
নগাঁও জিলাৰ ৰূপহীৰ জামান মানিকৰ বহুমুখী কৃষি পদ্ধতিয়ে এতিয়া মন মুহিছে বহুজনৰ। বহুজনক স্বাৱলম্বী হ’বলৈ প্ৰেৰণা যোগাইছে তেওঁৰ বহুমুখী কৃষি পদ্ধতিয়ে।

তেওঁ এজন মীনপালক যদিও পুখুৰীৰৰ পাৰে পাৰে শাৰী শাৰীকৈ ৰোৱা অমিতা, কল গছৰ লগতে ৰঙালাও খেতিবোৰে প্ৰভাৱিত কৰিব আপোনাকো। চাকৰি অবিহনেও এজন ব্যক্তিয়ে কিদৰে স্বচ্ছল-আৰু স্বাধীন জীৱন-যাপন কৰিব পাৰি ৰূপহীৰ জামান মালিকৰ এই বহুমুখী কৃষি পদ্ধতিয়ে ইতিমধ্যে প্ৰমাণ কৰিছে।
চাকৰি চাকৰি বুলি হাবথুৰি নাখায় বা চাকৰি নাপোলো বুলি মন নাভাঙি জামান মালিকৰ দৰে অসমৰ নিৱনুৱাসকলেও বহুমুখি কৃষিকৰ্মৰে স্বাৱলম্বণ হ’ব পাৰে। লগতে কৃষিকৰ্মৰে মাজৰেও সমাজত এজন বিশিষ্ট ব্যক্তি হিচাপে পৰিচয় দাঙি ধৰিব পাৰে।

জামান মানিকৰ কেইবাটাও পুখুৰী আছে। পুখুৰীৰৰ পাৰে পাৰে তলৰ ফটোত দেখুওৱাৰ দৰে শাৰীকৈ শাৰীকৈ অমিতা গছ ৰুইছে। অমিতাৰ লগতে তেওঁ লগাইছে কলগছ, ৰঙালাও আদি। জামান মালিকৰ পুখুৰীৰ পাৰতে এটা সেউজ গৃহও আছে।

শেহতীয়াকৈ মানিকে অসমৰ খেতি আৰু খেতিয়ক নামৰ গ্ৰুপটোত কেইবাখনো ফটো শ্বেয়াৰ কৰিছিল। ফটোবোৰতে দেখিবলৈ পোৱা গৈছিল তেওঁৰ পুখুৰীৰৰ পাৰে পাৰে ৰোপন কৰা অমিতা, কলৰ লগতে অন্যান্য খেতিসমূহ। গছবোৰত অমিতা লাগিছিল আৰু কলবোৰত ফল ধৰিছিল।
Share your comments