1. Government Schemes

কোনো মধ্যভোগী নোহোৱাকৈ কৃষকে লাভ কৰিব ৩ লাখ টকালৈকে ঋণ, সবিশেষ জানিবলৈ পঢ়ক

RAHUL ALI
RAHUL ALI
কিষাণ ক্ৰেডিট কাৰ্ড (KCC) আঁচনি
কিষাণ ক্ৰেডিট কাৰ্ড (KCC) আঁচনি

কিষাণ ক্ৰেডিট কাৰ্ড (KCC) আঁচনি হৈছে ভাৰত চৰকাৰৰ আঁচনি যি কৃষকসকলক সময়ত ঋণ প্ৰদান কৰে। কৃষকসকলক হ্ৰস্বম্যাদী আনুষ্ঠানিক ঋণ প্ৰদান কৰাৰ লক্ষ্যৰে 1998 চনত কিষাণ ক্ৰেডিট কাৰ্ড (KCC) আঁচনি আৰম্ভ কৰা হৈছিল আৰু নাবাৰ্ডে (ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক)ৰ দ্বাৰা সৃষ্টি কৰা হৈছিল। ইয়াৰ মুখ্যত উদ্দেশ্য হৈছে কৃষি, পশুপালন আৰু মৎস্য সংক্ৰান্ত কাৰ্যকলাপৰ বাবে কৃষকসকলক একক উইণ্ডোৰ অধীনত পৰ্যাপ্ত আৰু সময়মতে ঋণ সাহাৰ্য প্ৰদান কৰা।

অৰ্হতা

কৃষক, দুগ্ধ/ হাঁহ-কুকুৰা পালক, মাছমৰীয়া, মীনপালক আনকি ব্যক্তিগত বা যৌথ ঋণগ্ৰহীতা, দ্বায়িত্বশীল যৌথ গোট (Joint Liability Groups)বা কোনো বন্ধকী লোক কৃষককে ধৰি আত্মসহায়ক গোট, যিসকলে দুগ্ধ দিয়া পশু পালন কৰে /ভেড়া/ছাগলী/গাহৰী/হাঁহ কুকুৰা/চৰাই/শহাপহু আদি পালন কৰে আৰু যিসকলৰ নিজৰ বা ভাড়াতীয়া বা লীজত লোৱা বজাৰ আছে আৰু যিসকলৰ নিজৰ বা লীজত লোৱা মাছ ধৰাৰ সামগ্ৰী/নাও আছে বা  কোনো ৰাজ্যৰ নিৰ্দিষ্ট ফিচাৰাত মাছ ধৰাৰ অনুজ্ঞাপত্ৰ আছে

ঋণৰ পৰিমাণ

যিসকল কৃষকে নিজৰ কৃষিভূমিৰ ওপতৰ ইতিমধ্যেই KCC ঋণ লোৱা আছে, তেওঁলোকে তেওঁলোকৰ ঋণৰ পৰিমান বঢ়াই লব পাৰে কিন্তু তেতিয়াও তেওঁলোকে 3 লাখ পৰ্যন্তহে সূদৰ হাৰ ৰেহাই পাব। যদিও বা 1.6 লাখ পৰ্যন্তু KCC লোনৰ কোনো বন্ধকী দিব নালাগো, কিন্তু যিসকল দুগ্ধপালকে মাজত কোনো মধ্যভোগী নোহোৱাকৈ কোনো দুগ্ধজাত সামগ্ৰী প্ৰস্তুত কৰা প্ৰতিষ্ঠানক দুগ্ধ যোগান ধৰে তেওঁলোকে 3 লাখ পৰ্যন্ত সূদৰ হাৰ ৰেহাই পাব

KCC ঋণত সূদৰ ৰেহাই

KCC ঋণ লোৱা কৃষকসকলে পশুপালনৰ ক্ষেত্ৰত সূদৰ ওপৰত যিটো ৰেহাই পায় আৰু সময়মতে ঋণ পৰিশোধ কৰাৰ বাবে যিটো বোনাছ পায় সেইটো ঋণৰ পৰিমাণ ৩ লাখলৈকে সীমাবদ্ধ। পশুপালকসকলে লোণৰ টকা মোকোলাই দিয়াৰ দিনাই সূদৰ ওপৰত বছেৰেকীয়া হাৰত 2% ৰেহাই পাব আৰু সময়মতে ঘূৰাই দিয়াৰ বাবে সূদৰ ওপৰত বছেৰেকীয়া হাৰত আৰু অতিৰিক্ত 3% বোনাছ পাব। 

কাৰ লগত যোগাযোগ কৰিব

ওচৰৰ বেংকৰ শাখাসমূহৰ লগতৰ যোগাযোগ কৰক

লগতে পঢ়ক- 

আহি আছে সুবৰ্ণ সুযোগ! চৰকাৰী স্কুটী ল’বলৈ সাজু হওক গাঁৱৰ মহিলাসকল

English Summary: KCC Loan

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.