Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 20 January, 2023 7:30 AM IST
musterd cultivation

শিৱসাগৰ জিলাৰ বকতাৰ এদল যুৱকে কৃষি কাৰ্যৰে উদাহৰণ দাঙি ধৰিছে৷ কৃষি বিভাগে প্ৰদান কৰা সৰিয়হ বীজেৰে দিচাং নদী কাষৰ প্ৰায় ২০০ বিঘা পলসুৱা ভূমিত তেওঁলোকে কৰিছে সৰিয়হৰ খেতি৷ হালধীয়া হৈ থকা সৰিয়হদৰালৈ আহিছে বনভোজ দলো৷ শিৱসাগৰ জিলাৰ বকতাৰ এদল যুৱ কৃষকে কৃষিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। দিচাং নদীৰ পলসুৱা ভূমিত বৃহৎ উৎপাদনৰ লক্ষ্যৰে কৃষিকাৰ্য আৰম্ভ কৰিছে ৪২ জন যুৱকে। বকতা কুকুৰাছোৱাৰ জালুকণিত হাবি-জংঘলেৰে আৱৰি থকা প্ৰায় ২০০ বিঘা চন পৰি থকা ভূমি পৰিষ্কাৰ কৰি প্ৰথমে বিভিন্ন শাক পাচলিৰ লগতে এইবাৰ প্ৰথমবাৰৰ বাবে সৰিয়হৰ খেতি কৰিছে যুৱ কৃষক কেইজনে।

যুৱ কৃষকসকলে "মোমাই তামুলী বহুমুখী সমবায় সমিতি লিমিটেড" নামেৰে এখন কৃষি পাম গঢ়ি তুলিছে। সৰিয়হ, শাক-পাচলিৰ লগতে পাম খনত তামোল, নেমু আদিৰ পুলি ৰোপন কৰিছে যুৱ কৃষক কেইজনে৷

পাম খন গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ ভাৱে সহায় কৰিছে থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ লগতে অসম চৰকাৰৰ কৃষি বিভাগে৷ আগন্তুক দিনত এই পামখনত ব্ৰয়লাৰ, লেয়াৰ, গাহৰি, গৰু, ছাগলী আৰু মীন পালন কৰিব কৃষকসকলে৷ লগতে চৰকাৰৰ অমৃত সৰোবৰ আঁচনিৰ জৰিয়তে দুটা বৃহৎ পুখুৰী লাভ কৰিছে কৃষককেইজনে।

শিৱসাগৰ জিলা কৃষি বিভাগে যুৱ কৃষকসকলক প্ৰদান কৰা উন্নত জাতৰ সৰিয়হ আৰু আলুৰ বীজ  ৰোপন কৰি অধিক উৎপাদনৰ পথত আগবাঢ়িছে কৃষককেইজন। প্ৰতিবিঘা মাটিত এইবাৰ অতি কমেও ২-৩ কুইণ্টল সৰিয়হ উৎপাদনৰ লক্ষ্য লৈছে যুৱ কৃষককেইজনে। আনহাতে চৰকাৰৰ ফালৰপৰা জলসিঞ্চনৰ সুবিধাও লাভ কৰিছে কৃষককেইজনে৷

লগতে পঢ়কঃ Important Pig Breeds: এইকেইটা গাহৰি পালন কৰিলে লাভ কৰিব অধিক মুনাফা

English Summary: Sivasagar musterd cultivation
Published on: 19 January 2023, 05:13 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now