1. পশুপালন

Best Goat Breed : অসমৰ জলবায়ু উপযোগী ছাগলীৰ ৩ টা জাত

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Three Best Goat Breed For Assam
Three Best Goat Breed For Assam

ভাৰতৰ অন্য প্ৰান্তৰ দৰে সম্প্ৰতি অসমতো দ্ৰুত গতিত ব্যৱসায়িক ভিত্তিত ছাগলী পালনৰ প্ৰক্ৰিয়া বৃদ্ধি পাইছে ৷ সু-খবৰ যে পুৰুষৰ লগতে একাংশ অসমীয়া মহিলাই ছাগলী ফাৰ্ম খুলি স্বাৱলম্বী হোৱাৰ চেষ্টা কৰিছে ৷ ছাগলী পালনৰ ক্ষেত্ৰত যদি আমাৰ ৰাজ্যখনৰ গাঁৱে ভূঞে চকু দিয়া হয়, তেতিয়া দেখা যায় হাজাৰ হাজাৰ লোকে ঘৰে ঘৰে ছাগলী পোহে ৷ ঘৰুৱা পদ্ধতিৰে পোহা এই ছাগলীবোৰ ১০-১৫ কেজি ওজন হোৱালৈকে পোহে আৰু ইয়াৰ পাছতে বিক্ৰী দিয়ে ৷ কিন্তু তেওঁলোকে সেয়া ব্যৱসায়িক ভিত্তিত নকৰে ৷ গতিকে এই আলোচনাত আমি ঘৰুৱা পদ্ধতিৰে ছাগলী পোহাৰ সলনি ব্যৱসায়িক ভিত্তিত ছাগলী পালন কৰিলে কিদৰে ছাগলী পালকসকল উপকৃত হব সেই বিষয়ে আলোচনা কৰিম। ব্যৱসায়িক ভিত্তিত ছাগলী পোহাৰ কথা ক’লেই প্ৰথমে ভাৱিব লগা কথাটো হৈছে ইয়াৰ জাত নিৰ্ব্বাচন ৷ ব্যৱসায়ত লাভ উঠাবলৈ হলে জাত নিৰ্বাচনত ছাগলী পালকজনে গুৰুত্ব দিবই লাগিব। তেতিয়াহে ব্যৱসায়ীজনে আশা কৰাৰ ধৰণে নিজৰ কৰ্মত সফলতা লাভ কৰিব। অসমৰ ছাগলী পালকসকলে লাভ উঠাব পৰা ছাগলীৰ দুটা জাত হ’ল-  অসমৰ থলুৱা ছাগলী জাত Assan hill goat আৰু অসমৰ বাহিৰৰ ছাগলীৰ প্ৰজাতিৰ বিটেল লগতে বৰ্ণসংকৰ ছাগলী পালন কৰি কিদৰে লাভান্বিত হব পাৰি সেইবিষয়ে আলোচনা কৰিম।

আছাম হিল গ

আছাম হিল গ’ট অসমৰ থলুৱা প্ৰজাতিৰ ছাগলী। এই ছাগলীবোৰৰ শাৰীৰিক বৃদ্ধিৰ হাৰ দেশৰ আন আন উচ্চমান বিশিষ্ট প্ৰজাতিৰ তুলনাত বৰ কম ৷ গতিকে ব্যৱসায়িকভাৱে ছাগলী পালন কৰিব বিচৰা ছাগলী পালকসকলে এই থলুৱা জাতটোৰ ছাগলী পালন কৰিব নিবিচাৰে। কিন্তু এই ছাগলী পালন কৰাৰ কেইবাটাও যোগাত্মক দিশ আছে। প্ৰথম কথা এই জাতৰ ছাগলীসমূহৰ বেমাৰ-আজাৰ কম, যত্নৰ বেছি প্ৰয়োজন নাই, পোৱালী বেছি জন্ম দিয়ে আৰু মাংসৰ দামো বেছি। অসমৰ অধিকাংশ লোকেই ঘৰুৱা পদ্ধতিৰে আছাম হিল গ’ট জাতৰ ছাগলী পালন কৰে। অসমৰ  থলুৱা জাতৰ ছাগলী মাংস আৰু পোৱালীৰ বাবে পোহা হয় ৷ Assan hill goat জাতৰ ছাগলীৰ গাৰ গঠন সৰু যদিও এবছৰ বয়সত প্ৰায় ১৪ কিলোগ্ৰাম  ওজনৰ হয়।

লগতে পঢ়ক- 

আপুনি পুহিব বিচৰা ছাগলীবোৰ কেনেদৰে নিৰ্বাচন কৰিব! জানিবলৈ পঢ়ক এই প্ৰবন্ধ

বীটল ছগালী

ভাৰতবৰ্ষৰ উন্নত ছাগলীৰ জাতসমূহৰ অন্যতম এটা জাত বীটল ছাগলী । । পঞ্জাৱ আৰু হাৰিয়ানা বিটলজাতৰ ছাগলীসমূহৰ জন্মভূমি। সম্প্ৰতি ভাৰতৰ বিভিন্ন ৰাজ্যত এই ছাগলী পালন কৰা হয়। কাৰণ ই সকলো সকলো পৰিস্থিতিৰ জলবায়ুৰ লগত নিজক খাপ খোৱাই ল'ব পাৰে আৰু আন ছাগলীতকৈ ইয়াক পালন কৰিলে পালকসকল অধিক লাভান্বিত হয়। বিটল ছাগলী অসমৰ থলুৱা ছাগলীসমূহতকৈ আকাৰত ডাঙৰ। আৰু অলপ সোণকালে ডাঙৰ হয়। বীটল ছাগলীৰ দৈৰ্ঘ্য আৰু ওজনে মানুহক ইয়াক কিনিবলৈ আকৰ্ষণ কৰে। বিটল ছাগলীৰ এই ছাগলীৰ জাতটোৱে মাত্ৰ ১৮ মাহতে সহজেই ৫০ পৰা ৭০  কিলোগ্ৰাম ওজনৰ হয়। ১৮ মাহ বয়সতে বীটল জাতৰ ছাগলী বিক্ৰিৰ বাবে উপযুক্ত হয় যদিও এই ছাগলীৰ জাতৰ আয়ুস ১২ৰ পৰা ১৫ বছৰ।

বৰ্ণসঙ্কৰ ছাগলীৰ জাত

কোনো  সম্পৰ্ক নথকা দুটা জাতৰ ছাগলীৰ প্ৰজননৰ ফলত উৎপাদিত  পোৱালীবোৰক বৰ্ণসঙ্কৰ ছাগলী বোলা হয় ৷ এই পদ্ধতিৰ সহায়ত উচ্চ্মানৰ ছাগলীৰ উতপাদন কৰিব পাৰি। বৰ্ণসংকৰ পদ্ধতিৰে উতপাদন কৰা পদ্ধতিত থলুৱা ছাগলীৰ লগত বাহিৰ উন্নত প্ৰজাতিৰ ছাগলী বৰ্ণসংকৰ কৰিলে অধিক লাভৱান হয়। কাৰণ এনেদৰে কৰিলে থলুৱা ছাগলীবোৰৰ জলবায়ু লগত মিলি যোৱা ক্ষমতা আহৰণ কৰিব। ফলত ছাগলী বেমাৰ আজাৰ কম হ’ব। আনহাতে, বাহিৰৰ উন্নত জাতৰ ছাগলীবোৰ কম সময়তে ডাঙৰ হোৱা গুণবোৰ বৰ্ণ সংকৰ পোৱালিটোত পৰিলক্ষিত হ’ব। গতিকে ছাগলী পালকসকলে বৰ্ণসংকৰ জাতৰ ছাগলী পালন কৰিয়ো লাভ উঠাব পাৰে।

লগতে পঢ়ক- 

ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই

English Summary: Three Best Goat Breed For Assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.