
উত্তৰ-পূব চাহ সংস্থাৰ (North Eastern Tea Association)ই অসমৰ চাহ উৎপাদনক লৈ শেহতীয়াকৈ এক তথ্য প্ৰকাশ কৰিছে । তথ্য অনুসৰি জানুৱাৰীৰ পৰা নৱেম্বৰলৈকে ২০১৯ চনৰ তুলনাত যোৱা বছৰ অসমৰ মুঠ চাহ উৎপাদন প্ৰায় ৮% হ্ৰাস পাইছে ।
২০২০ চনত ৰাজ্যখনৰ চাহ উৎপাদন কোভিড-19 লকডাউনৰ দ্বাৰা প্ৰভাৱিত হৈছিল । জানুৱাৰীৰ পৰা নৱেম্বৰ লৈকে ২০২১ চনত মুঠ চাহ উৎপাদন আছিল ৬৪১.২৩ নিযুত কিলোগ্ৰাম, ২০২০ চনত ৫৯৩.৫৮ নিযুত কিগ্ৰা আৰু ২০১৯ চনত ৬৯৩.৬২ নিযুত কিগ্ৰা ।
লক্ষ্যণীয়ভাৱে ২০১৯ বৰ্ষৰ গোটেই বছৰটোত অসমৰ চাহ উৎপাদন আছিল ৭১৬.৪৯ নিযুত কিলোগ্ৰাম যিটো দেশৰ মুঠ উৎপাদনৰ ৫১.৫৪% । ২০১৯ বৰ্ষত দেশৰ মুঠ চাহ উৎপাদনৰ পৰিমাণ আছিল ১৩৯০.০৮ নিযুত কিলোগ্ৰাম । ২০২০ বৰ্ষত ক’ভিড লকডাউনৰ বাবে অসমত মুঠ চাহ উৎপাদন ৬১৮.২০ নিযুত কিলোগ্ৰামলৈ হ্ৰাস হয়, যিটে ২০২৯ চনৰ তুলনাত ১০০ নিযুত কিলোগ্ৰাম ক’ম আছিল । ২০২০ বৰ্ষত দেশৰ মুঠ চাহ উৎপাদন আছিল ১২৫৭.৫৩ নিযুত কিলোগ্ৰাম।

২০২১ বৰ্ষটো অসম চাহ উদ্যোগৰ বাবে ভাল নহয় কিয়নো এফালে উৎপাদন সাধাৰণ বছৰৰ তুলনাত ক’ম আনফালে আগৰ বছৰৰ তুলনাত চাহপাতৰ ক’ম মূল্য প্ৰাপ্তি ।
“২০২১ বৰ্ষত ৰাজ্যখনৰ মুঠ উৎপাদন ২০১৯ চনৰ একে সময়ৰ তুলনাত ৫২ নিযুত কিলোগ্ৰাম (প্ৰায় 8%) কম । ক’ভিড-১৯ৰ পৰিপেক্ষিতত লকডাউনৰ বাবে ২০২০ চনত উৎপাদন এক বিভ্ৰান্তি আছিল” বৃহস্পতিবাৰে উত্তৰ-পূব চাহ সংস্থাৰ (NETA) উপদেষ্টা আৰু ইণ্ডিয়াৰ চাহ বোৰ্ডৰ প্ৰাক্তন উপাধ্যক্ষ বিদ্যানন্দ বৰকাটাকীয়ে কয়।
লগতে পঢ়কঃ দাৰ্জিলিঙৰ চাহৰ উৎপাদন ২০২১ চনত সৰ্বনিম্ন
Share your comments