1. সফল কাহিনী

দক্ষিণ শালমাৰা-মানকাচৰত বগৰী খেতিৰে লাখ টকা উপার্জন কৰা এজন নিবনুৱা যুৱক

KJ Staff
KJ Staff
Success story
Success story

    এইখন অসমৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ ফেকামাৰীত এগৰাকী শিক্ষিত নিবনুৱা যুৱকে বগৰী খেতি কৰি যথেষ্ট সফলতা অর্জন কৰিবলৈ সক্ষম হৈছে।  

     জিলাখনৰ সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দূৰত্বত থকা ফেকামাৰী গাওঁৰ মহম্মদ নজৰুল ইচলাম নামৰ এজন শিক্ষিত যুৱকে নিজ ভূমিতে বিভিন্ন শাক-পাচলি খেতি আৰম্ভ কৰিছিল।

    আন যুৱকৰ দৰে চৰকাৰী চাকৰিৰ পিছত দৌৰি সময় নষ্ট নকৰি নিজৰ ভৰিত সপোন দেখা যুৱক জনে দীৰ্ঘ দিনৰ ধৰি কৃষি কাৰ্যৰে পৰিয়ালক পোহপাল দি আহিছে। যোৱা কেইমাহমান আগতে তেঁও নতুনকৈ আৰম্ভ কৰিছে উন্নত পদ্বতিৰে বগৰী খেতি। কোনা বিশেষ প্রশিক্ষণ গ্রহণ নকৰাকৈ ইউটিউৱৰ ভিডিঅ চাই বগৰী খেতি কৰাৰ মন মেলিছিল। তাৰোপৰি তেঁও চুবুৰীয়া ৰাজ্য পশ্চিম বঙ্গৰ কলিকতালৈ গৈ বগৰী খেতিৰ বাবে পুলিও লৈ আহে।

মন কৰিবলগীয়া যে জিলাখনৰ ভিতৰত প্ৰথম বাৰৰ বাবে অতি সাহসিকতাৰে এই বগৰী খেতি আৰম্ভ কৰে। প্ৰথম অৱস্থাত প্ৰায় ৫০ হেজাৰ টকাৰ মুলধনৰে আৰম্ভ কৰা বগৰী খেতিত মাত্ৰ কেইমাহৰ ভিতৰত যথেষ্ট ভাল ফল পাবলৈ সক্ষম হৈছে। হয়তো তেওঁ আশাও কৰা নাছিল ইমান যে লাভৱান হব। ইয়াৰ বাবে তেঁও যথেষ্ট আনন্দিত হৈছে আৰু অধিক উদ্যমেৰে কৃষি কার্য্যত মন দিয়া পৰিলক্ষিত হৈছে৷

    গুৰত্বপূর্ণভাৱে মুঠ তিনি বিঘা খেতিত তিনি প্ৰকাৰৰ বগৰী তেওঁ এইবাৰ প্ৰথমবাৰৰ বাবে আনি খেতি কৰাৰ পাছত ইমানখিনি ফলাফল লাভ কৰাত পৰিপেক্ষিতত পৰৱৰ্তী সময়ত কেবা প্ৰকাৰৰ বগৰী গছৰ পুলি আনিব বুলি জানিব দিয়ে। এইবাৰ তেওঁ ধান বা খেতি তথা শাক-পাচলিৰ খেতিৰ পৰিবর্তে ৬-৭ বিঘা ভূমিত বগৰী খেতি কৰিবলৈ প্ৰস্ততি চলোৱা বুলি কৈছে।

    মন কৰিবলগীয়া বিষয় এয়া যে ৰাজ্যজুৰি হাজাৰ হাজাৰ শিক্ষিত নিৱনুৱা যুৱক-যুৱতিয়ে চাকৰিৰ পিছত দৌৰি বা ৰাস্তাই ঘাটে মোবাইল টিপি বহি থাকি সময় অপচয় কৰাতকৈ এক-দুই বিঘা ভূমিত এইদৰে বগৰী খেতি কৰি নিজকে স্বাৱলম্বী কৰি তুলিব যে পাৰি তাৰেই এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে এজন যুৱকে।

বড়োলেণ্ড বিশ্ববিদ্যালয়ে নতুন এবিধ উদ্ভিদ প্ৰজাতিয়ে উদঘাটন কৰিছে যি কৰ্কট ৰোগৰ চিকিৎসাত সহায় কৰিব পাৰে বুলি দাবী কৰিছে

 

English Summary: A successful story of youth South salmara district in Assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.