1. সফল কাহিনী

হাঁহ-কুকুৰা পালনেৰে স্বাৱলম্বী নলবাৰীৰ অম্বিকা ডেকা

KJ Staff
KJ Staff
Local chicken Farming
Local chicken Farming

  নলবাৰী পি এন চি পথ চহৰৰ এটা অতি পূৰণি এই প্রতিষ্ঠানৰ স্বত্বাধিকাৰী ডেকা পৰিয়ালক নজনা লােক কম। এই পৰিয়ালৰ এজন সদস্য ডাঃ অম্বিকা ডেকা। পেঁচাত তেওঁ এজন পশু চিকিৎসক। নলবাৰী জিলাৰ জাৱজাৱকুছি গাওস্থিত অসম চৰকাৰৰ পশু পালন আৰু পশু চিকিৎসা বিভাগৰ কুকুৰা পামৰ পৰিচালক হিচাপে কার্যনির্বাহ কৰি আছে। বর্তমান নিজকে নিয়ােগ কৰিছে হাঁহ-কুকুৰা আৰু পশুপালন ক্ষেত্ৰৰ জৰিয়তে অর্থনৈতিক উন্নয়ন আৰু নিয়ােজনৰ বাবে।

  কুকুৰা পামৰ পৰিচালক ডাঃ ডেকাই দুখীয়া হাঁহ-কুকুৰা পালকৰ বাবে উদ্ভাৱন কৰিছে কম খৰচী কণীৰ পৰা পােৱালি জগােৱা যন্ত্র অর্থাৎ ইনকুবেটৰ মেচিন। অসমৰ বিভিন্ন ঠাইৰ হাঁহ-কুকুৰা পালকক নিজহাতে তৈয়াৰ কৰি দিছে কম খৰচী ইনকুবেটৰ। এই ইনকুবেটৰ যন্ত্ৰৰ সহায়ত ঘৰতেই হাঁহ, কুকুৰা, টার্কী, বটা চৰাই আদিৰ কণীৰ পৰা সহজে পােৱালি উৎপাদন কৰিব পাৰি। এই ইনকুবেটবােৰ বিদ্যুৎ বিচ্ছিন্ন হলেও ইনভার্টাৰৰ সহায়ত চলাব পাৰি। জেনেৰেটৰৰ প্রয়ােজন নহয়। অলপতে উদ্ভাৱন কৰিছে কম খৰচী এক বৈদ্যুতিন সঁজুলি -স্বয়ংক্রিয় বৈদ্যুতিক পর্যায় পৰিৱৰ্তন কৰিব পৰা সঁজুলি। এই বৈদ্যুতিন সঁজুলিৰ জৰিয়তে অবিৰতভাৱে বিদ্যুৎ লাভ কৰিব পাৰি। ডাঃ ডেকাই উদ্ভাৱন কৰা সঁজুলি বিধৰ জৰিয়তে স্বয়ংক্রিয় ভাৱে অবিৰত ভাৱে যিকোনাে এটা পর্যায়ৰ জৰিয়তে বিদ্যুৎ লাভ কৰিব পাৰি। পর্যায় পৰিৱর্তনৰ বাবে কোনাে ব্যক্তিৰ প্রয়ােজন নহয়।

এই সম্পর্কে ডাঃ ডেকাই কয় যে কুকুৰা পামত ইনকুবেটৰ যন্ত্র চলাবলৈ অবিৰত বিদ্যুৎ যােগানৰ প্রয়ােজন। কিন্তু অসমত বিদুৎ যােগান প্রায় অনিয়মীয়া। অসমত জাপানী বটা চৰাই পালনৰ ক্ষেত্ৰত ডাঃ অম্বিকা ডেকাৰ অৱদান অনস্বীকার্য। বটা চৰাই পালনৰ কাৰিকৰী শিক্ষা আৰু ইয়াক জনপ্রিয় কৰাৰ বাবে ডাঃ ডেকাই অবিৰত কাম কৰি আছে।

English Summary: Farmers success stories read here

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.