Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 9 September, 2023 5:12 PM IST
Success Story of Parthapratim Pathak

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে ৭০ খনৰো অধিক চিকিৎসালয়ত দৈনিক হাজাৰ হাজাৰ কিলোগ্ৰাম চিকিৎসা আৱৰ্জনা জমা হয়৷ তেজ, পূঁজ লাগি থকা সেই আৱৰ্জনাবোৰ যদি দৈনিক নিষ্কাসন কৰা নহয়, তেতিয়া গুৱাহাটীৰ পৰিৱেশ কদৰ্যময় হ’লহেঁতেন৷ ২০০২ চনৰ পূৰ্বে গুৱাহাটীৰ কিছুমান এলেকাত চিৰিঞ্জ, চেলাইনৰ বটল, কটা আঙুলি, মানৱদেহৰ কিছু অংগকে ধৰি চিকিৎসালয়ৰ আৱৰ্জনা বহুতে পৰি থকা দেখিছিল৷ কিন্তু সেই ভয়লগা পৰিৱেশৰ পৰা এজন অসমীয়া অভিযন্তাই গুৱাহাটীবাসীক উদ্ধাৰ কৰিছে৷ সেইজন আদৰ্শৱান অভিযন্তা পাৰ্থ প্ৰতিম পাঠকৰ আদৰ্শৰে ই সম্প্ৰতি বৰপেটা আৰু উজনি অসমতো জৈৱ চিকিৎসা আৱৰ্জনা সংশোধন নিকায় স্থাপন কৰা হৈছে৷ পাৰ্থপ্ৰতিম পাঠকে ‘ফ্ৰেছ এয়াৰ ৱেষ্ট মেনেজমেণ্ট ছাৰ্ভিচেছ প্ৰাইভেট লিমিটেড আৰু ফোৰ্চটেক ইঞ্জিনীয়াৰিং’ নামৰ প্ৰতিষ্ঠান স্থাপন কৰিছে৷ এই দুটা কোম্পানী পাঠকে শূন্যৰ পৰা আৰম্ভ কৰিছিল৷ এতিয়া তেওঁ প্ৰায় ৬ কোটি টকাৰ মেচিনেৰে ‘সুলভ জৈৱ চিকিৎসা আৱৰ্জনা সংশোধন নিকায়’ আৰু প্লাষ্টিক আৱৰ্জনা পুনৰ্ব্যৱহাৰৰ ব্যৱস্থাৰে কোটি টকাৰ ব্যৱসায় কৰি আছে৷ গুৱাহাটীবাসীক ভয়াৱহ প্ৰদূষণৰ কৱলৰপৰা ৰক্ষা কৰা অসমীয়া অভিযন্তাজনৰ প্ৰতিষ্ঠানত সম্প্ৰতি চাৰিজন অভিযন্তাৰ লগতে ১০০ জন কৰ্মচাৰীয়ে কাম কৰে৷

উল্লেখ্য যে পাৰ্থপ্ৰতিম পাঠকে কটন কলেজৰপৰা উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ অভিযান্ত্ৰিক কলেজত অধ্যয়ন কৰিছিল৷ ইয়াৰ পাছত মুম্বাইস্থিত এটা আন্তঃৰাষ্ট্ৰীয় কোম্পানীত তিনি বছৰ কাম কৰি অসমৰ বাবে কিবা এটা কৰাৰ হেঁপাহত ঘূৰি আহিছিল৷ অসমলৈ আহি ২০০২ চনত গুৱাহাটীৰ এখন চিকিৎসালয়ত কাম কৰিছিল৷ চিকিৎসালয়ত কাম কৰি থকাৰ সময়ত দেখিছিল যে গুৱাহাটীৰ য’তে-ত’তেই তেজ, পূঁজ লগা চিকিৎসা আৱৰ্জনা পৰি থাকে৷ সেইবোৰ বেমাৰৰ কাৰক হ’ব পাৰে বুলি জানি তেওঁ তেনে আৱৰ্জনা নিষ্কাসনৰ চিন্তা কৰিলে৷ কিন্তু চিকিৎসালয়ৰ আৱৰ্জনা ভয়তে কোনেও কঢ়িয়াবলৈ নাহে৷ তেনে কাম কৰিব বিচৰাত একাংশই পাঠকক ‘পাগল’ বুলিও আখ্যা দিছিল৷ দুই-এজনৰ তেনে সমালোচনাক নেওচি তেওঁৰ সম্পূৰ্ণ পৰিকল্পনাৰ কথা ২০০৩ চনত ‘নেডফি’ক অৱগত কৰিলে৷ একেটা বছৰতেই কেন্দ্ৰীয় চৰকাৰে চিকিৎসালয়ৰ আৱৰ্জনা নিষ্কাসনৰ নিয়মাৱলীও জাৰি কৰিছিল৷ নেডফিয়ে অভিযন্তা পাঠকৰ প্ৰস্তাৱ গ্ৰহণ কৰি মেচিন কিনিবৰ বাবে ১২ লাখ টকা ঋণ দিছিল৷ সেই পুঁজিৰেই চিকিৎসা আৱৰ্জনা নিষ্কাসনৰ বাবে এটা মেচিন কিনি পাঠকে কাম আৰম্ভ কৰিলে৷ মেচিন কিনিছিল যদিও তেজ লাগি থকা আৱৰ্জনা, চেলাইনৰ বটল, চিৰিঞ্জ, কপাহ নিষ্কাসনৰ বাবে মানুহ আগবাঢ়ি অহা নাছিল৷ পাঠকে নিজেই সেই কাম কৰিছিল৷ সময়ৰ গতিত বিভিন্ন প্ৰত্যাহ৩ান নেওচি পাৰ্থপ্ৰতিম পাঠকে এতিয়া অসমৰ চিকিৎসালয়ৰ আৱৰ্জনা নিষ্কাসনৰ আদৰ্শ পুৰুষ হৈ পৰিছে৷ গুৱাহাটীত প্ৰথম আৰু একমাত্ৰ পাৰ্থপ্ৰতিম পাঠকৰ প্ৰতিষ্ঠানটোৱেই আছিল৷ সম্প্ৰতি পাঠকৰ পৰামৰ্শত বৰপেটাত তেনে এটা প্ৰতিষ্ঠান হৈছে৷

লগতে পঢ়ক- 

মাহিলি ৪ লাখ টকা উপার্জন, ৫০ গৰাকীক কর্মসংস্থাপন ডিমৌৰ অৰ্চনা বৰদলৈৰ

অভিযন্তা পাৰ্থপ্ৰতিমে কয় যে গুৱাহাটীৰ ৭৫ কিলোমিটাৰ ব্যাসাদ্ধৰ্ত থকা ৭০ খন চিকিৎসালয় আৰু লেবৰেটৰীৰ পৰা দৈনিক চিকিৎসা আৱৰ্জনা সংগ্ৰহ কৰি তেওঁৰ প্ৰতিষ্ঠানত নিষ্কাসন কৰা হয়৷ গুৱাহাটীৰ ৭০ খন চিকিৎসালয়ৰপৰা দৈনিক ১২ খনে ট্ৰাকেৰে চিকিৎসা আৱৰ্জনা সংগ্ৰহ কৰি পানীখাইতীৰ প্ৰতিষ্ঠানত নিষ্কাসন কৰা হয়৷ গুৱাহাটীৰ ভিতৰৰ পৰাই দৈনিক ৩০০০ কিলোগ্ৰামকৈ ‘বায়’মেডিকেল জাবৰ’ সংগ্ৰহ কৰা হয়৷ পাঠকে কয় যে চিকিৎসালয়ৰ প্ৰতিখন বেডৰপৰা আমাৰ নিজা গাড়ীৰে আৱৰ্জনা সংগ্ৰহ কৰাৰ বাবদ চিকিৎসালয়ে ধন দিয়ে৷ ২০১৬ চনৰ নিয়মাৱলীৰ অধীনত আমি চিকিৎসালয়ৰ পৰা এখন বেডত ৯ টকাকৈ পাওঁ৷ যদি এখন চিকিৎসালয়ত ১০০ খন বেড থাকে দৈনিক সেই চিকিৎসালয়ে ৯০০ টকাকৈ আমাক দিব লাগে৷ এনেদৰে ৭০ খন চিকিৎসালয়ৰপৰা দৈনিক চিকিৎসা আৱৰ্জনা সংগ্ৰহ কৰি নিষ্কাসন কৰা হয়৷

কপাহ আদি পণ্য আৱৰ্জনা মেচিনৰ সহায়ত পুৰি পেলোৱা হয়৷ বাকী চিৰিঞ্জ, চেলাইনৰ বটল আদি মেচিনৰ সহায়ত টুকুৰা টুকুৰ কৰি সংশোধন কৰা হয়৷ সংশোধন কৰা আৱৰ্জনা পুনৰ্ব্যৱহাৰৰ উপযোগী কৰিবৰ বাবে অন্য প্ৰতিষ্ঠানত বিক্ৰী কৰা হয়৷ তেওঁ কয় যে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ পৰা অনুজ্ঞাপত্ৰ লৈ এই কাম কৰা হৈছে৷ আৰু কঠোৰ নিয়মাৱলীৰ অধীনত আৱৰ্জনা পুৰি পেলাব লাগে৷ কোভিডৰ সময়ত আৱৰ্জনা অধিক হৈছিল৷ সেই সময়ত অধিক প্ৰত্যাহ৩ানৰ মাজত কাম কৰিবলগীয়া হৈছিল৷ পাঠকে লগতে কয়– আমাৰ এটা প্লাষ্টিক উদ্যোগ আছে৷ প্লাষ্টিক আৱৰ্জনাসমূহ পুনৰ্ব্যৱহাৰৰ বাবে প্ৰতিষ্ঠানটোত কাম কৰা হয়৷ ফ্ৰেছ এয়াৰ ৱেষ্ট মেনেজমেণ্ট ছাৰ্ভিচেছ প্ৰাইভেট লিমিটেড আৰু ফোৰ্চটেক ইঞ্জিনীয়াৰিঙৰ জৰিয়তে আমি উপাৰ্জন কৰিছোঁ যদিও ৰাইজ উপকৃতও হৈছে৷ পাৰ্থপ্ৰতিম পাঠকে কয় যে যি সময়ত আমি চিকিৎসা আৱৰ্জনা নিষ্কাসনৰ কথা ভাবিছিলোঁ লাভৰ কথা চিন্তা কৰা নাছিলোঁ৷ গুৱাহাটীবাসীক চিকিৎসালয়ৰ আৱৰ্জনাৰ বিপদৰপৰা উদ্ধাৰ কৰাৰ কথাহে ভাবিছিলোঁ৷ এতিয়া দেখিছোঁ ৰাইজ যেনেদৰে উপকৃত হৈছে, আমিও যথেষ্ট আয় কৰিব পাৰিছোঁ৷ প্ৰায় ৬ কোটি টকাৰ মেচিন, ১২ খন গাড়ী কিনাৰ লগতে অভিযন্তাসহ দুটা প্ৰতিষ্ঠানৰ জৰিয়তে ১০০ জন কৰ্মচাৰীক দৰমহাও দিব পাৰিছোঁ৷ নতুন নতুন চিন্তাৰে এনেধৰণৰ বহু ব্যৱসায় অসমীয়া যুৱকে দৰিব পাৰে৷ মাথোঁ ৰাইজক সহায় কৰাৰ লগতে উপাৰ্জনৰ যুদ্ধত প্ৰত্যাহ্বা গ্ৰহণ কৰিবলৈ সাজু থাকিব লাগিব৷

লেখক- জিতেন্দ্ৰ কুমাৰ চৌধুৰী

উৎস : জিতেন্দ্ৰ কুমাৰ চৌধুৰীৰ ফেচবুক পোষ্ট

লগতে পঢ়ক- 

মিলেটৰ খেতি আৰু উৎপাদিত সামগ্ৰীৰ উপকাৰিতা ব্যাখ্যা কৰিব মায়াশ্ৰী-মুনমীয়ে

English Summary: Success Story of Parthapratim Pathak
Published on: 09 September 2023, 05:12 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now