Krishi Jagran Tamil
Menu Close Menu

দাৰ্জিলিঙৰ চাহৰ উৎপাদন ২০২১ চনত সৰ্বনিম্ন

Tuesday, 04 January 2022 11:15 AM

বিশ্বব্যাপী আটাইতকৈ জনপ্ৰিয় চাহৰ প্ৰকাৰবোৰৰ ভিতৰত দাৰ্জিলিং চাহ অন্যতম । কিন্ত উল্লেখযোগ্য খবৰটো হ’ল যে বিগত দুটা দশকত দাৰ্জিলিং চাহৰ উৎপাদন ক্ষীপ্ৰ গতিত কমি আহিছে । ২০২১ বৰ্ষত ইয়াৰ উৎপাদন ৬.৫ নিযুত কিলোগ্ৰামলৈ হ্ৰাস পাইছে যিটো অভিলেখত আটাইতকৈ সৰ্বনিম্ন । দুই দশক আগতে উৎপাদিত ১৩  নিযুত কিলোগ্ৰামৰ মাত্ৰ আধা ।

Darjeeling Tea

Darjeeling Tea

জলবায়ু পৰিৱৰ্তন, বাগিচা বন্ধ কৰা, চাহ শ্ৰমিকসকলৰ মাজত উচ্চ স্তৰৰ অনুপস্থিতি, ২০১৭ চনত পাহাৰত আন্দোলনৰ ফলত ৰপ্তানি বজাৰ হেৰুওৱা আৰু ঘৰুৱা বজাৰত দাৰ্জিলিং চাহৰ প্ৰচাৰৰ সামান্য প্ৰচেষ্টাৰ ফলত ইয়াৰ পতন ঘটিছে । উদ্ভিদ বিজ্ঞানীসকলে আশংকা কৰে যে যদি চৰকাৰে পুনৰুজ্জীৱিত পেকেজ লৈ নাহে, তেন্তে ভাৰতীয় চাহ উদ্যোগৰ পতাকাবাহক দাৰ্জিলিং চাহ হিমাচল প্ৰদেশৰ পালমপুৰৰ চাহৰ দৰেই ইতিহাসত হেৰাই যাব।

লগতে পঢ়কঃ ক’ভিড-১৯ (Covid-19) ত আক্ৰান্ত হ’ল অৰবিন্দ কেজৰিৱাল

Darjeeling Tea Farmer

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2022 Krishi Jagran Media Group. All Rights Reserved.