1. এগ্ৰিপেডিয়া

গাহৰিৰ বেমাৰ আজাৰ আৰু প্ৰতিষেধকৰ ব্যৱস্থা:

KJ Staff
KJ Staff
Pig disease
Pig disease

   গাহৰিৰ অন্য জন্তুৰ তুলনাত বেমাৰ আজাৰ কম। বিশেষকৈ টেটুৱা(Anthrax), গলফুলা(Haemorrhagic Septicaemia), চবকা (Foot and Mouth Disease), কলেৰা(Swine Fever), পি পি আৰ এছ(Porcine Reproductive & Respiratory Syndrom) আৰু ৰক্তহীনতা(Anaemia) আদি প্ৰধান।

1. টেটুৱা(Anthrax):

   এই ৰোগ নামৰ বীজাণুৰপৰা হয়। এই বীজাণুবোৰ মাটিত বহুদিনলৈ বাচি থাকে আৰু ভাল গাহৰিৰ সংস্পৰ্শলৈ আহিলে ৰোগৰ সৃষ্টি কৰে। এই ৰোগ হ’লে অতিপাত জ্বৰ উঠে আৰু মুখেৰে লেলাউটি ববলৈ ধৰে। এই ৰোগত আক্ৰান্ত গাহৰিৰ নাক আৰু মুখেৰে তেজ ওলায়।

প্ৰতিষেধক ব্যৱস্থা:

     গাহৰিবোৰক টেটুৱা ৰোগৰ ছিটা দিয়াৰ ব্যৱস্থা কৰিব লাগে। মৰা গাহৰি কেতিয়াও কাউৰী-শগুণক খাবলৈ এৰি দিব নালাগে।

2. গলফুলা(Haemorrhagic Septicaemia):

     এই ৰোগ Pasteurella multocida নামৰ বীজাণুৰপৰা হয়। এই ৰোগত আক্ৰান্ত হ’লে অতিপাত জ্বৰ উঠে। কেতিয়াবা গল ফুলে আৰু কেতিয়াবা গল বেকা কৰি থাকে।

প্ৰতিষেধক ব্যৱস্থা:

ছমাহৰ মূৰে মূৰে এই ৰোগৰ ছিটা দিয়াৰ ব্যৱস্থা কৰিব লাগে।

3. জহৰ বাত(Black Quarter):

 Clostridium chauvoei নামৰ বীজাণুৰ দ্বাৰা আক্ৰান্ত হৈ এই ৰোগৰ সৃষ্টি হয়। এই ৰোগ হ’লে জ্বৰ উঠে আৰু খোৰাবলৈ ধৰে। শেষৰফালে ভৰিৰ ওপৰভাগ ফুলি উঠে।

প্ৰতিষেধক ব্যৱস্থা:

 ছমাহৰ মূৰে মূৰে এই ৰোগৰ ছিটা দিয়াৰ ব্যৱস্থা কৰিব লাগে।

4. চবকা ৰোগ(Foot and Mouth Disease):

 Picorna Virus নামৰ বীজাণুৰ পৰা এই ৰোগ উদ্ভৱ হয়। এই ৰোগ হ’লে গাহৰিৰ মুখৰ ভিতৰত আৰু জিভাত ঘাঁ লাগে। খুৰাৰ মাজতো ৰঙা পৰি ঘাঁ হয়।

প্ৰতিষেধক_ব্যৱস্থা:

     এমাহৰ পৰা ছমাহৰ ভিতৰত এই ৰোগৰ ছিটা দিয়াৰ ব্যৱস্থা কৰাব লাগে। প্ৰয়োজন সাপেক্ষে পুনৰ ছমাহৰ মূৰে মূৰে ছিটা দিব লাগে।

কলেৰা(Swine Fever):

 এই ৰোগ হ’লে জ্বৰ উঠে আৰু অতিপাত মলত্যাগ কৰে।

প্ৰতিষেধক ব্যৱস্থা:

 এই ৰোগৰ ছিটা দিয়াৰ ব্যৱস্থা কৰাব লাগে।

পি.পি.আৰ.এছ(Porcine Reproductive & Respiratory Syndrom):

     পি পি আৰ এছ গাহৰিৰ ভাইৰাচজনিত ৰোগ। এই ৰোগ হ’লে প্ৰজননৰ অক্ষমতা আৰু শ্বাস প্ৰশ্বাস লোৱাত বাধাৰ সৃষ্টি হয়। এই ৰোগে গাহৰি পালকক অৰ্থনৈতিক ভাৱে ক্ষতি কৰে। ইয়াক “ব্লু এয়াৰ” ৰোগ হিচাবেও জনাজাত। কাৰণ এই ৰোগ হ’লে কাণ দুখন নীলা হয়।

ৰোগৰ লক্ষণ সমূহ:

    মাইকী গাহৰিৰ গৰ্ভপাত হয়। মৃত নৱজাতক পোৱালি প্ৰসৱ হয়। দুৰ্বল পোৱালি জন্ম। জ্বৰ হয় ১০৩° ফাৰেণহাইটৰ পৰা ১০৫° ফাৰেণহাইটলৈ। কাণ আৰু গাৰ ছালৰ ৰং সলনি হয়। সাধাৰণতে নীলা হোৱা দেখা যায়।

চিকিৎসা:

 ভাইৰাছ জনিত ৰোগৰ কোনো চিকিৎসা নাই। আন কোনো বেক্টেৰিয়েল ইনফেকচন নহ’বৰ বাবে এন্টিবায়’টিক দিব পৰা যায়(চিকিৎসকৰ পৰামৰ্শমতে)।

প্ৰতিষেধক ব্যৱস্থা:

  “Modified Live Vaccine আৰু Killed Virus Vaccine” ব্যৱহাৰ কৰা হয় যদিও আমাৰ ইয়াত উপলব্ধ নহয়।

ৰক্তহীনতা(Anaemia):

   গাহৰি পোৱালিবোৰে প্ৰায় ৰক্তহীনতা ৰোগত ভোগা দেখা যায়। এই ৰোগৰপৰা পোৱালিবোৰক মুক্ত কৰিবলৈ পশুচিকিৎসকৰ পৰামৰ্শক্ৰমে আইৰণ জাতীয় ঔষধৰ বেজি নিয়মিতভাৱে দিয়াব লাগে।

   এটা কথা মনত ৰখা উচিত-“চিকিৎসাতকৈ প্ৰতিষেধক ব্যৱস্থাই উত্তম”। অৰ্থনৈতিকভাৱে লাভবান হ’বলৈ পাম স্থাপন কৰিলে পশুচিকিৎসকৰ পৰামৰ্শ নিয়মিতভাৱে গ্ৰহণ কৰা উচিত।

সামৰণি:

    অসমৰ ভৌগালিক অৱস্থান আৰু জলবায়ুৰ বাবে গাহৰি পালন কৰাতো অতি সুবিধাজনক আৰু লাভজনক ব্যৱসায়। অতীজৰেপৰা অসমৰ বহুসংখ্যক আহোম লোকে বিশেষকৈ জনজাতি, চাহ বনুৱা, হৰিজন আৰু কিছুসংখ্যক আহোম সম্প্ৰদায়ৰ লোকে নিজাঘৰৰ চৌহদতে মুক্তভাৱে আৰু পৰম্পৰাগতভাৱে গাহৰি পালন কৰি আহিছে। পূৰ্বে গাহৰি পালনক এক নিকৃষ্ট ব্যৱসায়ৰূপে বিবেচনা কৰা হৈছিল।বিজ্ঞানসন্মতভাৱে গাহৰি পালন কৰিলে ই এক লাভজনক ব্যৱসায় বুলি প্ৰমাণ কৰিব পাৰি।

   এতেকে পৌৰাণিক চিন্তাধাৰা পৰিৱৰ্তন কৰি কৃষক, পালক আৰু শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে গাহৰি পালন কৰিবলৈ আগবাঢ়ি নিজে লাভবান হোৱাৰ উপৰিও দেশৰ অৰ্থনীতিলৈ বৰঙণি আগবঢ়াব পাৰে।

গাহৰি পালনৰ সফলতা নিৰ্ভৰ কৰে গৰ্ভাৱস্থাত গাহৰিজনীক লোৱা যতন, জন্ম হোৱা পোৱালিৰ সংখ্যা আৰু সিহঁতৰ যতনৰ ওপৰত।

 

     আন এক মন কৰিবলগীয়া কথা হ’ল-আমাৰ স্থানীয় গাহৰি পালনৰ দ্বাৰা লাভবান হ’ব নোৱাৰি-যিহেতু স্থানীয় গাহৰি আকাৰত সৰু আৰু ওজনো নিচেই কম। স্থানীয় গাহৰিয়ে এবাৰত মাত্ৰ ৫-৬টা পৰ্যন্ত পোৱালি দিয়ে, আনহাতে বৰ্ণ-সংকৰ গাহৰিয়ে এবাৰত ১০-১২টা পৰ্যন্ত পোৱালি দিয়ে আৰু কম সময়ত ইহঁত ডাঙৰ-দীঘল হয়।

বিজ্ঞানসন্মত গাহৰি পালনৰ ক্ষেত্ৰত মনত ৰাখিবলগীয়া প্ৰধান দিশকেইটা:

     উন্নত জাতৰ গাহৰি পালন। বিজ্ঞানসন্মত গড়াল নিৰ্মাণ। সঠিক সময়ত প্ৰজনন। নিয়মিতভাৱে প্ৰয়োজনীয় দানা-পানী যোগান। গাভিনী গাহৰিৰ যতনপোৱতী গাহৰিৰ যতন। জন্মৰ সময়ত ল’ব লগা যতন। পোৱালিৰ যতন। নিয়মিত স্বাস্থ্য ৰক্ষা আৰু ব্যৱস্থা গ্ৰহণ। পামৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষা। পশুচিকিৎসকৰ নিয়মিত পৰামৰ্শ গ্ৰহণ।

     অধিক আয় লাভৰ বাবে বৰ্তমান মীন পামৰ লগত গাহৰি পাম স্থাপন কৰি সংমিশ্ৰিত পাম খোলাৰ ব্যৱস্থাও আছে। মাছ পালন কৰা পুখুৰীৰ পাৰত বা পানীৰ ওপৰতে গাহৰিৰ গড়াল সাজি সংমিশ্ৰিত পাম খুলিব পাৰি। পুখুৰীৰ পাৰত গাহৰিৰ গড়াল সাজিলে পুখুৰীৰ পানীৰ ফালে গড়ালৰ মজিয়া এঢলীয়া কৰি দিব লাগে আৰু পানীৰ ওপৰত গড়াল সাজিলে মজিয়াখনত ফুটা কৰি দিব লাগে। এনেকৈ পাম স্থাপন কৰিলে গাহৰিৰ মল-মূত্ৰ আদি পুখুৰীৰ পানীত পৰিব আৰু মাছৰ আহাৰ হ’ব। ফলত মাছৰ বাবে প্ৰয়োজনীয় খাদ্যৰ খৰছো কমিব।

     বৰ্তমান অসমত গাহৰি পালনে জনপ্ৰিয়তা অৰ্জন কৰিছে আৰু বহু লোক গাহৰি পালন কৰি লাভবান হৈছে। গণনা আৰু পৰিসংখ্যাৰ দ্বাৰা দেখা গৈছে যে অসমত গাহৰি পালন অধিক লাভজনক হৈ উঠাটো নিশ্চিত আৰু তাৰ বাবে আমাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ ধৈৰ্য আৰু একাগ্ৰতাৰ নিতান্ত প্ৰয়োজন।

     বিশদ তথ্যৰ বাবে স্থানীয় পশুচিকিৎসা বিষয়া, সম্প্ৰসাৰণ বিষয়া(পশুপালন)ৰ লগত যোগাযোগ কৰক।

উপসঞ্চালক(গাহৰি উন্নয়ণ)পশুচিকিৎসা সঞ্চালকালয়, চেনীকুঠি, গুৱাহাটী - ৩

উৎসঃ

পশুপালন আৰু পশুচিকিৎসা বিভাগ অসম

English Summary: Know all about the pig disease and treatment in Krishi jagran

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.