1. অন্যান্য

How farmers will capture the market through social media!: কৃষকসকলে সামাজিক মাধ্যমেৰে কেনেকৈ বজাৰখন দখল কৰিব!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
How farmers will capture the market through social media!
How farmers will capture the market through social media!

আমি ‘কৃষি জাগৰণ অসম’ত  খেতিত থকা সম্ভাৱনাসমূহৰ কথা কৈ আহিছো আৰু খেতি কৰিবলৈ বিভিন্ন স্তৰৰ ব্যক্তিসকলক উতসাহিত কৰিবলৈ চেষ্টা কৰি আহিছো। আমাৰ বাৰ্তাসমূহ আমাৰ পাঠক দৰ্শকসকলৰ ওচৰলৈ লৈ যাবলৈ আমি বিভিন্ন সময়ত সামাজিক মাধ্যমক ব্যৱহাৰ কৰো। তেতিয়াই আমাক বহু ব্যক্তিয়ে খেতি কৰিলে কি হ’ব, আমি কৰিলে কুকুৰেও নোপোছে, বহুতে কয় যোৱাবাৰ কৰিছিলো গৰুক খোৱালো, পথাৰতে গেলিলে, খেতি কৰিম তই ল’বি নেকি বুলিয়ো বহুতে প্ৰশ্ন কৰে। কিন্তু মই এই ব্যক্তিসকলক কওঁ যে খেতিত আপুনি যিমান কষ্ট শ্ৰম প্ৰয়োগ কৰিছে তাৰ সমান শ্ৰম, সমান কষ্ট আপুনি বজাৰখনৰ বাবেও দিব লাগিব। এজন কৃষকৰ সফলতা বজাৰখনৰ ওপৰতহে প্ৰধানকৈ নিৰ্ভৰ কৰে। আপোনাৰ খেতি যিমানেই ভাল নহওঁক কিয় বজাৰখন নাপালে সকলো অথলে যাব।

গতিকে বজাৰখন পাবৰ বাবে খেতিৰ সমানে সমানে কৃষকজনে গুৰুত্ব দিব লাগিব বজাৰখনত। আমাৰ বহু কৃষকে খেতি কৰে অথচ তেওঁৰ নিজৰ গাঁওখনৰ মানুহেই নাজানে তেওঁ কি খেতি কৰে, তেওঁ শস্য বিক্ৰি কৰিব পৰা হৈছে নে নাই! ইত্যাদি কথাবোৰ। তেনেক্ষেত্ৰত তেওঁলোকে যে কি খেতি কৰি আছে, তেওঁলোকৰ খেতিৰ ফচলবোৰ বিক্ৰি কৰিব পৰা হৈছে নাই আদি কথাবোৰ বেপাৰী বা গ্ৰাহকে কেনেকৈ জানিব। বেপাৰী বা গ্ৰাহকেই যদি তেওঁলোকে কৰি থকা শস্যৰ বা খেতিৰ কথা নাজানে তেতিয়াহ’লে বেপাৰী বা গ্ৰাহকে কেনেকৈ জানিব! বেপাৰী বা গ্ৰাহক কোনো অন্তযাৰ্মী নহয় যে তেওঁলোকে আপোনাৰ খেতিৰ বিষয়ে নিজেই নিজেই গম ঘৰত ওলাবহি আপোনাৰ খেতিৰ শস্য কিনিবলৈ। গতিকে আপোনালোকে কিছুমান কাম কৰিব লাগিব। যি কামে বেপাৰী আৰু গ্ৰাহকে আপুনি কৰি থকা শস্যৰ বিষয়ে গম পাব। এক সম্পৰ্ক সৃষ্টি হ’ব।

লগতে পঢ়ক- 

Assam village business idea : গাঁৱত থাকি আৰম্ভ কৰক এই ৩ টা ব্যৱসায়

এই সম্পৰ্ক সৃষ্টিৰ মাধ্যম হিচাপে আমাৰ কৃষকসকলে সামাজিক মাধ্যম বিশেষকৈ ফেচবুক বা ইউটিউবকো ল’ব পাৰে। ফেচবুক, ইউটিউবক মাধ্যম হিচাপে লৈ বহু কৃষকে সম্প্ৰতি এখন ভাল বজাৰ পাবলৈ সক্ষম হৈছে। খেতি কৰি গপগপীয়াকৈ বহি থাকিলে নহ’ব। পথাৰত বীজ সিঁচাৰ দিনটোৰ পৰা আপুনি বজাৰখনৰ কাৰণে মাঠা মাৰিব লাগিব। গছত ফল লাগিলেহে বজাৰখনৰ কথা ভাবিম বুলি ভাৱি থাকিলে নহ’ব এনে চিন্তা একেবাৰে পুৰণি। গতিকে পথাৰত হালবোৱাৰ দিনটোৰ পৰাই সামাজিক মাধ্যম ব্যৱহাৰ কৰি আপুনি কৰিবলৈ লোৱা খেতিটোৰ বিষয়ে আপোনাৰ বন্ধুসকলক অৱগত কৰক। তাৰ পাছতে আকৌ দিয়ক- ইমান তাৰিখে মই পথাৰত সিঁচা শস্যৰ খেতি ডাঙৰ হ’বলৈ আৰম্ভ কৰিছে। তাৰ পাছতে শস্য পুৰঠ হোৱা আগত- আকৌ দিয়ক- ফল লাগিবলৈ আৰম্ভ কৰিছে, আগ্ৰহীসকলে এমাহৰ পাছত (ফোন নাম্বাৰটো দি) যোগাযোগ কৰিব পাৰিব বুলি কওঁক। তাৰ খেতিৰ পৰা ফল চপোৱাৰ দিনটোৰ কথা উল্লেখ কৰি, ফোন নাম্বাৰ দি যোগাযোগ কৰিবলৈ কৰিবলৈ কওঁক। এই পদ্ধতি অৱলম্বণ কৰি বহু কৃষকে সফলতা লাভ কৰিছে। এইক্ষেত্ৰত আমি জনা কৃষকসকলৰ ভিতৰত ধনীৰাম চেতিয়া অন্যতম।

তদুপৰি ফেচবুকত কৃষি সম্বন্ধীয় বিভিন্ন গ্ৰুপ থাকে। এই গ্ৰুপবোৰত আপুনি জইন হৈ আপুনি কৰি থকা খেতিৰ আপডেট আৰু বিজ্ঞাপন দি থাকিব পাৰে। এই গ্ৰুপসমূহত বিভিন্ন স্তৰৰ গ্ৰাহক আৰু বেপাৰী থাকে। তেওঁলোকৰ প্ৰয়োজন হলে আপোনাক যোগাযোগ কৰিব পাৰিব। এটা উদাহৰণ দিয়ো- এজন গ্ৰাহকক বা বেপাৰীক ভোটজলকীয়া প্ৰয়োজন আৰু আপুনি ভোটজলকীয়া বিক্ৰি কৰিব বাবে গ্ৰাহক বিচাৰি আছে। তেনেক্ষেত্ৰত আপোনালোক দুজনৰ মাজত সম্পৰ্ক সৃষ্টি কৰিব কোনে! সামাজিক মাধ্যমে আপোনালোক দুজনৰ মাজত সম্পৰ্ক সৃষ্টি কৰিব। বা সামাজিক মাধ্যমে আপোনালোক দুজনক লগা লগাই দিব।

লগতে পঢ়ক- 

Advanced Marketing : এডভান্স মাৰ্কেটিং ফৰ্মুলাৰে কৃষকে পথাৰতো জিকক, বজাৰতো জিকক

English Summary: How farmers will capture the market through social media!

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.