1. News

মাঘৰ বিহুত মাছমৰীয়াসকলৰ বাবে ওলাব SOP!

KJ Staff
KJ Staff
Himanta Biswa Sharma
Himanta Biswa Sharma

আগন্তুক মাঘৰ বিহুত প্ৰকৃত মাছমৰীয়াসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। জলাশয় সমূহত যাতে প্ৰকৃত মাছমৰীয়াসকলে কোনো সমস্যা নোহোৱাকৈ মতস্য চিকাৰ কৰিব পাৰে তাৰ বাবে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথ মহকুমাকে ধৰি শোণিতপুৰ জিলাৰ অন্তৰ্গত বিশ্বনাথ, বিহালী, গহপুৰ আৰু চতিয়া বিধানসভা সমষ্টিৰ মাছমৰীয়াসকলৰ অধিকাৰ সুৰক্ষা সন্দৰ্ভত এক  ভিডিঅ’ কনফাৰেন্সত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে৷

বৈঠকত অন্যান্য বিষয়ৰ লগতে বিহুত মাছ মৰা প্ৰসংগয়ো ঠাই পায়। উৰুকা আৰু মাঘ বিহুৰ প্ৰতি লক্ষ্য ৰাখি নিজ নিজ বিধানসভা সমষ্টিৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীত প্ৰকৃত মাছমৰীয়াসকলক আৰক্ষীৰ কঠোৰ তত্ত্বাৱধানত মাছ ধৰাৰ অনুমতি দিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উপায়ুক্তক নিৰ্দেশনা প্ৰদান কৰে।

এইক্ষেত্ৰত উপায়ুক্তই আৰক্ষী অধীক্ষক আৰু ডি এফ অ’সকলৰ সৈতে মিলি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। প্ৰকৃত মাছমৰীয়াৰ স্বাৰ্থ ৰক্ষাৰ বাবে ২০ জানুৱাৰীৰ ভিতৰত নিজ নিজ বিধানসভাৰ অন্তৰ্গত নদীত মাছ ধৰাৰ নিয়ম ধাৰ্য কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। উক্ত ভিডিঅ’ কনফাৰেন্সত জিলা উপায়ুক্ত, মুখ্য বন সংৰক্ষক এম কে যাদৱ আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ পল্লৱলোচন দাস,  বিধায়ক ৰঞ্জিত দত্ত, পদ্ম হাজৰিকা, প্ৰমোদ বৰঠাকুৰ, উৎপল বৰা আৰু সংমণ্ডল বন বিষয়াসকল উপস্থিতি থাকে৷

লগতে পঢ়কঃ অসমত তামোলৰ উৎপাদন কমিছে পাত হালধীয়া পৰা ৰোগটোৰ বাবেই!

English Summary: SOP for fishing in Magh Bihu

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.