1. এগ্ৰিপেডিয়া

Jute Farming : ধান খেতি কৰিব নোৱৰা দ পথাৰত কৃষকসকলে কৰক মৰাপাটৰ খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Jute Farming: its time & benefit
Jute Farming: its time & benefit

অসমৰ এনে বহু পথাৰ আছে যত কৃষকসকলে ধান খেতি কৰিব নোৱাৰে। ধান খেতি কৰিলেও পানীয়ে মাৰি পেলায়। আৰু কৃষকজনৰ সকলো শ্ৰম অথলে যায়। ফলত এনে দ পথাৰসমূহ বছৰ বছৰ ধৰি আমাৰ বিশেষকৈ উজনী অসমৰ কৃষকসকলে ছন পেলায় ৰাখে। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম  নামনি অসমৰ কৃষকসকল। তেওঁলোকে এনে দ ঠাই বা পথাৰসমূহত ধানৰ বিকল্প খেতি হিচাপে মৰাপাটৰ খেতি কৰে। মৰাপাটৰ খেতিৰে বছৰেকত এটা ভাল উপাৰ্জন কৰে। আমাৰ উজনী অসমৰ কৃষকসকলেও এনেদৰে নামনি অসমৰ কৃষকসকলে কৰাৰ দ পথাৰবোৰত মৰাপাটৰ খেতি কৰিব পাৰে। বৰ্তমান মৰাপাট এখন ভাল বজাৰ আছে। এই বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখি মৰাপাটৰ খেতি কৰিলে নিশ্চিতভাৱে আমাৰ কৃষকসকল লাভান্বিত হ’ব।  

আহি আছে মৰাপাট খেতিৰ বতৰ। আমাৰ যিসকল কৃষকে মৰাপাটৰ খেতি কৰিম বুলি ভাৱিছে তেওঁলোকে সাজু হোৱাৰ সময় আহি পৰিছে। আমাৰ কৃষকসকলে ফাগুণমাহ সোমোৱাৰে পৰা বহাগলৈ ইয়াৰ খেতি কৰিব পাৰে। ৰাজ্য কৃষি বিভাগে নিৰ্বাচন কৰি দিয়া অসমৰ জলবায়ু উপযোগী মৰাপাটৰ কেইটামান উন্নত জাত হ’ল- ‘সবুজ মোনা’ আৰু ‘শ্যামলী’ মধ্যমীয়া আৰু ওখ মাটিৰ বাবে আৰু ‘সোণালী’ আৰু ‘ৰেচমা’ দ’ চানেকীয়া অঞ্চলৰ বাবে উপযোগী। আনহাতে মিঠামৰাৰ উন্নতজাতসমুহৰ ভিতৰত ‘নবীন’ আৰু ‘বাসুদেৱ’ মধ্যমীয়া দ’ অঞ্চলৰ বাবে আৰু ‘বৈশাখীটোছা’ আৰু ‘ব’হাগী’ মধ্যমীয়া ওখ মাটিৰ বাবে উপযোগী। অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা নতুনকৈ উদ্ভাৱিত অ’লিট’ৰিয়াছ মৰাপাটৰ জাত হ’ল ‘তৰুণ’ । এই জাতৰ উৎপাদন ক্ষমতা অধিক হোৱাৰ লগতে আঁহৰ গুণাগুণো উন্নত মানৰ।

লগতে পঢ়ক- 

Ginger Farming : ভালদৰে কৰিলে এবিঘা মাটিতে ৮-৯ মাহতে চকুমুদি লাভ কৰিব আঢ়ৈ লাখ টকা

সাৰ প্ৰয়োগ -

মাটিৰ স্বাস্থ্য অক্ষুণ্ণ  ৰাখিবলৈ আৰু উন্নত কৰিবলৈ মাটি প্ৰস্তুতিৰ আৰম্ভণিতেই যথেষ্ট পৰিমাণে ভালকৈ পচা গোবৰ সাৰ নাইবা পচনসাৰ প্ৰয়োগ কৰিব লাগে। ৰাসায়নিক সাৰৰ ভিতৰত বিঘাই প্ৰতি ১৬ কেজি একিক ছুপাৰ ফছফেট আৰু ৪.৫ কেজি মিউৰিয়েট অৱ পটাছ সাৰ সিঁচাৰ আগেয়ে মাটিৰ লগত ভালদৰে মিহলি কৰি দি ৬ কেজি ইউৰিয়া সাৰ শস্যৰ বয়স ৩/৪ সপ্তাহ হোৱাত টপড্ৰেছিং কৰিব লাগে।

মৰাপাট ছপাব পৰা হয় ৪ মাহত। মৰাপাট এবিধ লাভজনক খেতি। উন্নত জাতৰ ব্যৱহাৰ আৰু বিজ্ঞানসন্মতভাৱে কৰা এবিঘা কৃষিভুমিৰ পৰা প্ৰায় ৩ ৰ পৰা ৪ কুইণ্টল উৎপাদন কৰিব পাব পাৰি। মন কৰিবলগীয়া যে শস্যৰ বীজ উৎপাদন কৰিবলৈ নিৰ্দিষ্ট জাতৰ মুল বীজ নিৰ্ভৰযোগ্য বা অনুমোদিত প্ৰতিষ্ঠানৰ পৰা সংগ্ৰহ কৰা উচিত। বীজ সিঁচাৰ সময়ত বিশেষভাৱে মন কৰিবলগীয়া বিষয়সমুহ হ’ল- পথাৰ নিৰ্বাচন, পৃথকীকৰণ দুৰত্ব, বীজ শোধন, সঁচাৰ সময় আৰু বীজৰ পৰিমাণ, সিঁচাৰ পদ্ধতি, অলাগতিয়াল গছ অপসাৰণ, অপতৃণ নিয়ন্ত্ৰণ, সাৰ প্ৰয়োগ, শস্যৰক্ষা, শস্য চপোৱা, শুকোৱা আৰু সংৰক্ষণ আদি।

লগতে পঢ়ক- 

Jute cultivation : ধান খেতি কৰিব নোৱৰা দ ঠাইত কৰক মৰাপাটৰ খেতি

English Summary: Jute Farming: its time & benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.