1. সফল কাহিনী

হাজোৰ আব্দুল আৰু সীমান্তই কৰিছে বিদেশীমূলৰ শাক-পাচলিৰ খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR

অসমত বৰ্তমান চাহিদা বাঢ়িছে বিদেশীমূলৰ শাক-পাচলি। চেলেৰি, চুইট বেচিল, থাই বেচিল, চাইনীজ বন্ধাকবি, ৰোমান পালেং, ৰঙা পালেং, সেউজীয়া পালেং, ৰঙা বন্ধাকবি, ব্ৰকলী, চেৰি বিলাহী, বেবী আলু, ৰঙা-হালধীয়া-সেউজীয়া কেপচিকাম, হালধীয়া জুক্কিনী, শতমূল, লেমন গ্ৰাচ, লিক আদি উচ্চমূল্যবিশিষ্ট বিদেশী শাক-পাচলিবোৰ অসমত উতপাদন নহয়। কিন্তু এইবোৰৰ এখন বৃহত বজাৰ আছে অসমত। শেহতীয়াকৈ এইবজাৰখনৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ দুই এজন কৃষকেও আৰম্ভ কৰিছে এই বিদেশীমূলৰ শাক-পাচলিসমূহৰ খেতি।

এনেদৰে বিদেশীমূলৰ শাক-পাচলিৰ খেতি কৰি সুফল লাভ কৰা অসমৰ দুগৰাকী কৃষক হ’ল- হাজো উন্নয়নখণ্ডৰ শিলগুৰি টাঙোনমাৰি গাঁৱৰ সীমান্ত দাস আৰু আব্দুল জলিল। দুয়োগৰাকী কৃষকে বজাৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি চেলেৰি, চুইট বেচিল, থাই বেচিল, চাইনীজ বন্ধাকবি, ৰোমান পালেং, ৰঙা পালেং, সেউজীয়া পালেং, ৰঙা বন্ধাকবি, ব্ৰকলী, চেৰি বিলাহী, বেবী আলু, ৰঙা-হালধীয়া-সেউজীয়া কেপচিকাম, হালধীয়া জুক্কিনী, শতমূল, লেমন গ্ৰাচ, লিক আদি উচ্চমূল্যবিশিষ্ট বিদেশী শাক-পাচলি খেতি কৰি যথেষ্ট লাভান্বিত হৈছে। আব্দুল জলিলে প্ৰাৰম্ভিক অৱস্থাত সাধাৰণ কৃষকৰ দৰেই ফুলকবি, বন্ধাকবি, বিলাহী, বেঙেনা আদিৰ খেতি কৰিয়েই সন্তুষ্ট আছিল কিন্তু বজাৰত এই শাক-পাচলিসমূহৰ চাহিদা লক্ষ্য কৰি আব্দুল জলিলে ঢাপলি মেলিলে মধ্যপ্ৰদেশ আৰু ৰাজস্থানলৈ।

তাতে তেওঁ এই খেতিসমূহ কিদৰে কৰিব পাৰি তাৰ তাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ। য’ত তেও হাতে-কামে শিকিবলৈ সক্ষম হল এইবোৰ বিদেশী পাচলি উৎপাদন কৰিবলৈ। বহিঃৰাজ্যত এনেবোৰ পাচলিৰ খেতি কৰিবলৈ যিমান কষ্ট আৰু খৰচ তাৰ তুলনাত অসমত অতি সহজতে এইবোৰ কৰিব পাৰি বুলি তেওঁ অনুভৱ কৰিলে। বানাক্ৰান্ত অঞ্চলত মাথাউৰিৰ ভিতৰৰ মাটিতে তেওঁ গঢ়ি তুলিলে এখনি পাচলি বাগিচা। নদীৰ পানী কমাৰ পাছতেই অক্টোবৰ মাহৰ পৰা এপ্ৰিল মাহ পৰ্যন্ত এই শাক-পাচলিৰ খেতিসমূহ কৰি আহিছে।

যিবোৰৰ বাবে বজাৰৰ কোনো সমস্যা নাই। বৰ্তমানলৈ তেওঁ ৩৫ বিধ বিদেশী পাচলি অৰ্দাৰ পোৱাৰ পিছতো এতিয়ালৈকে ২৫ বিধমানহে উৎপাদন কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে তেওঁলোকে বাৰিষাৰ বতৰতো কৰিব এই পাচলিসমূহৰ খেতি কৰিব পৰাকৈ নিজ প্ৰচেষ্টাৰেই বাঁহেৰে এক সৰু ছাঁ-জালিকা গৃহ (Shadenet house) আৰু এই গৃহৰ ভিতৰতে স্থাপন কৰিছে হাইদ্ৰপনিক পদ্ধতিৰে উৎপাদন কৰা বিদেশী পাচলিৰ বাগিচা। শেহতীয়াকৈ আব্দুল জলিলৰ লগত লগ হৈছে সীমান্ত দাস নামৰ শিক্ষিত যুৱকো। তেওঁলোক দুয়োজনে আধুনিক কৃষি-প্ৰযুক্তিৰে টাঙোনমাৰী গাঁৱত ওচৰা-ওচৰিকৈ ৩ খনকৈ বিদেশী মূলৰ শাক-পাচলিৰ পাম গঢ়ি উঠিছে।

লগতে পঢ়ক- অক্টোৱৰ মাহতে বুটমাহৰ খেতি কৰিব পাৰি

English Summary: success story

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.