1. News

মিলেটৰ খেতি আৰু উৎপাদিত সামগ্ৰীৰ উপকাৰিতা ব্যাখ্যা কৰিব মায়াশ্ৰী-মুনমীয়ে

PANKAJ KHANIKAR
PANKAJ KHANIKAR
G-20ত  বিশ্বৰ ৰাষ্ট্ৰপ্ৰধানৰ পৰিয়ালৰ সন্মুখত অসমীয়াৰ গৌৰৱ মায়াশ্ৰী, মুনমী
G-20ত বিশ্বৰ ৰাষ্ট্ৰপ্ৰধানৰ পৰিয়ালৰ সন্মুখত অসমীয়াৰ গৌৰৱ মায়াশ্ৰী, মুনমী

কাইলৈ অৰ্থাৎ ৯ ছেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া ২০ খন দেশৰ ১৮ সংখ্যক জি-২০ সন্মিলত উদ্যমী মহিলা হিচাপে অসমৰো দুগৰাকী মহিলাই সুযোগ পাইছে। দেশৰ ২০ গৰাকী মহিলাই জি-২০ এইৰ অনুষ্ঠানত ভাগ লোৱাৰ সুযোগ লাভ কৰিছে। এই ২০ গৰাকী উদ্যমী মহিলাৰ ভিতৰত অসমৰ মায়াশ্ৰী বৰুৱা আৰু মুনমী শইকীয়া। জি-২০ লৈ অহা বিভিন্ন দেশৰ ৰাষ্ট্ৰ প্ৰধানসকলৰ পত্নী আৰু পৰিয়ালৰ সদস্যসকলক মিলেটৰ উপকাৰিতা আৰু মিলেটৰ পৰা বিভিন্ন খাদ্য প্ৰস্তুতকৰণ সন্দৰ্ভত বাখ্যা আগবঢ়োৱাৰ দায়িত্বত আছে এই ২০ গৰাকী মহিলাই ৷ আৰু অসমৰ মুনমী আৰু মায়াশ্ৰীয়ে বিদেশী অতিথিৰ সমুখত গুণ গৰিমা বাখ্যা কৰিব অসমৰ কণীধানৰ৷

মিলেটকলৈ লৈ অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত মিলেটৰ খেতি, মিলেটৰ জৰিয়তে উৎপাদিত খাদ্য প্ৰস্তুত কৰা আদি বিভিন্ন দিশৰ বুজ ল’ব ২০খন দেশৰ ৰাষ্ট্ৰ প্ৰধানৰ পৰিয়ালৰ সদস্যসকলে৷ দেশৰ মহিলা উদ্যমীসকলে মিলেটৰ খেতি আৰু খাদ্য প্ৰস্তুতৰ লগতে অন্যান্য দিশত কেনেদৰে আত্মনিৰ্ভৰশীল হ’ব পাৰি, তাৰ পৰ্যালোচনা হ’ব৷ দেশৰ ২০ গৰাকী মহিলাৰ কামৰ খতিয়ান বিশ্লেষণ কৰি ৰাষ্ট্ৰপ্ৰধানৰ পৰিয়ালৰ সদস্যই কিছু জ্ঞান আহৰণো কৰিব৷ তেনে অনুষ্ঠানলৈ অসমৰ মায়াশ্ৰী বৰুৱা আৰু মুনমী শইকীয়া গগৈ আমন্ত্ৰিত হোৱাটো নিশ্চয় গৌৰৱৰ কথা৷

লগতে পঢ়ক- 

Shade Net Farming & its benefit : শ্বেড নেট খেতি আৰু সুবিধাসমূহ

জি-২০ অত মিলেট খেতিৰ বিষয়ে ক’বলৈ নিৰ্বাচিত হোৱা মায়াশ্ৰী গগৈ গুৱাহাটীস্থিত ‘সৌভাগ্য ফুড প্ৰডাক্টছ গৰাকী। সাংবাদিকৰে হোৱা কথা-বতৰাত তেওঁ কয়- মায়াশ্ৰী বৰুৱাই কয়– ‘আমি মিলেটৰ পৰা ভুজিয়া, নিমকি, লাড়ু আদি বিভিন্ন পুষ্টিকৰ খাদ্য প্ৰস্তুত কৰোঁ৷ সেইবোৰ বজাৰত বিক্ৰী হয়৷ ৰাইজেও আদৰি লয়৷ কণী ধানৰপৰা তৈয়াৰী সামগ্ৰীৰে আত্মনিৰ্ভৰশীল হোৱাৰ বাবে আমাক আন্তঃৰাষ্ট্ৰীয় এই সন্মিলনত অংশগ্ৰহণ কৰিবৰ বাবে নিৰ্বাচন কৰিছে৷ লগতে তেওঁ কয়- অনুষ্ঠানত সকলো দেশৰ ৰাষ্ট্ৰ প্ৰধানৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সন্মুুখত মিলেট কি হয়, ইয়াৰ উপকাৰিতা কি মিলেটৰ খাদ্যৰ বিভিন্ন গুণাগুণৰ বিষয়ে ৰাষ্ট্ৰ প্ৰধানৰ পৰিয়ালৰ সন্মুখত উপস্থাপন কৰিব লাগিব৷ আমাৰ সৌভাগ্য যে ২০গৰাকী মহিলাৰ ভিতৰত জি ২০ সন্মিলনৰ বিশেষ অনুষ্ঠানত আমাক ইংৰাজী ভাষাত সকলো কথা ব্যাখ্যা কৰাৰ দায়িত্ব দিয়া হৈছে৷’  

মুনমী শইকীয়া গগৈা  আৰু মায়াশ্ৰী শইকীয়া গগৈ
মুনমী শইকীয়া গগৈা আৰু মায়াশ্ৰী শইকীয়া গগৈ

আনহাতে গোলাঘাটৰ জীয়াৰী মুনমী শইকীয়াই কয় যে অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত মিলেটৰ খেতি কৰোঁ৷ আমি মিলেটৰ খেতি কৰিবৰ বাবে খুমটাই আৰু যোৰহাট কৃষি বিশ্ববিদ্যালয়ত প্ৰশিক্ষণ লৈছিলোঁ৷ নিজে কৰা মিলেটৰ খেতিৰপৰা কেক, বিস্কুট, লাড়ু, বহুমূত্ৰ ৰোগীৰ কেক আদিকে ধৰি বিভিন্ন খাদ্য প্ৰস্তুত কৰোঁ৷ স্বাস্থ্যৰ বাবে উপকাৰী এনেবোৰ খাদ্যই বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰিছে৷ তেনে কাৰণতেই জি ২০ সন্মিলনত এই বিষয়ত গুৰুত্ব দিছে৷ গগৈয়ে কয় যে এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিবৰ বাবে অসমৰ দুগৰাকীৰ ভিতৰত আমাকো নিৰ্বাচন কৰাত উৎসাহ পাইছোঁ৷   

 বি: দ্ৰ: লেখাটো প্ৰস্তুত কৰোঁতে জিতেন্দ্ৰ নাথ চৌধুৰীৰ এটা ফেচবুক পোষ্টৰ সহায় লোৱা হৈছে।

লগতে পঢ়ক- 

Rural business : কৃষিভূমি একেবাৰে কম নেকি, তেন্তে এইকেইটা কাম কৰক

English Summary: Mayashree-Munmi explain benefits of millet cultivation and products at the G-20

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.