অসমৰ নিচিনা এখন কৃষিপ্রধান ৰাজ্যত যত আধাতকৈও বেছি সংখ্যক লোক কৃষিৰ সৈতে জড়িত, এনেকুৱা এখন ৰাজ্যত কৃষিৰ গুৰুত্ব অধিক। কিন্তু ৰাজ্যখনে বৰ্দ্ধিত চাহিদা আৰু ক্ৰমবৰ্দ্ধমান জনসংখ্যাৰ অনুপাতত কৃষিৰ উৎপাদন বৃদ্ধি কৰিব পৰা নাই। প্রথম পৰিকল্পনাৰ শেষলৈকে অসম এখন ৰাহি খাদ্য শস্য উৎপাদনকাৰী ৰাজ্য আছিল। কিন্তু দ্বিতীয় পৰিকল্পনাৰ আৰম্ভনিৰ পৰা কৃষিৰ উৎপাদনৰ হাৰ মন্থৰ আৰু আনহাতে জনসংখ্যাৰ ক্ৰমবৰ্দ্ধমান বৃদ্ধিৰ ফলত অসম এখন খাদ্য ঘাটি ৰাজ্যত পৰিণত হৈছে। অসমত কৃষি উন্নয়নৰ বাবে অনুকুল পৰিৱেশ আৰু জলবায়ু থাকিলেও ইয়াৰ সফলতাৰ ক্ষেত্ৰত কিছুমান প্রতিবন্ধকতা থকা দেখা যায়। কৃষি ক্ষেত্ৰত আনুষ্ঠানিক, কাৰিকৰী আৰু অন্যান্য দিশত বহুতো আসোঁৱাহ থকা হেতুকে কৃষিৰ উৎপাদিকা শক্তি নিম্ন অসমত কৃষিভিত্তিক উদ্যোগ যেনে, চাহ, চেনী, মৰাপাট, কাগজ, বনস্পতি, হস্ততাঁত শিল্প ইত্যাদিৰ প্ৰচুৰ সম্ভাৱনা থকা সত্বেও চাহ উদ্যোগৰ বাহিৰে অন্য কোনো উল্লেখযোগ্য কৃষিভিত্তিক উদ্যোগে সফলতা লাভ কৰিব পৰা নাই।
অসমৰ নিচিনা মূলধন তাকৰ ৰাজ্য য'ত অসংখ্য নিৱনুৱা আছে, এনেকুৱা এখন ৰাজ্যত কৃষিয়ে বুজন পৰিমাণৰ শ্রমিকক কর্মসংস্থাপন দিব পাৰে । তদুপৰি মূলধন গঠনত সহায় কৰিব পৰা কৃষিৰ সমৃদ্ধিয়ে গ্ৰাম্য উন্নয়নৰ বিভিন্ন ক্ষেত্ৰত এক বৃহৎ বৰঙণি আগবঢ়াব পাৰে। অসমৰ অৰ্থনীতিত কৃষিৰ ইমানখিনি গুৰুত্ব থকা সত্বেও কৃষিৰ উৎপাদন প্রয়োজনমতে বৃদ্ধি কৰিব পৰা নাই। গতিকে কৃষিৰ অনগ্ৰৰতাৰ কাৰণসমূহ বিশ্লেষণ কৰিলে প্ৰথমতে দেখিবলৈ পোৱা যায় যে কৃষিত অত্যধিক জনসংখ্যাৰ হেঁচা পৰাৰ বাবে কৃষি মাটি খণ্ড-বিখণ্ড, জনমূৰি মাটিৰ পৰিমাণ হ্রাস, কৃষিগত নিৱনুৱা সমস্যাৰ সৃষ্টি, কৃষকৰ উৎপাদনশক্তি হ্রাস আদি বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে। খেতিৰ মাটিবোৰ সৰু খণ্ড গেটিত পৰিণত হোৱা বাবে আৰু সেইবোৰ বিভিন্ন ঠাইত অসংলগ্নভাবে হৈ থকাৰ বাবে সেইবোৰ ঠাইত উন্নত বৈজ্ঞানিক প্রণালী অর্থাৎ টেক্টব দিব্যৱহাৰ কৰিবলৈ অসুবিধা। আকৌ এই মাটিবোৰ একে গুণসম্পন্ন নোহোৱা বাবে খেতিয়কসকলে একত্ৰিকৰণত মনোনিবেশ নকৰে নাইবা চৰকাৰেও জনপ্রিয়তা হেৰুৱাৰ ভয়ত কঠোৰ আইন প্রণয়ন কৰিবলৈ নিবিচাৰে।
অসমৰ কৃষিকাৰ্য ১২ মাহে সম্পাদন কৰা নহয়। অর্থাৎ বছৰটোৰ ৬/৭ মাহ কৃষিকাৰ্য কৰি কৃষকসকলে বাকী সময়ছোৱা ঘৰতে এনেই বহি থাকে। তেওঁলোকৰ আন কামৰ প্ৰতি আগ্রহ নাই বা নিজৰ জন্মস্থান এৰি নগৰলৈ যাবলৈ হা নকৰাৰ বাবে তেওঁলোকৰ উপার্জন কমি যায়। তেওঁলোকে এইখিনি নিম্ন আয়েৰে পৰিয়ালৰ পোহপাল দিয়াৰ উপৰিও কৃষি উন্নয়নৰ বাবে ব্যৱস্থা ল'বলৈ হাতত মূলধন নথকাৰ বাবে কৃষি উৎপাদন নিম্ন হয়। আকৌ এতিয়াও বহু ঠাইত পুৰণি পদ্ধতিৰে খেতি কৰা হয়। সৰহ সংখ্যক কৃষক অশিক্ষিত আৰু দুখীয়া হোৱা বাবে আধুনিক বৈজ্ঞানিক প্ৰণালীৰে খেতি কৰিবলৈ সক্ষম নহয়। জাপান আৰু পশ্চিমীয়া দেশবিলাকত উন্নত যন্ত্রপাতি ব্যৱহাৰ কৰি যথেষ্ট পৰিমাণে উৎপাদন বৃদ্ধি কৰিব পাৰিছে। আমাৰ কিছু সংখ্যক কৃষকে উন্নত সা-সঁজুলি ব্যৱহাৰ কৰি উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হৈছে যদিও সেইবোৰ যথেষ্ট নহয়। কৃষিত ৰাসায়নিক সাৰ প্ৰয়োগ, উচ্চ উৎপাদনক্ষম বীজৰ প্ৰয়োগ কৰিব নোৱাৰাৰ ফলতো উৎপাদন আশানুরূপ হোৱা নাই। অর্থাৎ কৃষিত কম পৰিমাণৰ মূলধন প্রয়োগ হোৱাৰ বাবে ইয়াৰ উৎপাদন নিম্ন হৈছে।
অসমৰ কৃষিকাৰ্যত জলসিঞ্চনৰ অভাৱে দেখা দিয়ে। এতিয়াও বহু ঠাইত জলসিঞ্চনৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব পৰা নাই। বৰষুণৰ বাবে প্ৰকৃতিলৈ বাট চাবলগীয়া হোৱাত খেতি বেছি ভাল নহয়। অসমৰ প্ৰাকৃতিক বৰষুণ খুব অনিয়মীয়া আৰু অনিশ্চিত। অসমৰ নদীসমূহত বহুমুখী পৰিকল্পনা কার্যকৰী, বানপানী নিয়ন্ত্রণ, জলসিঞ্চনৰ লগতে কৃষিকার্য যান্ত্রিকীকৰণ কৰিব পাৰি। যিবোৰ অঞ্চলত এনে আঁচনি কাৰ্যকৰী হৈছে, কেৱল সেই অঞ্চলবোৰতহে কৃষিৰ উৎপাদিকা শক্তি যথেষ্ট বৃদ্ধি পাইছে। আমি জনাত অসমত প্ৰতিবছৰে অনাবৃষ্টি, অতিবৃষ্টি, বানপানী আদিৰ ফলত কৃষিৰ ফচল নষ্ট হয়। সাধাৰণতে ধানখেতি আদি কৰিবলৈ প্ৰচুৰ পৰিমাণৰ পানীৰ প্ৰয়োজন। খেতিয়কে মৌচুমী বতাহৰ কাৰণে যদিও অসমত প্ৰচুৰ পৰিমাণে বৰষুণ পায়, কিন্তু এই বৰষুণ বৰ অনিশ্চিত। আকৌ এই বৰষুণ সকলো ঠাইতে সমানে নহয়। অসমৰ কৃষি বাৱস্থাৰ আন এটা ত্রুটিৰ ভিতৰত ক'ব পাৰি যে অসমৰ কৃষিজাত দ্রব্যসমূহ থ'বলৈ উপযুক্ত বৈজ্ঞানিক পদ্ধতিৰ শীত-তাপ নিয়ন্ত্রিত ভঁৰাল নথকাৰ বাবে কৃষকে ভিতৰুৱা গাঁৱৰ পৰা কৃষিজাত সামগ্ৰী দুৰৰ বজাৰলৈ নিয়া অসুবিধা হয় বাবে খেতিয়কসকলে গাঁৱৰ হাট-বজাৰে নাইবা ধনী মহাজনৰ ওচৰত কম দামতেই বিক্ৰী কৰিবলৈ বাধ্য হয়। ফলত খেতিয়কসকলে উৎপাদিত শস্যৰ উচিত মূল্য নাপায়। অর্থাৎ আমাৰ কৃষি ব্যৱস্থাৰ সমস্যা হৈছে বিক্ৰী ব্যৱস্থাৰ ত্ৰুতি। বেছিভাগ কৃষক গাঁৱৰ মহাজনৰ ওচৰত ঋণগ্রস্ত। সেয়েহে উৎপাদিত সামগ্ৰীবোৰ তেওঁৰ ওচৰত কম দামতেই বিক্ৰী কৰিবলৈ বাধ্য হয়।
আনহাতে কৃষিজাত সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ উপযুক্ত বজাৰৰ অভাৱে দেখা দিয়ে। অৱশ্যে যদিও সমবায় বিক্ৰী সমিতিৰ জৰিয়তে উপযুক্ত সময়ত উৎপাদিত বস্তুবোৰ বিক্ৰী কৰিব পাৰি তথাপিও এই সমবায় বিক্ৰী সমিতিবোৰ সকলো ঠাইতে উপযুক্তভাৱে গঢ়ি উঠা নাই।তাৰোপৰি অসমৰ ক্ৰতিপূৰ্ণ ভূমি-সংস্কাৰৰ নীতি হ’ল কৃষি ব্যৱস্থাৰ আন এটা ত্ৰুতি । আধিয়াৰৰ উৎপাদিত শস্যৰ অংশৰ পৰিমাণ বৃদ্ধি কৰাৰ ফলত মাটিৰ প্রকৃত মালিৰে নিজে নাইবা আন বনুৱা লগাই কৃষিকাৰ্য কৰিবলৈ লোৱাত বহুতো লোক উচ্ছেদ কৰা হৈছে। বায়তী স্বত্বৰ নিৰাপত্তাৰ অভাৱত প্রান্তিক খেতিয়কে (Marginal Farmer) উৎপাদন বৃদ্ধিত উৎসাহ হেৰুৱাইছে। কৃষি ভূমিত প্ৰকৃত মালিকৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। দেখা গৈছে যে সেউজ বিপ্লৱৰ যোগেদি পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, তামিলনাড়ু, অন্ধ্ৰপ্ৰদেশ আদি ৰাজ্যত কৃষি উন্নয়ন সম্ভৱপৰ হৈছে। সেইবোৰ ৰাজ্যত গোটেই বছৰ ধৰি কৃষিকার্য সম্পাদন কৰা হয়। এইদৰে অসমতো এইবোৰ ব্যৱস্থা গ্ৰহণ কৰি বৰ্দ্ধিত জনসংখ্যা অনুপাতে কৃষিৰ বৃদ্ধি কৰিব পৰা যাব বুলি আশা কৰিব পাৰি।
লেখিকাঃ ড০ নমিতা দেৱী,
সহযোগী অধ্যাপক, অৰ্থনীতি বিভাগ
পশ্চিম গুৱাহাটী মহাবিদ্যালয়,
ফোনঃ ৮৭২১৮৩৪৭২৫
লগতে পঢ়কঃ জৈৱিক কপাহ (Organic Cotton)ৰ উৎপাদনৰ ক্ষেত্ৰত এম.পি. আৰু উৰিষ্যা শীৰ্ষত