1. News

1st Expo Organic North-East 2023 সন্দৰ্ভত অতুল বৰাৰ বৈঠক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
1st Expo Organic North-East 2023
1st Expo Organic North-East 2023

খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত 1st Expo Organic North-East 2023 প্ৰস্তুতি। বৃহস্পতিবাৰে জনতা ভৱনত কৃষি বিভাগ আৰু SIMFEDৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত মিলিত হয় কৃষি মন্ত্ৰী অতুল বৰা। বৈঠকত বৈঠকত কৃষি সঞ্চালক অনন্তলাল জ্ঞানী, ছিকিম ৰাজ্যিক কো-অপাৰেটিভ যোগান আৰু বিপণন ফেডাৰেচন লিমিটেডৰ উপ-মহাপ্ৰবন্ধক সুবোধ পনৱাৰ প্ৰমুখ্যে কৃষি বিভাগৰ আৰু ছিমফেডৰ অন্যান্য সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে।

বৈঠকত 1st Expo Organic North-East 2023 অনুষ্ঠানটোৰ সফল আয়োজনৰ বাবে ল'বলগীয়া প্ৰস্তুতিপৰ্বৰ সকলো দিশ সামৰি আলোচনা কৰে কৃষিমন্ত্ৰী অতুল বৰাই। বৈঠকৰ অন্ততঃ 1st Expo Organic North-East 2023 ৰ সন্দৰ্ভত কৃষিমন্ত্ৰী অতুল বৰাই কয়- জৈৱিক আৰু প্ৰাকৃতিক কৃষিৰ বিপুল সম্ভাৱনাময় ক্ষেত্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যই সম্প্ৰতি জৈৱিক আৰু প্ৰাকৃতিক কৃষিৰ প্ৰসাৰত বিশেষ গুৰত্ব আৰোপ কৰিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু কৃষি বিশেষজ্ঞ, কৃষি উদ্যমীৰ উপস্থিতিত বিভিন্ন আলোচনা-চক্ৰ, ক্ৰয়-বিক্ৰয় মেলা ইত্যাদি বহু অনুষ্ঠানেৰে আয়োজিত হ'বলগীয়া এই অনুষ্ঠানটি অসম তথা উত্তৰ-পূবৰ কৃষকসকলক জৈৱিক আৰু প্ৰাকৃতিক কৃষিৰ প্ৰতি অধিক আকৰ্ষিত কৰাত বিশেষ সহায়ক হ'ব বুলি আমি গভীৰ আশাবাদী।

উল্লেখ্য যে ইয়াত আগশাৰীৰ কোম্পানীসমূহৰ পেভিলিয়ন থাকিব আৰু লগতে প্ৰাকৃতিক, জৈৱিক আৰু ৰপ্তানি, কৃষি ব্যৱসায়, বি টু বি সভা, বি টু চি ইভেণ্ট, আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰেতা প্ৰতিনিধিৰ দল, আন্তঃৰাষ্ট্ৰীয় সন্মিলন, কৃষক কৰ্মশালা আৰু চৰকাৰী বিভাগৰ পেভিলিয়নৰ উচ্চমানৰ প্ৰদৰ্শনী থাকিব।

প্ৰদৰ্শনীত জৈৱিক আৰু প্ৰাকৃতিক সামগ্ৰীৰ ব্ৰেণ্ডৰ ১৬০টাতকৈও অধিক বুথে বিভিন্ন ধৰণৰ খাদ্য আৰু জৈৱিক সামগ্ৰী প্ৰদৰ্শন কৰিব। প্ৰদৰ্শকসকলৰ ভিতৰত আছে ৰপ্তানিকাৰী, খুচুৰা বিক্ৰেতা, কৃষক গোট, জৈৱিক ইনপুট কোম্পানী, চৰকাৰী সংস্থা আদি।

 

( বিঃদ্ৰ- জৈৱিক কৃষিৰ সৈতে জড়িতসকলৰ বাবে সু-খবৰ। জৈৱিক কৃষিৰ সৰ্ব বৃহৎ বাণিজ্য মেলা অনুষ্ঠিত হ’ব গুৱাহাটীত। ছিকিম ষ্টেট কো-অপাৰেটিভ ছাপ্লাই এণ্ড মাৰ্কেটিং ফেডাৰেচন লিমিটেড (Sikkim State Cooperative Supply and Marketing Federation Ltd.) চমুকৈ ছিমফেড(SIMFED)এ অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত এই মেলাৰ আয়োজন কৰিছে। ৩ ফেব্ৰুৱাৰীৰপৰা ৫ ফেব্ৰুৱাৰীলৈ আয়োজন কৰা এই বাণিজ্য মেলাত নলেজ পাৰ্টনাৰৰ ভূমিকা গ্ৰহণ কৰিব চিমফেডে।  জৈৱিক ফচলৰ খেতি কৰা কৃষক বা উৎপাদকৰ সৈতে উপভোক্তাৰ সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই মেলাৰ। এই বিষয়ে অধিক জানিবলৈ এই লিংকত ক্লিক কৰক- https://asomiya.krishijagran.com/news/indias-biggest-expo-on-organic-to-be-held-in-guwahati/

যদিহে আপুনি এই মেলাত যোগদান কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক এই নম্বৰত- ৯৮৯১২২৩৩৪০)

লগতে পঢ়ক- 

গুৱাহাটীত অনুষ্ঠিত হ’ব দেশৰ জৈৱিক সামগ্ৰীৰ সৰ্ববৃহৎ বাণিজ্য মেলা

English Summary: 1st Expo Organic North-East 2023

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.