1. News

Assam Karbi Anglong Ginger: GI স্বীকৃতি প্ৰাপ্ত অসম কাৰ্বি আংলং আদাৰ বিষয়ে সবিশেষ

Mrigakshi Phukan
Mrigakshi Phukan
Ginger
Ginger

উত্তৰ পূৰ্বাঞ্চলত উৎপাদিত যিসমূহ ফচলে বিশ্বজুৰি স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে তাৰ ভিতৰত কাৰ্বি আংলং আদা (Assam Karbi Anglong Ginger)  অন্যতম। এই উদ্ভিদ কাৰ্বি আংলং জিলাত উৎপাদিত হয়। অগতানুগতিক তথা সুকীয়া সোৱাদৰ বাবে ই অন্য আদাতকৈ পৃথক। মছলাজাতীয় এই উদ্ভিদ Zingiberaceae পৰিয়ালৰ অন্তৰ্গত। ই Zingiber গণৰ অন্তৰ্গত এক সপুষ্পক উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Zingiber officinale Rosc। অসম কাৰ্বি আংলং আদাৰ কেইবাটাও প্ৰকাৰ আছে।

ইয়াৰ ভিতৰত নদীয়া আৰু ভোলা অতি জনপ্ৰিয়। আইজল নামৰ আন এক প্ৰকাৰৰ আদাৰ খেতিও কাৰ্বি আংলঙৰ কৃষকসকলে কৰে। আইজলৰ আঁহ কম আৰু ৰপ্তানিৰ একমাত্ৰ উদ্দেশ্যৰে উৎপাদন কৰা হয় আনহাতে নাদিয়া অধিক তন্তুযুক্ত আৰু ঘৰুৱা ব্যৱহাৰৰ বাবে পছন্দ কৰে। এই প্ৰকাৰবোৰত উচ্চ শুকান ৰাইজোম আৰু অলিঅৰেচিন তেল  থাকে যিটো ঘৰুৱা তথা আন্তৰ্জাতিক ক্ৰেতাসকলৰ মাজত তেওঁলোকৰ চাহিদা থকাৰ মুখ্য কাৰণ। অলিঅৰেচিন, যাক বাণিজ্যিকভাৱে 'জিঞ্জাৰিন' বুলি জনা যায়, শুকান আদাৰ পৰা আহৰণ কৰা হয় আৰু খাদ্য উদ্যোগত এক গুৰুত্বপূৰ্ণ স্থান বিচাৰি পায়।

উল্লেখ্য যে, কাৰ্বি আংলং হৈছে অসমৰ আদা উৎপাদন কৰা অঞ্চলসমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ অঞ্চল। এই জিলাৰ ৰিডুং, ওমালফেৰ আৰু সিংহাসন পাহাৰৰ প্ৰায় পাঁচ সহস্ৰাধিক কৃষকে বছৰি ছল্লিশ হাজাৰ মেট্ৰিকটন আদা উৎপাদন কৰে। আদা খেতিৰ অনুকুল সিংহাসন পাহাৰৰ জলবায়ু আৰু কৃষিভূমিত অতি উন্নত মানৰ আদা উৎপাদিত হয়। 24.05°N 89.42°E আৰু 28.00°N 96.00°E ভৌগোলিক স্থানাংকৰ ভিতৰত কাৰ্বি আংলং আদাৰ উৎপাদন হয়।

প্ৰকাৰ

অসম কাৰ্বি আংলং আদাৰ কেইবাটাও প্ৰকাৰ আছে। ইয়াৰ ভিতৰত নদীয়া আৰু ভোলা অতি জনপ্ৰিয় প্ৰকাৰ। নদীয়া আদাৰ ৰূপান্তৰিত কাণ্ড মধ্যমৰ পৰা শকত, পাতল মটীয়া বৰণৰ, তীক্ষ্ণ সোৱাদ তথা গোন্ধযুক্ত হয়। কাৰ্বি আংলং জিলাৰ সিংহাসন পাহাৰত ঝুম আৰু তিলাৰ পুৰণি প্ৰণালী ব্যৱহাৰ কৰি আদা এক গুৰুত্বপূৰ্ণ শস্য হিচাপে খেতি কৰা হয়। কাৰ্বি আংলং এলেকাত প্ৰায় ১০,০০০কৃষকে বছৰি গড়ে ৩০,০০০ টনতকৈ অধিক উৎপাদনৰ সৈতে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ জৈৱিক আদাবিধ উৎপাদন কৰে।

ভৌগোলিক স্বীকৃতি

২০১৫ চনৰ ৩১ মাৰ্চত চেন্নাইস্থিত ভৌগোলিক স্বীকৃতি প্ৰদানকাৰী মূখ্য কাৰ্যালয়ৰ পৰা উত্তৰ-পূৱৰ অন্য আঠ বিধ উৎপাদৰ সৈতে অসম কাৰ্বি আংলং আদায়ে ভৌগোলিক স্বীকৃতি লাভ কৰে। ভৌগোলিক স্বীকৃতি লাভ কৰা উত্তৰ পূৱৰ অন্য আঠ বিধ সামগ্ৰী হৈছে- অসমৰ তেজপুৰ লিচু (অসম), খাছী মেণ্ডাৰিণ (মেঘালয়), লাৰ্জ কাৰ্ডামম (চিকিম), চৰাই চকুৱা জলকীয়া (মিজোৰাম), কচাই নেমু (মণিপুৰ), কুইন মাটিকঠাল (ত্ৰিপুৰা), অৰুণাচল কমলা (অৰুণাচল প্ৰদেশ) আৰু নাগালেণ্ড গছ আলু (নাগালেণ্ড)।

লগতে পঢ়কঃ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক

(জৈৱিক কৃষিৰ সৈতে জড়িতসকলৰ বাবে সু-খবৰ। জৈৱিক কৃষিৰ সৰ্ব বৃহৎ বাণিজ্য মেলা অনুষ্ঠিত হ’ব গুৱাহাটীত। ছিকিম ষ্টেট কো-অপাৰেটিভ ছাপ্লাই এণ্ড মাৰ্কেটিং ফেডাৰেচন লিমিটেড (Sikkim State Cooperative Supply and Marketing Federation Ltd.) চমুকৈ ছিমফেড(SIMFED)এ অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত এই মেলাৰ আয়োজন কৰিছে। ৩ ফেব্ৰুৱাৰীৰপৰা ৫ ফেব্ৰুৱাৰীলৈ আয়োজন কৰা এই বাণিজ্য মেলাত নলেজ পাৰ্টনাৰৰ ভূমিকা গ্ৰহণ কৰিব চিমফেডে।  জৈৱিক ফচলৰ খেতি কৰা কৃষক বা উৎপাদকৰ সৈতে উপভোক্তাৰ সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই মেলাৰ। এই বিষয়ে অধিক জানিবলৈ এই লিংকত ক্লিক কৰক- https://asomiya.krishijagran.com/news/indias-biggest-expo-on-organic-to-be-held-in-guwahati/

যদিহে আপুনি এই মেলাত যোগদান কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক এই নম্বৰত- ৯৮৯১২২৩৩৪০)

English Summary: Assam Karbi Anglong Ginger

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.