
দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ বুঢ়ীনগৰ পঞ্চায়তৰ অন্তৰ্গত ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী এখন অখ্যাত গাঁও চকীয়াপাৰা। পাঁচ শতাধিক জনসংখ্যাৰে গঠিত গাঁওখন যাতায়ত, বিশুদ্ধ খোৱাপানী, স্বাস্থ্যসেৱা, জলসিঞ্চন আদি বিভিন্ন দিশত সমস্যাৰে ভাৰাক্ৰান্ত। শালিধানৰ খেতিয়েই গাঁওখনৰ সৰহসংখ্যক পৰিয়ালৰ মূল জীৱিকা। কিন্তু শালিধানৰ খেতি চপোৱাৰ পিছত সম্প্ৰতি গাঁওখনৰ একাংশ পথাৰ হালধীয়া আৱৰণেৰে ভৰি পৰিছে। গাঁওখনৰ এই পথাৰত দৃষ্টি নিক্ষেপ কৰা সকলোৰে নয়ন জুৰাই পেলোৱা এক নৈসৰ্গিক দৃশ্য। যেন এখন সুন্দৰ দলিচাহে পথাৰত পাৰি থোৱা হৈছে। এই হালধীয়া দলিচাসদৃশ দৃশ্য আন একো নহয়- বিশাল পথাৰ আগুৰি ফুলা সৰিয়হ ফুল। ৰবি শস্যৰ বতৰত ব্যৱহৃত হৈ থকা কৃষিভূমিত সৰিয়হ ফুল ফুলাই পোন প্ৰথমবাৰৰ বাবে মহিলা সবলীকৰণৰ এক অনন্য দৃষ্টান্ত দেখুৱাইছে গাঁওখনৰ উদ্যমী ষোল্লগৰাকী মহিলাই। দেওমৰনৈ মহাবিদ্যালয়ৰ স্নাতক শেৱালি কলিতাৰ নেতৃত্বত প্ৰেমলতা চহৰীয়া কলিতা, সুভদ্ৰা ডেকা, বিউটি কলিতা, গীতা ডেকা, ৰম্ভা ডেকা, ভাৰতী বড়ো, কবিতা বড়ো, মাদেশ্বৰী ডেকা, লীলাৱতী ডেকা, দুলু ডেকা, মণিষা ডেকা, সংগীতা ডেকা, নৰ্মদা ডেকা আদি ২৫ বছৰৰ পৰা ৫৫ বছৰ বয়সৰ বিবাহিত-অবিবাহিত এইসকল মহিলাই নিজৰ দৈনন্দিন পাৰিবাৰিক ব্যস্ততাৰ মাজতো অতিৰিক্ত পৰিশ্ৰমেৰে প্ৰায় ১৫ বিঘা শুকান কৃষিভূমি জিলিকাই তুলিছে সৰিয়হ খেতিৰে। ‘আমাৰ সকলোৰে অৰ্থনৈতিক স্বাৱলম্বনৰ বাবে কিবা এটা কৰাৰ খুব হেঁপাহ। কিন্তু কি কৰিম সেয়া নিশ্চিত কৰিব পৰা নাছিলো। যোৱা নৱেম্বৰ মাহত আমি গাঁৱৰ এটা কাৰ্যসূচীত লগ পালো দৰং কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষিবিজ্ঞানী কেইগৰাকীমানক আৰু তেওঁলোকৰ পৰামৰ্শ, সহায়-সহযোগিতা পায়েই আমি মহলাসকল একগোট হৈ কাম আৰম্ভ কৰিলো’। শেৱালি কলিতাই এনেদৰে ব্যক্ত কৰে। লগতে তেওঁ কয় যে, ‘কৃষি বিজ্ঞান কেন্দ্ৰই আমাক উন্নত জাতৰ টি এছ-৩৮ প্ৰজাতিৰ বীজৰ লগতে খেতিত প্ৰয়োগ কৰিবলগা কীটনাশক দ্ৰব্য আদি বিনামূলীয়াকৈ যোগান ধৰিছে’।

Share your comments