনাই, বৰা বনাই খাব পাৰি, কিন্তু যদি পুৰাকল সিজাই তাৰ ৰসটো খাব পাৰে, তেনেহ’লে প্ৰচুৰ পৰিমাণৰ আইৰন পোৱা যায়। ডিঙিৰ ভিতৰত যিকোনো বিষত যেনে- ফেৰেনজাইটিছ, টনচিলাইটিছ, লেৰেনজাইটিছ আদিত মছন্দৰী ৰস, ভেদাইলতা ৰস, নহৰু ৰস আৰু হালধিৰ ৰস গৰম পানীত মিহলাই কুলকুলি কৰিলে উপশম পায়। ভেদাইলতা ৰস, তুলসী ৰস আৰু হালধি ৰস কুহুমীয়া পানীত মিহলাই যৌনি ধুলে যৌনি সম্বন্ধীয় ৰোগ যেনে- শ্বেত প্ৰদাহ, যৌনিত খজুতি আদি দূৰ হয়।
লেখিক: ডাঃ কৰবী হাজৰিকা চৌধুৰী
পূৰ্ব প্ৰকাশঃ বিকাশপেডিয়া