Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 9 November, 2022 3:41 PM IST
পাগলাদিয়াৰ বালিচাপৰিত ৰঙালাওৰ খেতিৰে কৃষি বিপ্লৱ

পাগলাদিয়াৰ পলসুৱা বালিচাপৰিৰ উৰ্বৰ ভূমিত স্বাভিমানী কেইজন মান যুৱকে নিজৰ কৰ্মসংস্কৃতিৰে কৃষিৰ পৰা পৰ্যটনলৈ এক অবিৰত যাত্ৰাৰে স্বাৱলম্বিতাৰ নিদৰ্শন ডাঙি ধৰিবলৈ সক্ষম হৈছে৷ নলবাৰী জিলা সদৰৰ নাতিদূৰত পাগলাদিয়াৰ বালিচাপৰিত চন পৰি থকা এশ বিঘা ভূমিৰে আৱৰি থকা মাটিকালি আগুৰি ২০১২ চনৰ ৩০ এপ্ৰিলত  বালিতাৰা বিপুল হালৈ নামৰ যুবক জনে মৈৰাদোঙা গাঁৱৰ চাৰিজন যুবক ক্ৰমে কৈলাশ হালৈ ,নকুল হালৈ, ফনীন্দ্ৰ হালৈ আৰু নাৰায়ন হালৈ ক লগত লৈ শংকৰদেৱ জৈৱিক কৃষি পাম,  মৈৰাদোঙা, নামেৰে নামাকৰন কৰি  কৃষিৰে সংস্থাপনৰ বাট মুকলি কৰিবলৈ প্ৰয়াস কৰিছিল৷

বিপুল হালৈক সভাপতি, কৈলাশ হালৈক সম্পাদক হিচাপে লৈ পোনতে নদীৰ বালিচাপৰিৰ চন পৰি থকা তথা বন জংঘল আৱৰি থকা মাটি খিনি উপযুক্তভাৱে চহ কৰি খেতি আৰম্ভ  কৰে৷ পোনতে জিকা, ভেণ্ডি, ৰঙালাও, জাতিলাও আদি নানা তৰহৰ খেতি লগায়৷ প্ৰথম বছৰতে মাত্ৰ দুবিঘা মাটিত উৎপাদিত ৰঙালাও বিক্ৰী কৰি বিঘাই প্ৰতি ৩৫ হাজাৰ টকা পাবলৈ সক্ষম হৈছিল৷ পিছৰ বছৰত অকল ৰঙালাওৰ খেতিৰ পৰাই ১৪/১৫ লাখ টকা লাভ কৰি সফলতা অৰ্জন কৰাত পৰৱৰ্তী বছৰৰ পৰাই আগতীয়াকৈ ৰঙালাওৰ খেতি এক ব্যাতিক্ৰমী পদ্ধতিৰে কৰিবলৈ লয় ৷ প্ৰতি বছৰে ৰঙালাওৰ সমান্তৰালভাৱে জাতিলাওৰ খেতি কৰাৰ পাছত পুনৰ বতৰ অনুযায়ী সৰিয়হৰ খেতি কৰি আহিছে৷ পৰবৰ্তী সময়ত নলবাৰী জিলা কৃষি বিজ্ঞান কেন্দ্ৰ আৰু কৃষি বিভাগৰ পৰা পোৱা প্ৰশিক্ষণ, দিহা-পৰামৰ্শমতে পাগলাদিয়াৰ উৰ্বৰ ভূমিত এশ বিঘা মাটিত ৰঙালাও ,জাতিলাও, সৰিয়হৰ খেতি বছৰৰ পাছত বছৰ ধৰি কৰি আহিছে৷

যুবক সকলে ৰঙালাও ৰ খেতিৰ ফচল উৎসাহজনক হোৱাত এতিয়া ৰঙালাও খেতিৰে বজাৰ দখল কৰি সু-খ্যাতি অৰ্জন কৰি জিলাখনৰ পৰিধি ভাঙি ৰাজ্যবাসীৰ মাজতে বেচ খলকনি তুলি ৰাজ্যখনৰ কৃষিঅৰ্থনীতিত এক নতুন ধাৰা সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷  ৰাজ্যৰ খোদ কৃষি  মন্ত্ৰী অতুল বৰাকে ধৰি আন আন মন্ত্ৰী- আমোলা-বিষয়াৰ তথা কৃষিৰ প্ৰতি আনুগত্য থকা অনেকজন লোকে পৰিদৰ্শন কৰি যুব কৃষক সকলক উৎসাহিত কৰি আহিছে৷ কৃষি পাম খনৰ চৌহদ টো বৰ আকৰ্ষণীয় কৰি তোলাৰ লগতে পাম খনৰ চৌপাশে কিছু উদ্যান শস্যৰ খেতিও লগাইছে৷ বিগত দহবছৰীয়া কৃষিকাৰ্যৰ অভিঞ্জতাপুষ্ট পাঁচগৰাকী যুবকে এইবেলিও বাৰিষাৰ কালৰ অৰ্থাৎ আগষ্ট মাহতে ৰঙালাওৰ গুটি সিচি দিয়াত পথাৰত আগতীয়াকৈ ৰঙালাও উৎপাদন হোৱাত এইবেলি উৎপাদন যথেষ্টখিনি ভাল হৈছে৷

এওঁলোকে জনোৱা মতে এইবেলি বছৰৰ শেষলৈকে বিশ লাখতকৈও অধিক টকা পাবলৈ সক্ষম হ’ব৷ তাৰোপৰি পাঁচবিঘা মাটিৰ আৱতৰীয়া জাতিলাও ৰ পৰাও ৪/৫ লাখ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷ প্ৰতিদিনে এতিয়া খুচুৰা পাইকাৰী গ্ৰাহক তথা গাড়ী-মটৰ ভৰি থকা পথাৰ খনে এক সুকীয়া মাত্ৰা প্ৰদান কৰিবলৈও সক্ষম হৈছে৷ পাগলাদিয়াৰৰ উৰ্বৰ ভূমিত উৎপাদিত শস্যৰাজিৰ মনোমোহা দৃশ্য ৰ লগতে পাগলাদিয়াৰ  নৈসৰ্গিক দৃশ্যৰ সমাহাৰে এক বিনন্দীয়া ৰূপলোৱাত এতিয়া কৃষি পৰ্যটনৰ বাট মুকলি কৰিবলৈও সক্ষম হৈছে শংকৰদেৱ জৈৱিক কৃষি পাম খনে৷ আজিৰ পৰা দুটা বছৰ পূৰ্বে নলবাৰী জিলাৰ তেতিয়াৰ উপায়ুক্ত বৰ্তমানৰ অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰীৰ পৰামৰ্শমতে শংকৰদেৱ জৈৱিক কৃষি পাম খনক পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিবলৈও যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে৷

ইতিমধ্যেই আজি দুবছৰে কৃষিপামৰ সমান্তৰালভাৱে পৰ্যটনক্ষেত্ৰখনেও যথেষ্টখিনি অৰিহনা যোগাই আহিছে৷ কৃষিপামৰ খনৰ সভাপতি বিপুল হালৈয়ে জনোৱা মতে কৃষিপামৰ সৈতে পৰ্যটন আৰম্ভ কৰাত বিশেষকৈ স্কুল-কলেজ,  ছাত্ৰ-ছাত্ৰী শিক্ষক,  শিক্ষয়িত্ৰী সকল আহি যথেষ্টখিনি উপকৃত হৈছে৷ কৃষিপাম খনৰ জৰিয়তে পাঁচগৰাকী যুৱকে আত্মসংস্থাপনৰ নতুন বাট মুকলি কৰাৰ উপৰিও আন ২৫ টা পৰিয়ালৰ পেটৰ ভাত মোকলাবলৈ সক্ষম হৈছে। ইপিনে শংকৰদেৱৰ জৈৱিক কৃষি পামৰ সভাপতি বিপুল হালৈ ক indian council of agricultural research ( ইণ্ডিয়ান কাউন্সিল  এগ্ৰিকালচাৰেল গৱেষণা) ৰ তৰফৰ পৰা “জগজীৱন ৰাম অভিনৱ কিষাণ পুৰস্কাৰ-২০১৯ লাভ কৰাৰ উপৰিও ২০২১ চনত মাইচূড়ত অৱস্থিত “লালবাহাদুৰ শাস্ত্ৰী প্ৰশাসনিক প্ৰশিক্ষন প্ৰতিষ্ঠান”ত আই. এ. এছ ৰ প্ৰফেজনেল কোৰ্চৰ “অমৃত কাল বেটচ্‌” ক কৃষিৰ ওপৰত প্ৰশিক্ষণ দিবলৈ আমন্ত্ৰিত হোৱাৰ লগতে অসম নাট্য সন্মিলনৰ পৰা “কৃষক বঁটা”  লাভ কৰিবলৈও সক্ষম হৈছে৷ পাগলাদিয়াৰ পাৰৰ বালিচাপৰিৰ উৰ্বৰ ভূমিক সম্পদ হিচাবে লৈ  শংকৰদেৱ জ্যোতি কৃষিপামৰ লগতে আন দুখন কৃষিপাম ক্ৰমে বিৰিণা কৃষি পাম আৰু জ্যোতি কৃষিপামৰ যুৱ কৃষক সকলে  আৱতৰীয়া বতৰত  ৰঙালাও উৎপাদন কৰি  নলবাৰী জিলাখনত এক  কৃষিবিপ্লৱৰ সূচনা কৰি  জিলাখনৰ কৃষি অৰ্থনীতি ত্বৰান্বিত কৰিবলৈ সক্ষম হৈছে৷

নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিজ্ঞানী হোমেশ্বৰ মজুমদাৰে জনোৱা মতে নলবাৰীৰ কৃষক সকলে আৱতৰীয়া বতৰত পাঁচশ হেক্টৰ কৃষি ভূমিত কেৱল ৰঙালাও খেতি কৰিয়েই  দুইকোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হ’ব৷ এয়া জিলা খনৰ লগতে ৰাজ্যখনৰ কৃষি অৰ্থনীতিৰ বাবেও গৌৰৱৰ বিষয়৷ ইয়ে নিশ্চয় ৰাজ্যৰ কৃষি ক্ষেত্ৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাৱ৷

উৎপল ডেকা

ফোনঃ ৯৯৫৪৬৪০৯৯৫

লগতে পঢ়ক-বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ পদ এৰি কৃষি বিপ্লৱ বনজিৎ হুছেইনৰ

English Summary: Pumpkin Cultivation at Pagladia
Published on: 09 November 2022, 03:41 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now