Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 6 February, 2024 3:16 PM IST
Apple berry Farming benefit

সম্প্ৰতি অসমৰ বহু কৃষকে নতুনকৈ কৰিবলৈ এবিধ লাভজনক খেতি হ’ল  বগৰী খেতি। বৰ্তমান ১ কেজি বগৰীৰ দাম ৮০-১০০ টকা। সম্প্ৰতি বহু কৃষকে পুখুৰী পাৰত, বালিয়া আৰু নৈপৰীয়া মাটিত এই খেতি কৰিবলৈ আৰম্ভ কৰিছে। কাৰণ এই খেতিৰ বাবে বালিয়া মাটি আটাইতকৈ উপযোগী। অসমৰ মাটিৰ উপযোগী বগৰীৰ জাতকেইটা হ’ল-  Thai Green", "Kashmiri Red" আৰু "Ball Sundari" আদি।

এই খেতি লাভজনক বুলি কোৱা কাৰণ কেইটা এনেধৰণৰ-

১। এবাৰ ৰোপন কৰিলে ১০-১৫ বছৰলৈ ফল দি থাকিব।

২। বৰ বেছি যত্ন ল’ব নালাগে। ৰোৱাৰ পাছত বছৰকেত মাত্ৰ এবাৰ কলম দিব লাগে।

৩। ৰোপনৰ ৮-৯ মাহৰ ভিতৰত বগৰীৰ পুলিত ফল লাগিবলৈ ধৰে।

৪। বগৰী খেতিৰ বাবে বৰ বেছি সাৰুৱা মাটিও প্ৰয়োজন নহয়। অন্য খেতি ভাল নোহোৱা পথাৰত এই খেতি কৰিব পাৰে।

কৃষক জিতু গগৈয়ে জানিবলৈ দিয়া মতে, এজোপা গছত বছৰি ২৫-৩০ কেজি বগৰী লাগে। কৃষক জিতু গগৈয়ে তেওঁ পুখুৰীৰ পাৰত বগৰী গছসমূহ ৰোপন কৰিছে আৰু বছৰি তাৰ পৰা বিনা পৰিশ্ৰমে উপাৰ্জন কৰি আহিছে। একেদৰে পুখুৰীৰ পাৰতে এই খেতি কৰিছে ধেমাজিৰ কৃষক মুক্তা দিহিঙিয়াই। তেওঁ পুখুৰীৰ পাৰত ৰোপন কৰা বগৰী গছত লগা বগৰীবোৰৰ আকাৰ এটা সৰু আপেলৰ সমান।

Apple berry Farming

শেহতীয়াকৈ মাজুলিৰ এজন যুৱক ৰঞ্জিত কলিতাই বগৰী খেতিৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে। বিগত ২ বছৰ ধৰি যুৱকজনে জৈৱিকভাৱে ২ বিঘা কৃষিভূমিত আপেল বগৰীৰ খেতি কৰি আহিছে। ২০২৩ বৰ্ষত ২ বিঘা মাটিৰ খেতিৰপৰা ৪০ কুইণ্টলতকৈও অধিক বগৰী উৎপাদন কৰাৰ লগতে প্ৰায় ২ লক্ষাধিক টকা উপাৰ্জন কৰিবলৈও সক্ষম হয়।

লগতে পঢ়ক- 

Arohi & Bishala : বিশালা-আৰোহীৰ খেতি কৰক বিঘাত ৮-১০ টনকৈ উৎপাদন কৰক

English Summary: Apple berry Farming benefit
Published on: 06 February 2024, 03:13 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now