1. অন্যান্য

অৰুণাচলৰ টার্শ্বি য়াংজমে এভাৰেষ্ট বিজয়, চলিত বর্ষৰ প্রথম মহিলা হিচাপে ৰেকৰ্ড

KJ Staff
KJ Staff

  অৰুণাচলৰ ডিৰাঙৰ টার্শ্বি য়াংজমে মাউন্ট এভাৰেষ্টত সফলতাৰে আৰােহণ কৰি এই বছৰ বিশ্বৰ সর্বোচ্চ শৃংগটোত আৰােহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা পর্বতাৰােহী হিচাপে পৰিগণিত হৈছে। ৩৭ বছৰ বয়সীয়া য়াংজমে ১১ মে'ত শৃংগটোত আৰােহণ কৰে।

তেওঁৰ এই সফলতাৰ বাবে কেন্দ্রীয় মন্ত্রী কিৰেণ ৰিজিজু আৰু অৰুণাচল প্রদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডুই তেওঁক অভিনন্দন জনাইছে। পূব কামেং জিলাৰ ডিৰাং নগৰৰ বাসিন্দা য়াংজমে ডিৰাঙৰ নেশ্যনেল ইনষ্টিটিউট অব্‌ মাউন্টেনিয়াৰিং এণ্ড এলাইড স্প'ৰ্টছত (NIMAS)ত প্রশিক্ষণ লৈছিল। ৩৭ বছৰ বয়সীয়া য়াংজম তিনি বছৰত এভাৰেষ্টত আৰােহণ কৰা প্রতিষ্ঠানটোৰ নৱমগৰাকী পর্বর্তাৰােহী। বর্তমান তেওঁ প্রতিষ্ঠানটোৰ এগৰাকী ইনষ্ট্রাক্টৰ হিচাপে কর্মৰত। এই সাফল্যৰ বাবে য়াংজমক এন আই এম এ এছৰ সঞ্চালক কর্নেল ছাৰাজ সিঙেও অভিনন্দন জনাইছে।

English Summary: tashi yangjom arunachal pradesh mountaineer is first indian woman to scale mount everest this year

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.