1. সফল কাহিনী

সৰিয়হ খেতিৰে দৰঙৰ মহিলাৰ অৰ্থনৈতিক বিপ্লৱ

KJ Staff
KJ Staff

     দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ বুঢ়ীনগৰ পঞ্চায়তৰ অন্তৰ্গত ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী এখন অখ্যাত গাঁও চকীয়াপাৰা। পাঁচ শতাধিক জনসংখ্যাৰে গঠিত গাঁওখন যাতায়ত, বিশুদ্ধ খোৱাপানী, স্বাস্থ্যসেৱা, জলসিঞ্চন আদি বিভিন্ন দিশত সমস্যাৰে ভাৰাক্ৰান্ত। শালিধানৰ খেতিয়েই গাঁওখনৰ সৰহসংখ্যক পৰিয়ালৰ মূল জীৱিকা। কিন্তু শালিধানৰ খেতি চপোৱাৰ পিছত সম্প্ৰতি গাঁওখনৰ একাংশ পথাৰ হালধীয়া আৱৰণেৰে ভৰি পৰিছে। গাঁওখনৰ এই পথাৰত দৃষ্টি নিক্ষেপ কৰা সকলোৰে নয়ন জুৰাই পেলোৱা এক নৈসৰ্গিক দৃশ্য। যেন এখন সুন্দৰ দলিচাহে পথাৰত পাৰি থোৱা হৈছে। এই হালধীয়া দলিচাসদৃশ দৃশ্য আন একো নহয়- বিশাল পথাৰ আগুৰি ফুলা সৰিয়হ ফুল। ৰবি শস্যৰ বতৰত ব্যৱহৃত হৈ থকা কৃষিভূমিত সৰিয়হ ফুল ফুলাই পোন প্ৰথমবাৰৰ বাবে মহিলা সবলীকৰণৰ এক অনন্য দৃষ্টান্ত দেখুৱাইছে গাঁওখনৰ উদ্যমী ষোল্লগৰাকী মহিলাই। দেওমৰনৈ মহাবিদ্যালয়ৰ স্নাতক শেৱালি কলিতাৰ নেতৃত্বত প্ৰেমলতা চহৰীয়া কলিতা, সুভদ্ৰা ডেকা, বিউটি কলিতা, গীতা ডেকা, ৰম্ভা ডেকা, ভাৰতী বড়ো, কবিতা বড়ো, মাদেশ্বৰী ডেকা, লীলাৱতী ডেকা, দুলু ডেকা, মণিষা ডেকা, সংগীতা ডেকা, নৰ্মদা ডেকা আদি ২৫ বছৰৰ পৰা ৫৫ বছৰ বয়সৰ বিবাহিত-অবিবাহিত এইসকল মহিলাই নিজৰ দৈনন্দিন পাৰিবাৰিক ব্যস্ততাৰ মাজতো অতিৰিক্ত পৰিশ্ৰমেৰে প্ৰায় ১৫ বিঘা শুকান কৃষিভূমি জিলিকাই তুলিছে সৰিয়হ খেতিৰে। ‘আমাৰ সকলোৰে অৰ্থনৈতিক স্বাৱলম্বনৰ বাবে কিবা এটা কৰাৰ খুব হেঁপাহ। কিন্তু কি কৰিম সেয়া নিশ্চিত কৰিব পৰা নাছিলো। যোৱা নৱেম্বৰ মাহত আমি গাঁৱৰ এটা কাৰ্যসূচীত লগ পালো দৰং কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষিবিজ্ঞানী কেইগৰাকীমানক আৰু তেওঁলোকৰ পৰামৰ্শ, সহায়-সহযোগিতা পায়েই আমি মহলাসকল একগোট হৈ কাম আৰম্ভ কৰিলো’। শেৱালি কলিতাই এনেদৰে ব্যক্ত কৰে। লগতে তেওঁ কয় যে, ‘কৃষি বিজ্ঞান কেন্দ্ৰই আমাক উন্নত জাতৰ টি এছ-৩৮ প্ৰজাতিৰ বীজৰ লগতে খেতিত প্ৰয়োগ কৰিবলগা কীটনাশক দ্ৰব্য আদি বিনামূলীয়াকৈ যোগান ধৰিছে’।

     সেইদৰে আন এগৰাকী সদস্যা বিউটি কলিতাই কয়, ‘ব্যক্তিগত ভাড়া ট্ৰেক্টৰৰ জৰিয়তে মাটিখিনি চহোৱা হৈছিল আৰু তাৰ বাবে আমি প্ৰত্যেক গৰাকী মহিলাই নগদ এহাজাৰ টকাকৈ বহন কৰিছিলো’। তেওঁ লগতে আৰু কয়, ‘খেতিৰ বাকী কাম যেনে- সাৰ দিয়া, গুটি সিঁচা, বন চাফা কৰা আৰু খেতিডৰা পোহনীয়া গৰু-ছাগলীৰ পৰা ৰক্ষা কৰা আমি মহিলাসকলে পালপাতি কৰিছো’। ইয়াৰ মাজতে খৰাংসদৃশ পৰিস্থিতি আৰু জলসিঞ্চনৰ অভাৱৰ বাবে পথাৰত প্ৰয়োজনীয় পানী যোগানৰ বাবে মহিলাসকলে যথেষ্ট কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছে। এই সম্পৰ্কত আন এগৰাকী সদস্যা প্ৰেমলতা চহৰীয়া কলিতাই কয়- ‘কালপানী বোৱঁতী জলসিঞ্চন প্ৰকল্প আদি অঞ্চলটোৰ কেবাখনো জলসিঞ্চন আঁচনি বছৰ বছৰ ধৰি অকাৰ্যক্ষম হৈ পৰি থকাত আমাৰ যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। তথাপি মহিলাসকলে বিঘাই প্ৰতি তিনি-চাৰি মোনকৈ সৰিয়হ উৎপাদন পাব বুলি প্ৰচুৰ আশাবাদী’।

ইফালে এই সমগ্ৰ কাম-কাজৰ তত্ত্বাৱধানৰ দায়িত্বত থকা কৃষিবিজ্ঞানী ৰিংকুমণি ফুকনে এই সন্দৰ্ভত জনোৱা মতে তেওঁলোকে ২০১৬-১৭ বৰ্ষৰ ৰবি শস্যৰ বতৰত দৰং জিলাৰ আন ছখন গাঁৱৰ লগতে চকীয়াপাৰাত ‘ক্লাষ্টাৰ প্ৰদৰ্শনী’ৰ অধীনত এই কাৰ্য্যসূচী গ্ৰহণ কৰিছে। অৱশ্যে এই ক্ষেত্ৰত চকীয়াপাৰা গাঁও ব্যতিক্ৰম, কিয়নো আনকেইখন গাঁৱত পুৰুষক জড়িত কৰোৱাৰ বিপৰীতে ইয়াত কেৱল মহিলাকহে জড়িত কৰোৱা হৈছে। কৃষিবিজ্ঞানীগৰাকীয়ে লগতে প্ৰকাশ কৰা মতে অঞ্চলটোত পূৰ্বে এম-২৭ প্ৰজাতিৰ বীজ ব্যৱহাৰ কৰি প্ৰতি বিঘাত ডেৰ-দুই মোন সৰিয়হ পাইছিল। কিন্তু এইবাৰ উন্নত টি এছ-৩৮ প্ৰজাতিৰ বীজ প্ৰয়োগ কৰা হৈছে, যাৰ পৰা প্ৰতি বিঘাত তিনি মোনতকৈ অধিক উৎপাদন সক্ষম হ’ব।

                                                                                (উৎসঃ সাদিন, গণেশ দত্ত)।

English Summary: Women from Darrang District become financially sound by mustard cultivation

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.