1. পশুপালন

ধেমাজিৰ তৰানিপথাৰৰ ৰাজু ভাজনিয়ে কেনেদৰে কৰি আছে জানো আঁহক

PANKAJ KHANIKAR
PANKAJ KHANIKAR

ৰাজ্যৰ কৃষি বিভাগৰ বিষয়াসকলৰ অনুপ্ৰেৰণাত প্ৰথমে কামৰূপা নামৰ উন্নত কুকুৰা জাতটো কুকুৰা পালন কৰিবলৈ ল’লে ধেমাজিৰ তৰাণি পথাৰৰ বাসিন্দা ৰাজু ভাজনীয়ে। কৃষকজনক প্ৰথমে কুকুৰা পালন কৰিবলৈ পোৱালী যোগান ধৰিছিল ধেমাজিৰ কৃষি বিজ্ঞান কেন্দ্ৰই। আৰু তেওঁ কামৰূপা নামৰ কুকুৰা জাতটো পালন কৰি ভাল ফলাফল পাবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত গুৱাহাটী ভেটিনাৰী কলেজৰ পৰা সৰহকৈ পোৱালী আনি নিজৰ ফাৰ্মখন ডাঙৰ কৰে। কামৰূপী কুকুৰা পোহা ৬-৭ বছৰ হ’ল ৰাজু ভাজনীৰ। বৰ্তমান তেওঁৰ ফাৰ্মখনত ৩০০ টা কুকুৰা আছে। ইয়াৰে ১০০ টা মতা কুকুৰা আৰু ২০০ জনী মাইকী কুকুৰা। দুটা বাঁহৰ বেৰ লগোৱা, টকৌ পাতেৰে চোৱা ঘৰত ৩০০ কামৰূপী কুকুৰা পালন কৰি আছে তেওঁ। কুকুৰা পালনেই নহয় কুকুৰাৰ লগতে অন্য খেতি-বাতি কৰে আৰু সামাজিক কাম-কাজৰ লগতো জড়িত।

কুকুৰা পালকগৰাকীয়ে জানিবলৈ দিয়া মতে, কণী বাবে জনপ্ৰিয় এই জাতটোৰ কুকুৰা। আমাৰ সাধাৰণ কুকুৰাই এবাৰত ১২-১৩ কণী পাৰি ওমনি লয়। কিন্তু কামৰূপা কুকুৰাই বহু দিনলৈ কণী পাৰে। তেওঁ কয়- বছৰত ১৩০-১৪০ টা কণী পাৰে কামৰূপী কুকুৰাই। কামৰূপী কুকুৰাই ছমাহ বয়সত কণী পাৰে। এটা কণী ১২ টকা দৰত ঘৰতে বিক্ৰি কৰে।

কামৰুপী কুকুৰা পালন পদ্ধতিটো থলুৱা কুকুৰাৰ পৰা কিহত পৃথক বুলি সোধা এক প্ৰশ্ন উত্তৰত তেওঁ কয়- কামৰূপা কুকুৰা পালন পদ্ধতিটো থলুৱা কুকুৰা পালন পদ্ধতিৰ অলপো পৃথক নহয়, একেই। ইহঁতেও ভাত-ধান খায়। ৰাতিপুৱা মেলি দিও সন্ধিয়া বান্ধো। কুকুৰা গড়ালটোৰ লগতে এটা এলেকা মই নেটেৰ বেৰি দিছো। যাতে কুকুৰাবোৰ ওলাই যাব নোৱাৰে। আনক আমনি কৰিব নোৱাৰে। তেওঁ কয়- মই থলুৱা কুকুৰাৰ দামতে কুকুৰাসমূহ বিক্ৰি কৰি আছো।

লগতে পঢ়ক- 

কুকুৰা পালনৰ জৰিয়তে লাখ টকা উপাৰ্জনৰ সুযোগ, কেনেকৈ জানক?

এটা কুকুৰা ১ কেজি ওজন হ’বলৈ কিমান দিন লাগে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত কয়- ৪ মাহত এটা মতা কুকুৰা ১ কেজি ওজনৰ হয়। মাইকী কুকৰা এজনী ১ কেজি হ’বলৈ অলপ বেছি দিন লাগে। বৰ্তমান তেওঁৰ কিমানজনী কুকুৰাই কণী পাৰে আছে জানিবলৈ বিচৰাত তেওঁ কয়- ২০ জনী কুকুৰাই কণী পাৰি আছে দৈনিক ২০ টাকৈ। আৰু ২৪০ টকাকৈ পাই আছে। ২০ জনী কুকুৰাই যদি একেলগে কণী পাৰে তেতিয়া অলপ বেছি হ'ব লাগে।

সাধাৰণতে আমাৰ কুকুৰাসমূহ বহুসময়ত বেমাৰ হয়। কুকুৰাসমূহ বেমাৰৰ পৰা বচাই ৰখাৰ কাৰণে কেনেধৰণৰ পদক্ষেপ আপুনি গ্ৰহণ কৰিছে বুলি জানিব বিচৰাত তেওঁ কয়- কুকুৰাসমূহ পোৱালী অৱস্থাতে মই প্ৰতিক্ষেধক দিও। এই প্ৰতিক্ষেধক ব্যৱহাৰ কৰিলে পৰৱৰ্তী সময়ত কুকুৰাৰ যি বেমাৰ হয় সেই বেমাৰ নহয়। প্ৰতিষেধকটোৰ দামো বেছি নহয়। মাত্ৰ ৩৮ টকা। ৩৮ টকীয়া এটা প্ৰতিষেধকে ১০০ টা কুকুৰা পোৱালীক দিব পাৰে। 

গ্ৰাম্য মহিলাসকলে, এই কুকুৰা পালন কৰিলে কেনেদৰে উপকৃত হ'ব বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয়- গৃহিনীসকলৰ বাবে এইটো খুৱ ভাল কাম হ'ব। গৃহিনীসকলে নিজৰ ঘৰৰ কাম কৰাৰ লগতে সৰু গঁড়াল এটা বনাই লৈ ১০০ জনী কুকুৰা পালন কৰিলে দৈনিক ৫০০-৬০০ টকা উপাৰ্জন কৰি থাকিব পাৰিব বুলি কয় কুকুৰা পালক ৰাজু ভাজনীয়ে। আমাৰ আগ্ৰহী পাঠকসকলে কামৰূপী কুকুৰাৰ পালন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে ৰাজু ভাজনিৰ এই নাম্বাৰত যোগযোগ কৰিব- 99575 36959।

লগতে পঢ়ক- 

বজাৰত বৃদ্ধি পাইছে লোকেল কুকুৰাৰ চাহিদা, গ্ৰহণ কৰক অধিক উপাৰ্জনৰ সুযোগ!

English Summary: Kamrupa poultry farming benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.