Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 14 September, 2022 2:27 PM IST
A few familiar herbs

আমাৰ শাকনিবাৰীখনৰ য’তে ত’তে অনেক চিনাকি বা অচিনাকি উদ্ভিদ দেখা যায়, যাৰ বিষয়ে সবিশেষ জনা নাযায়। তেনে কেইবিধমান বনৌষধি উদ্ভিদৰ বিষয়ে উল্লেখ কৰা হ’ল।

নিলাজী বনঃ

এবিধ কাঁইটীয়া লতাজাতীয় উদ্ভিদ। হাতেৰে স্পৰ্শ কৰিলে জাপ খাই যায়। এই গছৰ পাতৰ ৰস কেঁচুমূৰীয়া ৰোগত উপকাৰত আহে। হাড়ত দুখ পালে নিলাজী পাতৰ ৰস লগালে বিষ কমে। পাতৰ ৰসৰ লগত ঔটেঙাৰ ৰস আৰু মৌ বা চেনি মিহলাই খালে গ্ৰহণী ৰোগ ভাল হয়। মাহেকীয়াত পেটৰ বিষ-বেদনা উপশম কৰাতো নিলাজী বনৰ পাতৰ ৰস গাখীৰ মিহলাই খালে আৰোগ্য হয়।

কেঁহেৰাজঃ

মাটি-কাঁদুৰীৰ দৰে দেখাত একে যেন লাগে। ইয়াৰ পাত খহটা। কটা ঘাত কেঁহেৰাজৰ পাতৰ ৰস দিলে তেজ লগে লগে বন্ধ হোৱাৰ লগতে সোনকালে শুকায়। পেটৰ বিষ হ’লে ইয়াৰ পাতৰ ৰস কেঁচাই বা সিজাই খালে উপশম হয়। চুলিৰ বৃদ্ধি আৰু সৌন্দৰ্য ৰক্ষা কৰাতো উপকাৰ আছে। কোষ্ঠকাঠিন্য দূৰ কৰে।

ধঁপাত তিতাঃ

উদ্ভিদজোপা জোপোহা, পাতবোৰ খহটা, ডাঠ আৰু ঘূৰণীয়া। ফুলবোৰ বগা আৰু ৰঙা। তিতা ভাব আছে। এই গছৰ পাতৰ ৰস ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী। পেলু বা ক্ৰিমি নষ্টকাৰক। গ্ৰহণী ৰোগত খালেও উপকাৰ পোৱা যায়। পুৱা কুমলীয়া পাতৰ ৰস সেৱন কৰিলে ছুগাৰ হ্ৰাস পায়।

টেঙেচী টেঙাঃ

সৰু বনজাতীয় টেঙেচি দুই প্ৰকাৰৰ আছে। এবিধ গাঢ় সেউজীয়া, একে ঠাইতে থূপ পাতি ওলায়। ফুলো ধুনীয়া- বেঙুনীয়া, আনবিধ সৰু পাতৰ লতা বগাই যায়। টেঙেচীৰ ৰস কটা ঘাত লগালে ভাল হয়। তেজ বন্ধ হয়। ডিছেনট্ৰী হ’লে টেঙেচী পাতত দি নতুবা সিজাই খালে আৰোগ্য হয়। অৰুচি দূৰ কৰাত সহায়ক। বহুমূত্ৰ ৰোগীৰ বাবে উপকাৰী।

কলমৌঃ

এবিধ জলজ উদ্ভিদ। আগবোৰ শাক হিচাপে খাব পাৰি। বহুমূত্ৰ, জণ্ডিচ আদি ৰোগৰ বাবে উপকাৰী।

মৰাণ আদাঃ

এবিধ জ্বলা লগা মৃদ্গত কাণ্ড। আধা খালে পেটৰ বিষ, বদহজম আৰু বমি ৰোধ কৰে। ভৰি-হাত ফুলিলে, গাৰ বিষ হ’লে মৰাণ আদা খালে উপকাৰ পোৱা যায়। বিষ ভাল হয়। নপুংসকতা দূৰ কৰাত সহায়ক। পানী লগা হ’লে বা কাহ হ’লে আদা মৌৰ লগত খালে আৰোগ্য হয়।

ক’লীয়া তুলসীঃ

জোপোহা, বহুবৰ্ষজীৱী উদ্ভিদ। তুলসী তিনি প্ৰকাৰৰ আছে- এবিধৰ গছ আৰু পাত ক’লা বৰণৰ, এবিধ পাতৰ বৰণ পাতল সেউজীয়া আৰু গা-গছৰ বৰণ বগা আৰু আন এবিধৰ বৰণ পাতল সেউজীয়া, ইয়াৰ বিশেষ গোন্ধ এটা আছে। ইয়াক ৰাম-তুলসী বোলে। ইয়াৰ গুটিবোৰ পানীত তিয়াই থলে টোকমাহৰ দৰে পিচল হৈ পৰে। এনে পানীত চেনি মিহলাই খালে শৰীৰ শীতল লাগে। তুলসীৰ পাত যিকোনো সময়তে খাব পাৰি। পানী লগা, কাহ, ডিঙিৰ বিষ, জ্বৰ হ’লে তুলসী পাত খাই থাকিলে সোনকালে ভাল হয়। কাণ পকি গেলি পূঁজ ওলালে কাণখন চাফা কৰি দুটোপালমান ক’লীয়া তুলসীৰ ৰস চেপি দিলে একেদিনাই শুকাই যায়। স্ক’ৰপিয়ন বা সাপে খুটিলেও তুলসীৰ শিপাৰ ৰস দিলে উপশম হয়। কোষ্ঠকাঠিন্য দূৰ কৰাত তুলসী অপৰিহাৰ্য।

দূবৰি বনঃ

সৰু ঘাঁহজাতীয় দূবৰি বনৰ পাতৰ ৰস খালে তেজ হাগনি ভাল হয়। কটা ঘাত দিলে তেজ বন্ধ হয় আৰু শুকায়। দূবৰিৰ ৰস, জৱা ফুলৰ ৰস মৌৰ লগত মিহলাই খালে মাহেকীয়া ঋতুস্ৰাৱৰ বিষ-বেদনা নাইকিয়া হয়। মূৰৰ বিষতো দূবৰি বনৰ উপকাৰিতা আছে। পুৱা খালী পেটত দুবৰিৰ ৰস খালে ছুগাৰ হ্ৰাস পায়। এণ্টিবায়’টিক গুণ আছে।

হেলচিঃ

হেলচি বা হেলঞ্চি পানীত গজা শাক। গছৰ ডাল-পাত সকলো উপকাৰী। গেষ্ট্ৰিক আলচাৰ, কোষ্ঠকাঠিন্য দূৰ কৰাত হেলচি গছ অতি উত্তম শাক। হেলেচ নামৰ গছ এজোপা আছে। তাৰ সৰু সৰু টেঙাজাতীয় গুটি লাগে। গুটিবোৰত ঔষধি গুণ আছে।

মছন্দৰীঃ

আউনী পানৰ সদৃশ এবিধ বন শাক। পাতৰ কেচেমা-কেচেম গোন্ধ এটা আছে। পাত পাতত দি বা সিজাই খালে যিকোনো ঘা শুকোৱাত সহায় কৰে। এল’পেথিক ঔষধ খালে নাড়ীৰ আশে-পাশে হোৱা বিষ মছন্দৰীৰ জোল বনাই খালে সোনকালে আৰোগ্য হয়।

লগতে পঢ়ক-বাৰীৰ চুকতে ভেদাইলতাৰ গছ এজোপা ৰুই লওঁক। টাবতো ৰুব পাৰিব নগৰীয়াসকলে

লেখিকাঃ কবিতা ফুকন, বিকাশপেডিয়াৰ পৰা সংগৃহীত)

English Summary: A few familiar herbs and its health Benefit
Published on: 14 September 2022, 02:27 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now