Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 19 March, 2022 9:59 AM IST
জলকীয়া খেতিৰে ১৮ লাখ টকা উপাৰ্জন আদৰ্শ কৃষক ভৱেন শালৈৰ

আৰ্থিক অৱস্থা  বেয়া হোৱাৰ বাবেই উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰা অসমৰ ধেমাজি জিলাৰ নিলখ তৰাণি পথাৰৰ নিলখ চাৰিআলিৰ ভবেন শালৈ নামৰ ৩২ বছৰ বয়সৰ যুৱকজনে অলপতে ভোট জলকীয়া বিক্ৰী কৰি ১৮ লাখ টকা উপাৰ্জন কৰিছে৷ ভোট জলকীয়া খেতি কৰি সমগ্ৰ ধেমাজি জিলাত আলোড়ন সৃষ্টি কৰা শালৈয়ে উৎপাদিত ভোট জলকীয়া ভূটানলৈ ৰপ্তানি প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ তেওঁ ভূটানৰ এটা ব্যক্তিগত কোম্পানীৰ লগত বুজাবুজি চুক্তি সম্পন্ন কৰিছে৷ কোম্পানীটোৱে ভবেন শালৈ আৰু তেওঁৰ ৩৬ জন সতীৰ্থ খেতিয়কৰপৰা এক কোটি টকাৰ ভোট জলকীয়া ক্ৰয় কৰিব৷

উল্লেখ্য যে ধেমাজিৰ ভবেন শালৈয়ে উচ্চতৰ মাধ্যমিকত উৰ্ত্তীৰ্ণ হৈ উচ্চ শিক্ষা গ্ৰহণ কৰাৰ মন কৰিছিল৷ কিন্তু পৰিয়ালৰ আৰ্থিক অৱস্থা টনকিয়াল নোহোৱাৰ বাবেই ইলেকট্ৰিকেলত আই টি আই কৰে৷ বহুদিন একো বিশেষ কৰিব নোৱাৰি গাই নদীৰ পাৰত পৰিয়ালৰ ১০ বিঘা মাটিত তেওঁ খেতিত ধৰিলে৷ ডিমাপুৰৰ পৰা ভোট জলকীয়াৰ পুলি,গুটি আনি ৰোপণ কৰিলে৷

এবিঘা মাটিত ভোট জলকীয়াৰ পুলি ৰোপণ কৰিলে তেওঁৰ গড়ে ২১ হাজাৰ টকাকৈ খৰচ হয়৷ প্ৰথমে অলপ অলপকৈ উৎপাদিত সামগ্ৰী ডিমাপুৰত বিক্ৰী কৰিছিল৷ ক্ৰমে লাভ হোৱাত দহ বিঘা মাটিতেই জলকীয়াৰ পুলি ৰোপণ কৰিলে৷ ক্ৰমে অধিক লাভ হ’বলৈ ধৰিলে৷ শালৈয়ে ২০২০ চনত সাত লাখ টকা আৰু ২০২১ চনত চাৰি লাখ টকাৰ ভোট জলকীয়া ডিমাপুৰত বিক্ৰী কৰিছিল৷ চলিত ২০২২ চনৰ প্ৰথম ভাগতেই প্ৰায় ১৮ লাখ টকাৰ ভোট জলকীয়া বিক্ৰী কৰি নিজৰ পূৰ্বৰ সকলো অভিলেখ তেওঁ ভংগ কৰিছে৷

একানপটীয়াকৈ কেইবা বছৰ ভোট জলকীয়াৰ খেতি কৰি আত্মনিৰ্ভৰশীল হোৱা ভবেন শালৈয়ে এই প্ৰতিবেদকক আছুতীয়া সাক্ষাৎকাৰত কয়- ‘মোৰ লাভ হোৱাত বহু বন্ধু আৰু কনিষ্ঠক একে খেতি কৰাৰ প্ৰেৰণা দিছিলোঁ৷ এনেদৰে নিজাকৈ বহু বিঘা মাটিৰ লগতে ৩৬ জন স্হানীয় যুবকৰ জৰিয়তে আন ৮৮ বিঘা মাটিত ভোট জলকীয়া ৰোপণ কৰা হৈছে৷ সকলো মিলি আমি প্ৰতিষ্ঠান এটাও স্হাপন কৰিছোঁ৷ 

ছাত্ৰ ছাত্ৰী সকলৰ কৃষিক্ষেত্ৰ পৰিদৰ্শন

ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ এটা ব্যক্তিগত কোম্পানী এটাই আমাৰ খেতিৰ কথা জানিব পাৰি অলপতে আমাৰ লগত বুজাবুজি চুক্তি কৰিছে৷’  শালৈয়ে আৰু কয় ‘ নিজৰ ১০ বিঘা মাটিৰ জলকীয়া আমি ডিমাপুৰত বছৰি বিক্ৰী কৰি থাকিম৷ কিন্তু ভূটানৰ কোম্পানীটোৱে আমাৰ পৰা ১০ টন ভোট জলকীয়া বিচাৰিছে৷ বুজাবুজি চুক্তি মতে আমি ৩৬ জনে ভূটানক ১০ টন ভোট জলকীয়া যোগান ধৰি এক কোটি টকা উপাৰ্জন কৰিম৷ তেওঁলোকে আমাৰ পৰা ২০২৩ চনটো ১০-১২ টন জলকীয়া কিনিব’ ৷

শালৈয়ে লগতে কয়- আমাৰ ১০ বিঘাৰ খিতি চাবলৈ কৃষি বিশ্ববিদ্যালয়, ওচৰৰ কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ সঘনাই আহে৷ আমাৰ পৰা বহু শিক্ষাৰ্থীয়ে প্ৰেৰণা পাইছে৷ আগন্তুক সময়ত আমি কাঠফুলাৰ খেতিৰ লগতে গাহৰিৰ ফাৰ্মো খোলাৰ মনোনিবেশ কৰিছোঁ৷ নিজেই  এইবাৰ ১৮ লাখ টকা উপাৰ্জন কৰি আন যুৱককো আদৰ্শ দেখুৱাবলৈ সক্ষম হোৱাত আমি আনন্দিত হৈছোঁ৷ কাৰন সকলোৱে মিলিহে আমি সমৃদ্ধিশালী ভাৰত আৰু অসম গঢ়িবলৈ সক্ষম হ’ম৷

অসমৰ ধেমাজি-লক্ষিমপুৰ জিলাৰ যুৱকৰ আদৰ্শ হৈ পৰা ভবেন শালৈয়ে আৰু এই প্ৰতিবেদকক কয়- ‘ কৃষিক এক লাভজনক আৰু আকৰ্ষণীয় বৃত্তিলৈ ৰুপান্তৰিতকৰণ কৰিব পাৰিব লাগিব৷ মদ  ভাং আৰু নিচাযুক্ত দ্ৰব্য, মটৰ চাইকেল, ম’বাইল আদিৰ সলনি যুৱ প্ৰজন্মক কৃষিৰ প্ৰতি আকৰ্ষণ কৰিব পাৰিলে চৰকাৰে লাখ লাখ নিবনুৱাক সংস্হাপন দিব পাৰিব৷ আমাৰ যুৱ প্ৰজন্মক এনে সুযোগ দিব লাগে যাতে তেওঁলোকে কৃষিক মূল বৃত্তি হিচাপে লৈ আৰ্থিক সচ্ছলতাৰ লগতে অসমৰ বিকাশৰ হাৰ বৃদ্ধি কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিব পাৰে৷

লেখক জিতেন্দ্ৰ কুমাৰ চৌধুৰী

ফোন নম্বৰঃ ৯৮৬৪০-৩৭৪১৬

লগতে পঢ়কঃ ৰাজ্যৰ নিবনুৱাৰ বাবে আদৰ্শ স্বৰূপ কলং কপিলী

English Summary: Success stories of Farmer Bhaben Saloi
Published on: 19 March 2022, 09:37 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now