Krishi Jagran Assam
Menu Close Menu

ওৰাঙৰ দিব্যাংগ মুক্তিকামৰ কৰ্মস্পৃহাঃ

Saturday, 29 June 2019 02:54 PM

    ভাৰতৰ স্বাধীনতা আন্দোলনত মুক্তি সেনানী ৰূপে অংশগ্ৰহণ কৰা ওৰাঙৰ কাঠপুৰী গাঁৱৰ ৰাউনীবালা কোচ এগৰাকী মহীয়সী নাৰী, অঞ্চলটোৰ পৰম গৰিমা। তেওঁৰেই পৰিনাতি মুক্তিকাম বৰুৱা এজন স্নাতক ডিগ্ৰীধাৰী বিশেষভাৱে সক্ষম যুৱক। গাঁৱখনৰ একমাত্ৰ বৰুৱা উপাধিধাৰী পৰিয়ালৰ প্ৰয়াত মহেন্দ্ৰ বৰুৱা আৰু বিমলা বৰুৱাৰ পাঁচ পুত্ৰ, দুই কন্যাৰ কনিষ্ঠ মুক্তিকাম। জন্ম (৩০-০৫-১৯৮০)-ৰ পাছত দুৰ্ভাগ্যক্ৰমে পলিঅ’ ৰোগাক্ৰান্ত হৈ দুই ভৰি অক্ষম হয় মুক্তিকামৰ। পৰিয়ালৰ মৰম-আদৰ আৰু যত্নৰ ফলত ১৯৯০ চনত গাঁৱৰে নগাঁও দফলাপোটা প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষা সাং কৰি ওৰাং এম ই স্কুলত নামভৰ্তি কৰে তেওঁ। ১৯৯৬ চনত ওৰাং হাইস্কুলৰ পৰা মেট্ৰিক আৰু ১৯৯৮ চনত ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা (বিজ্ঞান শাখা) উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা কৃতিত্বৰে উত্তীৰ্ণ হয়। শাৰীৰিকভাৱে প্ৰতিবন্ধী হৈও জীৱন ৰণৰ সৈনিক মুক্তিকামে ২০০৩ বৰ্ষত (ঘৰৰ পৰা প্ৰায় ১৭ কিঃ মিঃ) নিলগৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ) লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ পৰা বি.এ. পাছ কৰে। বহু কাৰুণ্য আৰু কষ্টৰ মাজতে দিব্যাংগ মুক্তিয়ে নিশকতীয়া ভৰি দুখনেৰে কৃষি কৰ্মত আত্মনিয়োগ কৰে। এই ক্ষেত্ৰত তেওঁ দৈনিক বনুৱাৰ সহায়ো লয়। উপযুক্ত শিক্ষাৰে শিক্ষিত মুক্তিকামে শাৰীৰিক প্ৰতিবন্ধকতাৰ পৰা কিছু উপশম প্ৰাপ্তিৰ আশাৰে ২০০৪ চনত স্থানীয় এখন এম ই স্কুলত বিজ্ঞান শিক্ষক ৰূপে নিয়োজিত হয়। স্বীকৃতিপ্ৰাপ্ত এই বিদ্যালয়খন প্ৰাদেশিকীকৰণ নোহোৱাত বিদ্যালয়ৰ সমূহ শিক্ষক-কৰ্মচাৰীৰ লগতে মুক্তিকামো আশাহত হয়। চৰকাৰী স্থায়ী সংস্থাপনৰ আশাত তেওঁ শিক্ষা, স্বাস্থ্য, সমাজ কল্যাণ আদি বিভিন্ন বিভাগৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হৈও বঞ্চিত হৈ আহিছে। বিশেষভাৱে সক্ষম শিক্ষিত লোকৰ বাবে থকা চৰকাৰী সংৰক্ষণ, সা-সুবিধাৰ আওতাৰ বাহিৰতে আজিও কৰ্মসংস্থাপনহীন হৈ ৰৈ গ’ল মুক্তিকাম।

             তথাপি নিষ্কৰ্মা নহৈ তেওঁ আজিও ঘৰতে বহুমুখী ক্ষুদ্ৰ উপাৰ্জনৰ হেতু গ্ৰাম্য আঁচনিত ব্ৰতী হৈ আহিছে। পৈতৃক সম্পত্তি হিচাপে লাভ কৰা ৬ বিঘা খেতিমাটিত শালি খেতি কৰি মুখ্য উপাৰ্জনৰ পথ সুগম কৰি ৰাখিছে। দুই বিঘা মাটিত সেউজীয়া সোণৰূপে আছে তামোল-পাণ, কমলা, কল, বাঁহগছ আদি। পথাৰৰ ওখ মাটিত উৎপাদন কৰে আলু, ৰঙালাউ আদি উপৰুৱা খেতি। ইপিনে, পুখুৰীৰ পানী ঢৌৱাই খলকনি তুলি থকা ৰৌ, ভকুৱা, মিৰ্গা, কাৱৈ, ছিলভাৰ, মাগুৰ, মোৱা, পুথি, ডঁৰিকণা আদিৰ উপৰি গোহালিত দুজনী ক্ষীৰতী গাই, গড়ালত হাঁহ-মুৰ্গী আদিবোৰেও তেওঁৰ খাদ্য চাহিদা পূৰোৱাৰ লগতে ব্যৱসায়িক উপাৰ্জনৰ অন্যতম উৎস ৰূপে পৰিগণিত হৈ আহিছে। এই আটাইবোৰৰ লালন-পালন, চোৱাচিতা কৰে মনোবল আৰু কৰ্মস্পৃহাৰে কাঠপুৰীৰ দিব্যাংগ যুৱক মুক্তিকামে। বাৰিষাৰ পথাৰত আলিৰ কাণ কটা, কঠীয়া তোলা, সোণালী আঘোণৰ পথাৰত ধান কটা, ঘাঁহ কটা, চোতালত মৰণা মৰা, ভাত বনোৱা, কাপোৰ ধোৱা সকলো কামতে নিপুণ তথা আগৰণুৱা মুক্তিকামৰ জীৱন পৰিক্ৰমা বিচিত্ৰ কৌতূহলপূৰ্ণ। কাম কৰি, খোজ কাঢ়ি আৰু চাইকেল চলায় ক্ষীণকায় ভৰিৰ বিষত প্ৰায়ে অসুস্থ হৈও কৰ্মযুঁজত বাধ্য হৈয়ে লাগি পৰে। তেওঁৰ আশাৰ চৰকাৰী চাকৰিটো হ’বনে ? ৩৭ বছৰ বয়সোৰ্ধ্বৰ মুক্তিকাম বৰুৱাই (উপযুক্ত) শিক্ষিত যুৱক আৰু বিশেষভাৱে সক্ষম হোৱা হেতুকে ৰজাঘৰীয়াৰ দৃষ্টি পৰিবনে তেওঁৰ ওপৰত ?

                                                                  (উৎসঃ নিয়মীয়া বাৰ্তা, অতুল চন্দ্ৰ নাথ, ওৰাং)।

Dibyangjan becomes a successful farmer :

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2019 Krishi Jagran Media Group. All Rights Reserved.