1. Government Schemes

KCC loan : পশুপালনৰ বাবে দি আছে ঋণ! আবেদন কৰক আজিয়েই!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
KCC Loan to Animal husbandry farmer
KCC Loan to Animal husbandry farmer

পশুপালন আৰু পশু চিকিৎসা তথা দুগ্ধ উন্নয়ন বিভাগত চলি থকা বিশেষ কে.চি.চি. ঋণৰ সুবিধা গ্ৰহণ কৰক কৃষক-পশুপালকসকলে। পশুপালন খণ্ডৰ সৰ্বাঙ্গীণ উন্নয়ন ত্বৰাস্থিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে বিশেষ কি.চি.চি ঋণৰ ব্যৱস্থা কৰিছে। গো-পালন, গাহৰি পালন, ছাগলী পালন আৰু হাঁহ-কুকুৰা পালনৰ জৰিয়তে ব্যৱসায় কৰাৰ বাবে এই ঋণৰ সুবিধা ল'ব পাৰে। ৰাজ্যৰ প্ৰতিখন জিলাতে প্রতি সপ্তাহত কমেও এটাকৈ বিশেষ কে.চি.চি শিৱিৰ অনুষ্ঠিত কৰি আহিছে পশুপালন বিভাগে। আগ্রহী পশু পালকে এই শিৱিৰত বিভাগৰ বিষয়া আৰু বেংক বিষয়াৰ উপস্থিতিত ঋণৰ বাবে আবেদন কৰিব পাৰে।

এই ঋণৰ সুবিধাসমূহ এনেধৰণৰ-

  1. কে.চি.চি ঋণৰ ক্ষেত্ৰত বেংকৰ নিৰ্ধাৰিত সুন্দৰ ওপৰত ভাৰত চৰকাৰৰ ২% ৰেহাইৰ ব্যৱস্থা আছে।
  2. নিৰ্ধাৰিত সময়ত ঋণ ঘূৰাই দিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে ৩% সুদ ৰেহাই দিয়াৰ ব্যৱস্থা ৰাখিছে।
  3. অর্থাৎ সদ্য প্রচলিত হিচাপত বছৰি শতকৰা মাত্র ৪% সুদত এই ঋণ লাভ কৰিব পাৰে।
  4. এই ঋণৰ বাবে প্রয়োজন হোৱা যাৱতীয় খৰচ বেংকৰ তৰফৰ পৰা ৰেহাই দিয়াৰ ব্যৱস্থা আছে।
  5. এই ঋণৰ ক্ষেত্ৰত সর্বাধিক ১ লাখ ৬০ হাজাৰ টকা পৰ্যন্ত কোনো বন্ধকী লোৱাৰ ব্যৱস্থা নাথাকে।

কে.চি.চি আবেদনৰ বাবে প্ৰয়োজনীয় নথি-পত্র :

  1. আবেদনকাৰীৰ দুকপি শেহতীয়া পাছপ'র্ট ফ'টো
  2. ফ'টোযুক্ত পৰিচয় তথা স্থায়ী ঠিকনা সম্বলিত তথ্য (ভোটাৰ কাৰ্ড /আধাৰ কাৰ্ড/ ড্রাইভিং লাইচেঞ্চৰ ফ'টোষ্টেট) ভূমিৰ মালিকানা সম্বন্ধীয় নথি (জামাবন্দী, চিঠাৰ নকল, লেও হোল্ডিং প্ৰমাণ পত্ৰ)
  3. বেংকৰ জমা বহীৰ প্ৰথম পৃষ্ঠাৰ ফ'টোষ্টেট
  4. পান কাৰ্ডৰ ফ'টোষ্টেট
  5. বিষয় সাপেক্ষে অতিৰিক্ত নথি

মনত ৰাখিবঃ-

  • বেংকত কণগ্রস্থ হৈ থকা লোকৰ আবেদন নাকচ হ'ব পাৰে
  • পশুপালন ক্ষেত্ৰত জড়িত হৈ থকাসকলে পশুপালন আৰু পশু চিকিৎসা বিভাগ আৰু দুগ্ধ উন্নয়ন বিভাগৰ বিষয়াৰ জৰিয়তে আবেদন কৰিব পাৰে।

লগতে পঢ়ক- 

ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই

English Summary: KCC Loan to Animal husbandry farmer

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.