1. এগ্ৰিপেডিয়া

আপুনি গৰু দেখি ওজন ক'ব পাৰে নেকি? যদি নাজানে শিকি লওঁক -

KJ Staff
KJ Staff
Know about the Cow measuring
Know about the Cow measuring

আপুনি যদি এজন বাণিজ্যিক পশুধন খেতিয়ক হয়, আপুনি গৰুৰ ওজন কেনেকৈ সহজে নির্ণয় কৰিব পাৰি জনাতো প্রয়োজনীয়৷ বহু গৰুপালক বা ব্যৱসায়ীয়ে গৰু দেখিয়ে ওজন কয় দিব পাৰে৷ গতিকে আজি মই কেনেকৈ গৰু দেখিয়েই ওজন কয় দিব পাৰে, তাৰ বিষয়ে জনাম। যদি আপুনি জন্তুৰ শৰীৰৰ দৈৰ্ঘ্য আৰু পৰিধি উলিয়াব পাৰে তেন্তে গৰু, বলধ বা পোৱালীৰ কেনেদৰে ওজন কৰিব লাগে আপোনাৰ বিচাৰি পোৱাটো সহজ হব। আপোনাৰ দুগ্ধজাত গৰু বা গো মাংসৰ গৰুৰ ওজন নিৰ্ধাৰণ কৰিবলৈ এই নির্দেশনা ব্যৱহাৰ কৰক:

কেনেকৈ জুখিব? (Know the process)

1. চিত্ৰত "দূৰত্ব C" ত দেখুওৱাৰ দৰে জন্তুটোৰ পৰিধি জোখক। মন কৰিব যে জন্তুৰ হৃদযন্ত্ৰৰ ওচৰতহে ঘূৰণ বা পৰিধি জুখিব লাগে।

2. চিত্ৰত দূৰত্ব ত দেখুওৱাৰ দৰে জন্তুৰ শৰীৰৰ দৈৰ্ঘ্য জোখক।

3. এই পদ্ধতিত পদক্ষেপ1 আৰু 2 ৰ পৰা জোখ ব্যৱহাৰ কৰি পৰিধি x পৰিধি x শৰীৰৰ দৈৰ্ঘ্য / 300 = পাউণ্ডত জন্তুৰ ওজন ৷ উদাহৰণ স্বৰূপে, যদি গোমাংস ৰ গৰুৰ বুকুৰ পৰিধি 70 ইঞ্চিৰ সমান আৰু শৰীৰৰ দৈৰ্ঘ্য 78 ইঞ্চিৰ সমান হয়, গণনা হ'ব (70 x 70 x 78) / 300 = 1,274 lb অর্থাৎ 1,274 lb ক কিলো গ্রামত সলনি কৰিলে 577.87 কিলো গ্রাম ৷

   এই পদ্ধতিৰ সহায়ত অতি সহজে জন্তুৰ ওজন গণনা কৰিব পাৰি।

এই গৰাকী মহিলাই গাখীৰ বিক্রী কৰি বছৰত এক কোটিতকৈ অধিক উপার্জন কৰে 

 

English Summary: How to measure cow or animal weight quickly assamese

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.